--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ আৰম্ভ হ'ব এটা নতুন বছৰ। ২০২৩ চনৰ প্ৰথম মাহতেই বহু গ্ৰহৰ ৰাশি সলনি হ’ব, যাৰ প্ৰভাৱ সকলো ৰাশিৰ লোকৰ ওপৰত পৰিব। জ্যোতিষত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে। ২০২৩ চনৰ প্ৰথম দিনটোত কিছুমান কাম কৰিব লাগে আৰু কিছুমান কাম কৰিব নালাগে। নতুন বছৰৰ প্ৰথম দিনটোত কোনবোৰ কাম কৰিব নালাগে আৰু কোনবোৰ লাগে জানো আহক।

নৱবৰ্ষৰ প্ৰথম দিনটোত এই কাম নকৰিব

১) নতুন বছৰৰ প্ৰথম দিনটোত তৰ্ক-বিতৰ্কৰ পৰা বিৰত থাকক।

২) বয়োজ্যেষ্ঠক সন্মান কৰক আৰু কাকো অপমান নকৰিব।

৩) নতুন বছৰৰ প্ৰথম দিনটোত ক’লা কাপোৰ পিন্ধিব নালাগে আৰু মহিলাসকলে বগা কাপোৰ পিন্ধিব নালাগে।

৪) মদ আদি সেৱন নকৰিব। তেনে কৰিলে আৰ্থিক সংকটৰ সৃষ্টি হ’ব পাৰে।

৫) নতুন বছৰৰ প্ৰথম দিনটোত ধাৰ থকা বস্তু ঘৰৰ ভিতৰলৈ আনিব নালাগে বা ব্যৱহাৰ নকৰিব।

৬) এই দিনটোত পাৰ্চ খালী ৰাখিব নালাগে। নতুন বছৰৰ প্ৰথম দিনটোত পাৰ্চটো খালী কৰি ৰাখিলে গোটেই বছৰটো আৰ্থিক সংকটৰ সৃষ্টি হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।

৭) বছৰৰ প্ৰথম দিনটোত ঘৰটো আন্ধাৰ ৰাখিব নালাগে, এই দিনটোত ঘৰটো আন্ধাৰ কৰি ৰাখিলে নেতিবাচক শক্তি আহিব পাৰে বুলি বিশ্বাস কৰা হয়।


নৱবৰ্ষৰ প্ৰথম দিনটোত কি কাম কৰিব লাগে

১) নতুন বছৰৰ প্ৰথম দিনা গা ধোৱাৰ পিছত কপাল আৰু নাভিত কেশৰ তিলক লগাব লাগে। জ্যোতিষৰ মতে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়।

২) জ্যোতিষৰ মতে নতুন বছৰৰ প্ৰথম দিনটোত সেউজীয়া ৰঙৰ কাপোৰ পিন্ধক কেৰিয়াৰত অগ্ৰগতিৰ বাবে।

৩) পদোন্নতি আৰু চাকৰি বৃদ্ধিৰ বাবে ৩১ বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰক।

৪) নতুন বছৰৰ প্ৰথম দিনা হনুমান জীক ৰীতি-নীতিৰে পূজা কৰক।

৫) তুলসীক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। নতুন বছৰৰ প্ৰথম দিনাই ঘৰৰ চোতালত তুলসী ৰোপণ কৰক আৰু পূজা কৰক।

৬) নতুন বছৰৰ প্ৰথম দিনটো দেওবাৰে পৰিছে। এনে অৱস্থাত সূৰ্য্য দেৱতাক পূজা কৰি জল অৰ্পণ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু