--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ এজন ডাক্তৰ আৱেগিক হৈ পৰিল যেতিয়া এটা ৬ বছৰীয়া নিস্পাপ শিশুৱে তেওঁক কৈছিল যে ডাক্তৰ, মোৰ কেন্সাৰ হৈছে, অনুগ্ৰহ কৰি মোৰ মা-দেউতাক এই বিষয়ে নক’ব। বেদনাদায়ক কাহিনীটোৰ আন এটা আৱেগিক দিশ হ’ল এই ক্ষেত্ৰত শিশুটিৰ পিতৃ-মাতৃয়েও চিকিৎসকক অনুৰোধ কৰিছিল যে আমাৰ ল'ৰাটোৰ কেন্সাৰ হৈছে, সেই কথা যেন ল'ৰাটোক নজনায়।  

হায়দৰাবাদৰ এপ’ল’ হাস্পতালত কৰ্মৰত স্নায়ু বিশেষজ্ঞ ডাঃ সুধীৰ গুপ্তাই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে বিশ্ববাসীৰ সৈতে এই হৃদয়বিদাৰক কাহিনী শ্বেয়াৰ কৰিছে। মানুহৰ সংবেদনশীলতাক অতি ভালদৰে বুজি পোৱা ডাক্তৰজনে কয় যে সৰু শিশু এটাই ইমান ডাঙৰ আৰু গুৰুতৰ কথা এটা অতি সহজে কোৱা শুনি তেওঁ আচৰিত হৈছিল।

শিশুটিয়ে ডাঃ সুধীৰ গুপ্তাক কৈছিল- ''ডাক্তৰ ছাৰ, মই জানো মোৰ কেন্সাৰ হৈছে। এই ৰোগৰ কথা মই ইণ্টাৰনেটত পঢ়িছো। প্লিজ মোৰ মাক-দেউতাক এই বিষয়ে একো নক'ব। তেওঁলোক মোৰ কাৰণে বিচলিত হ’ব। দুয়ো মোক বহুত ভাল পায়, প্লিজ তেওঁলোকক একো নক'ব।''

ডাঃ সুধীৰে কয় যে মগজুৰ কৰ্কট ৰোগৰ বাবে মনু নামৰ শিশুটিৰ অস্ত্ৰোপচাৰ কৰা হৈছে। পিতৃ-মাতৃৰ অনুৰোধত তেওঁ সেই শিশুটিক অ’পিডিত লগ পাইছিল। ডাঃ সুধীৰে কৈছিল, ‘মই পিতৃ-মাতৃৰ কথা মানি মনুক মাত দিলোঁ। শিশুটি হুইল চেয়াৰত বহি আছিল। তাৰ হাঁহিভৰা মুখখন আত্মবিশ্বাসেৰে ভৰি আছিল। ডাঃ সুধীৰে লগতে কয় যে এটা সৰু ল’ৰাই পিতৃ-মাতৃৰ প্ৰতি যি ধৰণেৰে মৰম আৰু কেয়াৰ দেখুৱাইছিল, সেইটোৱে মোক আৱেগিক আৰু আচৰিত কৰি তুলিছিল। ডাঃ সুধীৰে এই ঘটনাত চকুলো ওলোৱা বুলিও কয়।

এই টুইটটো পঢ়ি নেটিজেনসকলে মনুৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement