--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিনীয়া সংঘাতে দুয়োখন দেশৰ নাগৰিকৰ মাজত শত্ৰুতা আৰু ঘৃণাৰ দেৱাল প্ৰায়ে শক্তিশালী কৰি তোলে। দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমাৰ দেশৰ এগৰাকী CRPF জোৱানে এগৰাকী পাকিস্তানী যুৱতীক বিয়া কৰালে। পত্নীয়ে এতিয়া পাকিস্তানৰ পৰা সীমান্ত পাৰ হৈ জম্মুৰ জোৱানজনৰৰ গাওঁ ভালৱাললৈ আহিছে। এই বিবাহৰ বিষয়ে সমগ্ৰ জম্মু-কাশ্মীৰত চৰ্চা হৈছে।

দৰাৰ নাম মুনীৰ আহমেদ আৰু কইনাৰ নাম মানেল খান। মানেলে সকলো বৈধ কাগজ-পত্ৰ লৈ শহুৰেকৰ ঘৰলৈ আহিছে। 

মুনীৰ আহমেদ বৰ্তমান ৰিয়াছি জিলাৰ শিৱ খোৰীত কৰ্মৰত হৈ আছে। জম্মু-কাশ্মীৰৰ বাসিন্দা চি আৰ পি এফ জোৱানজন। মুনীৰৰ কইনা মানেল খান পাকিস্তানৰ পঞ্জাৱৰ। 

২০২৪ চনৰ ২৪ মে’ত বিবাহপাশত আবদ্ধ হয় দুয়ো। ভিছা নোপোৱা বাবে দুয়োজনে এক অনন্য পদ্ধতি বাছি লৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিয়া পাতিলে।

আনুষ্ঠানিকভাৱে মুনীৰৰ পত্নী হোৱাৰ পিছত মানেলে ১৫ দিনৰ ভিছা পালে। ইয়াৰ পিছত তেওঁ আত্তৰী-ৱাগাহ সীমান্তৰে ভাৰতলৈ আহিছিল স্বামীক লগ কৰিবলৈ। মানেলৰ শহুৰৰ গৃহই তেওঁৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু পৰম্পৰাগত ৰীতি-নীতিৰে তেওঁক উষ্ম আদৰণি জনাইছিল। মানেলৰ আগমনৰ খবৰ বিয়পি পৰাৰ লগে লগে গাঁৱৰ ৰাইজে পাকিস্তানী কইনাক চাবলৈ গোট খালে। কইনাৰ আগমনৰ লগে লগে দৰাৰ মুখখন জিলিকি উঠিল। বৰ্তমান এই দুয়োৰে কাহিনী সমগ্ৰ জিলাতে চৰ্চা চলি আছে।

মানেল ভাৰতত উপস্থিত হোৱাৰ পিছত চোৰাংচোৱা সংস্থা সষ্টম হৈ আছে। পৰিস্থিতিৰ সংবেদনশীলতাক বুজি আৰক্ষীয়ে তেওঁৰ সকলো কাম-কাজ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে। কিন্তু মানেলৰ শহুৰেকে দাবী কৰে যে তেওঁলোকৰ বোৱাৰীয়ে সকলো সংশ্লিষ্ট সংস্থাৰ পৰা ক্লিয়াৰেন্স লৈ বৈধভাৱে দেশত প্ৰৱেশ কৰিছে। লগতে তেওঁ কয় যে নতুন বোৱাৰীয়ে ঘৰখন চম্ভালি লৈছে আৰু তেওঁলোকক পৰম্পৰাগত ৰাজস্থানী ব্যঞ্জন ৰান্ধি খুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ