--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোনটো এতিয়া প্ৰায় সকলোৰে বাবে জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে৷ দিনটোৰ প্ৰায় ভাগ সময়েই আমাৰ মাজৰে বহুতে মোবাইল ফোনটো পিটিকি থাকিয়েই পাৰ কৰি দিয়ে৷ কিন্তু মোবাইল ফোনৰ ব্যৱহাৰ যিমান পাৰি এৰাই চলিবলৈ পৰামৰ্শ দিছে খোদ ম'বাইল ফোনৰ সৃষ্টিকৰ্তা মাৰ্টিন কুপাৰে৷  

শেহতীয়াকৈ বিবিচিক দিয়া   এক সাক্ষাৎকাৰত ৯৩ বছৰীয়া মাৰ্টিনে এইদৰে কয়: "মই দিনত ৫ শতাংশতকৈও কম সময়ত মোৰ মোবাইল ফোনটো ব্যৱহাৰ কৰোঁ। ''

প্ৰথম 'ৱায়াৰলেচ ফোন' উদ্ভাৱন কৰি, তেওঁ সমগ্ৰ বিশ্বতে মোবাইল ফোনৰ বাবে এটা মসৃণ বাট কাটি দিছিল। যোৱা শতিকাৰ ১৯৭০ ৰ দশকত মোবাইল ফোন 'মটৰোলা ডাইনাটক ৮০০০এক্স'ৰ জৰিয়তে আৰম্ভ হোৱা যাত্ৰাই আজি পৃথিৱীখন সলনি কৰি দিছে।  মোবাইল ফোনৰেই অন্যতম সৃষ্টিকৰ্তা মাৰ্টিন কুপাৰেই দিনটোৰ ৫ শতাংশতকৈ কম সময় স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ কথাটো নিঃসন্দেহে মন কৰিবলগীয়া কথা৷

মোবাইল ফোনৰ ব্যৱহাৰৰ প্ৰসংগত মাৰ্টিনে  কয়, "জীৱন উপভোগ কৰিবলৈ আপুনি মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰিবই লাগিব। ''

যিসকলে দিনৰ পাঁচ শতাংশতকৈ অধিক সময়  মোবাইল ফোনৰ সৈতে অতিবাহিত কৰে তেওঁলোকৰ বাবে কি ক’ব বুলি সাংবাদিকে সোধাত মাৰ্টিনে হাঁহি এটা মাৰি মাথো, "জীৱন উপভোগ কৰিবলৈ শিকক। মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰক। ''

মাৰ্টিনে ১৯৭৩ চনৰ ৩ এপ্ৰিলত প্ৰথম মোবাইল ফোন উদ্ভাৱন কৰিছিল। সেইদিনটোৰ কথা মনত পেলাই তেওঁ কয় , "ফোনটোৰ ওজন আঢ়ৈ পাউণ্ড আছিল। আৰু ই ১০ ইঞ্চি দীঘল আছিল। এবাৰ  চাৰ্জৰ দিলে ফোনটোত ২৫ মিনিটৰ বাবে কথা পাতিব পৰা গৈছিল। ফোনটো চাৰ্জ কৰিবলৈ ১০ ঘণ্টা সময় লাগিছিল। '' 

মোবাইল ফোনৰ আৱিষ্কাৰকে ফোনৰ পৰা যিমান পাৰি দূৰৈত থাকিবলৈ দিয়া পৰামৰ্শৰ আঁৰত হয়তো বহু কথাই লুকাই আছে৷ ফোনটোৰ সৈতে বেছি সময় জৰিত হৈ থাকিলে স্বাস্থ্যৰ ক্ষতিৰ লগতে সময়তো নষ্ট হ’ব পাৰে৷

তদুপৰি মোবাইল ফোনৰ প্ৰচলন বৃদ্ধিৰ লগে লগে মানুহৰ মাজৰ আত্মীয়তাও এতিয়া বহু পৰিমাণে কৃত্ৰিম হৈ পৰিছে৷ এতিয়া বিপদ অথবা সম্পদৰ সময়তো বহু মানুহৰ বাবে মাত এষাৰ দিবলৈও সময় নোহোৱাৰ দৰে হৈ পৰিছে৷ 

এক কথাত সকলো সম্পৰ্কই এতিয়া যেন যান্ত্ৰিক হৈ পৰাৰ উপক্ৰম ঘটিছে৷ মাৰ্টিনে হয়তো তেওঁৰ মন্তব্যৰ জৰিয়তে তেনে কথাৰেই ইংগিত দিব বিচাৰিছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ