--°C
Loading...
Listen to Article
2 min read
80%
কাইলৈ আমি এটা নতুন বছৰক আঁকোৱালি ল'ম। পুনৰ এটা নতুন বৰ্ষই আমাৰ মাজত আহি ভূমুকি মাৰিবহি...আৰু মানুহবোৰে নতুন বৰ্ষৰ প্ৰথম কেইটামান দিন ফোনযোগেৰে, ছ'চিয়েল মিডিয়াৰ যোগেৰে ইজনে-সিজনক শুভকামনাসমূহ জনাব। কিন্তু এটা সময় আছিল, সেই সময়খিনি আছিল গ্ৰীটিংছ কাৰ্ডৰ দিন। 

এতিয়াৰ দৰে ফোনৰ দিন নাছিল। প্ৰায় এক যুগ আগলৈকে গ্ৰীটিংছ কাৰ্ডৰ বহুল জনপ্ৰিয়তা আছিল...তেতিয়া নৱবৰ্ষৰ দুদিনমান আগৰেপৰা নৱবৰ্ষৰ এসপ্তাহ-দহদিনমানলৈ ইজন-সিজনৰ মাজত গ্ৰীটিংছ কাৰ্ডৰ আদান-প্ৰদানবোৰ চলি থাকে। ডিচেম্বৰ মাহৰ দহ-পোন্ধৰ দিন মান পাৰ হৈ যোৱাৰ পাছতেই দোকানসমূহত ৰঙীন গ্ৰীটিংছ কাৰ্ডবোৰ ভৰি পৰে আৰু দোকানলৈ গৈ ৰং-বিৰঙী মৰমলগা কাৰ্ডবোৰ দেখি কোনখন কিনো কোনখন নিকিনো লাগে। 

একেবাৰে সৰু পাঁচ টকীয়া কাৰ্ডখনৰপৰা আৰম্ভ কৰি ডাঙৰ পঞ্চাশ-শ টকীয়া কাৰ্ডখনলৈকে দোকানবোৰ হৈ পৰে উভৈনদী। ফুল-পাত, গছ, চৰাই, পখিলা, পুতলা, বিভিন্ন প্ৰাকৃতিক দৃশ্য থকা কাৰ্ডসমূহ সঁচাকৈ কি যে মৰমলগা আছিল...দেখিলেই মনটো ভাল লাগি যায়...তাৰে মাজৰপৰা কেইখনমান বাছি বাছি কিনি আনি নিজৰ আপোন মৰমৰ মানুহবোৰক দিয়াৰ লগতে কেতিয়াবা কাগজ-ৰং লৈ বিভিন্ন ছবি আঁকি ঘৰতে কাৰ্ড বনাইও দিয়া হয়। 

কাৰ্ডখনৰ ভিতৰত শুভেচ্ছামূলক শাৰী কেইটামান লিখি দিয়াৰ লগতে কাৰ্ডখন ভৰাই দিয়া খামটোৰ ওপৰত দিবলগীয়া জনৰ নামটো লিখি, তলত লিখি দিয়া হয় নিজৰ নামটো...আৰু যেতিয়া কোনোবাই মৰমত আৰু হেঁপাহত দিয়া কাৰ্ডখন খামটোৰ পৰা উলিয়াই হাতত লোৱা হয়, সেইমুহূৰ্তত কিমান যে এটা ভাললগাৰে মনটো ভৰি মুখত এটি হাঁহি বিয়পি পৰে নহয়নে...হয়টো সেই সময়খিনি মনত পৰি আপোনাৰো এই মুহূৰ্তত মুখত এটি মিচিকিয়া হাঁহি বিয়পি পৰিছে। 

গ্ৰীটিংছ কাৰ্ডৰ বহুল প্ৰচলন থকা সময়খিনিত বহুত মানুহৰ ঘৰত গ্ৰীটিংছ কাৰ্ডবোৰ ইখনৰ মূৰত সিখনকৈ লগাই দীঘলকৈ বেৰত আঁৰি সজাই থোৱাটো এটা নিয়মৰ দৰেই আছিল। মানুহৰ  ঘৰত এনেকৈ সজাই থোৱা কাৰ্ডবোৰে মোৰ সৰুকালছোৱাত বৰকৈ আকৰ্ষণ কৰিছিল। সম্পূৰ্ণ এটা বছৰ মানুহবোৰে বেৰত এনেদৰে গ্ৰীটিংছ কাৰ্ডবোৰ ওলমাই ৰাখিছিল। সেই সময়ত এয়া এক প্ৰকাৰৰ গৃহসজ্জাৰ দৰেই আছিল। আজিকালি সেইবোৰ অতীত হ'ল...কাৰ্ড দি শুভেচ্ছা জনোৱা মানুহ প্ৰায় নাই বুলিবই পাৰি... গ্ৰীটিংছ কাৰ্ডে কঢ়িয়াই অনা শুভেচ্ছা বাণীৰ সুখানুভূতি হোৱাটছএপৰ হাজাৰটা শুভেচ্ছাৰ মেছেজেও দিব নোৱাৰে। এতিয়াও নতুন বছৰ আহিলে সেই কথাবোৰ মনত পৰে, আৰু এক সুন্দৰ সুখানুভূতিৰে মনটো জীপাল হৈ পৰে...

- মানসী বৰঠাকুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক