--°C
Loading...
Listen to Article
2 min read
80%
কাইলৈ আমি এটা নতুন বছৰক আঁকোৱালি ল'ম। পুনৰ এটা নতুন বৰ্ষই আমাৰ মাজত আহি ভূমুকি মাৰিবহি...আৰু মানুহবোৰে নতুন বৰ্ষৰ প্ৰথম কেইটামান দিন ফোনযোগেৰে, ছ'চিয়েল মিডিয়াৰ যোগেৰে ইজনে-সিজনক শুভকামনাসমূহ জনাব। কিন্তু এটা সময় আছিল, সেই সময়খিনি আছিল গ্ৰীটিংছ কাৰ্ডৰ দিন। 

এতিয়াৰ দৰে ফোনৰ দিন নাছিল। প্ৰায় এক যুগ আগলৈকে গ্ৰীটিংছ কাৰ্ডৰ বহুল জনপ্ৰিয়তা আছিল...তেতিয়া নৱবৰ্ষৰ দুদিনমান আগৰেপৰা নৱবৰ্ষৰ এসপ্তাহ-দহদিনমানলৈ ইজন-সিজনৰ মাজত গ্ৰীটিংছ কাৰ্ডৰ আদান-প্ৰদানবোৰ চলি থাকে। ডিচেম্বৰ মাহৰ দহ-পোন্ধৰ দিন মান পাৰ হৈ যোৱাৰ পাছতেই দোকানসমূহত ৰঙীন গ্ৰীটিংছ কাৰ্ডবোৰ ভৰি পৰে আৰু দোকানলৈ গৈ ৰং-বিৰঙী মৰমলগা কাৰ্ডবোৰ দেখি কোনখন কিনো কোনখন নিকিনো লাগে। 

একেবাৰে সৰু পাঁচ টকীয়া কাৰ্ডখনৰপৰা আৰম্ভ কৰি ডাঙৰ পঞ্চাশ-শ টকীয়া কাৰ্ডখনলৈকে দোকানবোৰ হৈ পৰে উভৈনদী। ফুল-পাত, গছ, চৰাই, পখিলা, পুতলা, বিভিন্ন প্ৰাকৃতিক দৃশ্য থকা কাৰ্ডসমূহ সঁচাকৈ কি যে মৰমলগা আছিল...দেখিলেই মনটো ভাল লাগি যায়...তাৰে মাজৰপৰা কেইখনমান বাছি বাছি কিনি আনি নিজৰ আপোন মৰমৰ মানুহবোৰক দিয়াৰ লগতে কেতিয়াবা কাগজ-ৰং লৈ বিভিন্ন ছবি আঁকি ঘৰতে কাৰ্ড বনাইও দিয়া হয়। 

কাৰ্ডখনৰ ভিতৰত শুভেচ্ছামূলক শাৰী কেইটামান লিখি দিয়াৰ লগতে কাৰ্ডখন ভৰাই দিয়া খামটোৰ ওপৰত দিবলগীয়া জনৰ নামটো লিখি, তলত লিখি দিয়া হয় নিজৰ নামটো...আৰু যেতিয়া কোনোবাই মৰমত আৰু হেঁপাহত দিয়া কাৰ্ডখন খামটোৰ পৰা উলিয়াই হাতত লোৱা হয়, সেইমুহূৰ্তত কিমান যে এটা ভাললগাৰে মনটো ভৰি মুখত এটি হাঁহি বিয়পি পৰে নহয়নে...হয়টো সেই সময়খিনি মনত পৰি আপোনাৰো এই মুহূৰ্তত মুখত এটি মিচিকিয়া হাঁহি বিয়পি পৰিছে। 

গ্ৰীটিংছ কাৰ্ডৰ বহুল প্ৰচলন থকা সময়খিনিত বহুত মানুহৰ ঘৰত গ্ৰীটিংছ কাৰ্ডবোৰ ইখনৰ মূৰত সিখনকৈ লগাই দীঘলকৈ বেৰত আঁৰি সজাই থোৱাটো এটা নিয়মৰ দৰেই আছিল। মানুহৰ  ঘৰত এনেকৈ সজাই থোৱা কাৰ্ডবোৰে মোৰ সৰুকালছোৱাত বৰকৈ আকৰ্ষণ কৰিছিল। সম্পূৰ্ণ এটা বছৰ মানুহবোৰে বেৰত এনেদৰে গ্ৰীটিংছ কাৰ্ডবোৰ ওলমাই ৰাখিছিল। সেই সময়ত এয়া এক প্ৰকাৰৰ গৃহসজ্জাৰ দৰেই আছিল। আজিকালি সেইবোৰ অতীত হ'ল...কাৰ্ড দি শুভেচ্ছা জনোৱা মানুহ প্ৰায় নাই বুলিবই পাৰি... গ্ৰীটিংছ কাৰ্ডে কঢ়িয়াই অনা শুভেচ্ছা বাণীৰ সুখানুভূতি হোৱাটছএপৰ হাজাৰটা শুভেচ্ছাৰ মেছেজেও দিব নোৱাৰে। এতিয়াও নতুন বছৰ আহিলে সেই কথাবোৰ মনত পৰে, আৰু এক সুন্দৰ সুখানুভূতিৰে মনটো জীপাল হৈ পৰে...

- মানসী বৰঠাকুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু