--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোনটো এতিয়া প্ৰায় সকলোৰে বাবে জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে৷ দিনটোৰ প্ৰায় ভাগ সময়েই আমাৰ মাজৰে বহুতে মোবাইল ফোনটো পিটিকি থাকিয়েই পাৰ কৰি দিয়ে৷ কিন্তু মোবাইল ফোনৰ ব্যৱহাৰ যিমান পাৰি এৰাই চলিবলৈ পৰামৰ্শ দিছে খোদ ম'বাইল ফোনৰ সৃষ্টিকৰ্তা মাৰ্টিন কুপাৰে৷  

শেহতীয়াকৈ বিবিচিক দিয়া   এক সাক্ষাৎকাৰত ৯৩ বছৰীয়া মাৰ্টিনে এইদৰে কয়: "মই দিনত ৫ শতাংশতকৈও কম সময়ত মোৰ মোবাইল ফোনটো ব্যৱহাৰ কৰোঁ। ''

প্ৰথম 'ৱায়াৰলেচ ফোন' উদ্ভাৱন কৰি, তেওঁ সমগ্ৰ বিশ্বতে মোবাইল ফোনৰ বাবে এটা মসৃণ বাট কাটি দিছিল। যোৱা শতিকাৰ ১৯৭০ ৰ দশকত মোবাইল ফোন 'মটৰোলা ডাইনাটক ৮০০০এক্স'ৰ জৰিয়তে আৰম্ভ হোৱা যাত্ৰাই আজি পৃথিৱীখন সলনি কৰি দিছে।  মোবাইল ফোনৰেই অন্যতম সৃষ্টিকৰ্তা মাৰ্টিন কুপাৰেই দিনটোৰ ৫ শতাংশতকৈ কম সময় স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ কথাটো নিঃসন্দেহে মন কৰিবলগীয়া কথা৷

মোবাইল ফোনৰ ব্যৱহাৰৰ প্ৰসংগত মাৰ্টিনে  কয়, "জীৱন উপভোগ কৰিবলৈ আপুনি মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰিবই লাগিব। ''

যিসকলে দিনৰ পাঁচ শতাংশতকৈ অধিক সময়  মোবাইল ফোনৰ সৈতে অতিবাহিত কৰে তেওঁলোকৰ বাবে কি ক’ব বুলি সাংবাদিকে সোধাত মাৰ্টিনে হাঁহি এটা মাৰি মাথো, "জীৱন উপভোগ কৰিবলৈ শিকক। মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰক। ''

মাৰ্টিনে ১৯৭৩ চনৰ ৩ এপ্ৰিলত প্ৰথম মোবাইল ফোন উদ্ভাৱন কৰিছিল। সেইদিনটোৰ কথা মনত পেলাই তেওঁ কয় , "ফোনটোৰ ওজন আঢ়ৈ পাউণ্ড আছিল। আৰু ই ১০ ইঞ্চি দীঘল আছিল। এবাৰ  চাৰ্জৰ দিলে ফোনটোত ২৫ মিনিটৰ বাবে কথা পাতিব পৰা গৈছিল। ফোনটো চাৰ্জ কৰিবলৈ ১০ ঘণ্টা সময় লাগিছিল। '' 

মোবাইল ফোনৰ আৱিষ্কাৰকে ফোনৰ পৰা যিমান পাৰি দূৰৈত থাকিবলৈ দিয়া পৰামৰ্শৰ আঁৰত হয়তো বহু কথাই লুকাই আছে৷ ফোনটোৰ সৈতে বেছি সময় জৰিত হৈ থাকিলে স্বাস্থ্যৰ ক্ষতিৰ লগতে সময়তো নষ্ট হ’ব পাৰে৷

তদুপৰি মোবাইল ফোনৰ প্ৰচলন বৃদ্ধিৰ লগে লগে মানুহৰ মাজৰ আত্মীয়তাও এতিয়া বহু পৰিমাণে কৃত্ৰিম হৈ পৰিছে৷ এতিয়া বিপদ অথবা সম্পদৰ সময়তো বহু মানুহৰ বাবে মাত এষাৰ দিবলৈও সময় নোহোৱাৰ দৰে হৈ পৰিছে৷ 

এক কথাত সকলো সম্পৰ্কই এতিয়া যেন যান্ত্ৰিক হৈ পৰাৰ উপক্ৰম ঘটিছে৷ মাৰ্টিনে হয়তো তেওঁৰ মন্তব্যৰ জৰিয়তে তেনে কথাৰেই ইংগিত দিব বিচাৰিছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু