--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কবিয়ে কৈছে, মধুময় পৃথিৱীৰ ধূলি। পিছে এই ধূলি কেৱল মধুময়েই নহয়, এই ধূলিকণাই যুগযুগান্তৰৰ ৰহস্যও কঢ়িয়াই লৈ ফুৰিছে। তেন্তে ৰোমাঞ্চিত হোৱাটো স্বাভাৱিক। এই পৃথিৱীৰ ধূলিত ৭০০ কোটি বছৰ পুৰণি কণিকাৰো আছে স্পৰ্শ!

১৯৬৯ চনৰ ২৬ ছেপ্টেম্বৰ, স্থানীয় সময় অনুসৰি পুৱা ১১ বজাত। অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যৰ মাৰ্চিছন গাঁৱৰ সমীপত আকাশৰ পৰা উজ্জ্বল অগ্নিগোলকৰ ৰূপত ভূপৃষ্ঠত পৰিছিল এটা বৃহৎ উল্কাপিণ্ড। ১৩ বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত বিয়পি পৰিছিল এই উল্কাপিণ্ডটো। টুকুৰাবোৰ সংগ্ৰহ কৰাৰ পাছত উল্কাপিণ্ডটোৰ ওজন আছিল ১০০ কিলোগ্ৰামতকৈ অধিক। পৰৱৰ্তী সময়ত এই উল্কাপিণ্ডটোক ‘মাৰ্চিছন উল্কাপিণ্ড’ বুলি জানিবলৈ পোৱা গৈছিল।

কণ্ড্ৰাইট জাতীয় এই উল্কাপিণ্ডতো পোৱা গৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি পদাৰ্থৰ অৱস্থিতি। মাৰ্চিছন উল্কাপিণ্ডত  আছে ছিলিকন কাৰ্বাইড, যিটো পৃথিৱীত এতিয়ালৈকে পোৱা আটাইতকৈ পুৰণি পদাৰ্থ হিচাপে বিবেচিত হৈছে। ২০২০ চনৰ জানুৱাৰী মাহত গৱেষকসকলে প্ৰকাশ কৰিছিল যে, মাৰ্চিছন উল্কাপিণ্ডত থকা ছিলিকন কাৰ্বাইড ৭০০ কোটি বছৰ পুৰণি! অৰ্থাৎ পৃথিৱীৰ বয়সতকৈ (৪৫৪ কোটি বছৰ) এই পদাৰ্থৰ বয়স প্ৰায় ২৫০ কোটি বছৰ বেছি। 

আমেৰিকাৰ জাৰ্নেল অৱ দ্য নেচনেল একাডেমী অৱ ছাইন্সত বিষয়টোক লৈ প্ৰকাশ পাইছে এক গৱেষণা। গৱেষকসকলে কয় যে, পৃথিৱী আৰু সৌৰজগততকৈও পুৰণি এই পদাৰ্থটো প্ৰকৃততে আন্তঃনক্ষত্ৰীয় ধূলি, যিটো মৃত্যুমুখী তৰাবোৰে বিশ্বব্ৰহ্মাণ্ডলৈ নিৰ্গত হোৱা প্ৰাক-সৌৰ কণাৰে গঠিত। সাধাৰণতে প্ৰায়বোৰ প্ৰাক-সৌৰ কণিকাৰ দৈৰ্ঘ্য ১ মাইক্ৰন বা তাতকৈ কম হয়। কিন্তু মাৰ্চিছন উল্কাপিণ্ডত পোৱা প্ৰাক-সৌৰ কণাবোৰৰ দৈৰ্ঘ্য ২-৩০ মাইক্ৰন বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ