--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ ফোনত একোটাকৈ অস্ত্ৰ সংস্থাপিত কৰিছে আৰু ইয়াক দেশৰ গণতন্ত্ৰৰ আত্মাত আঘাত কৰিবলৈ ব্যৱহাৰ কৰিছে। আৰু এতিয়া এই বিষয়ে বিৰোধীয়ে সংসদত আলোচনা কৰিব বিচাৰিলেও সেই দাবীক নীৰৱ কৰিব বিচাৰিছে। এই বিস্ফোৰক অভিযোগ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে। পেগাছাছ কাণ্ডই দেশৰ ৰাজনীতিত তোলপাৰ লগোৱাৰ বিপৰীতে শাসকীয় বিজেপিয়ে এই অভিযোগক নস্যাৎ কৰাৰ লগতে উপেক্ষা কৰিবলৈ চেষ্টা কৰি আহিছে।

কিন্তু চৰকাৰৰ এই বিতৰ্কিত কাৰ্যৰ বিৰুদ্ধে একগোট হোৱা দেখিবলৈ পোৱা গৈছে বিৰোধীক। ১৪টাকৈ বিৰোধী দলে আজি ৰাহুল গান্ধীৰ নেতৃত্বত এই বিষয় লৈ আলোচনাত মিলিত হয়। ‘পেগাছাছ ফোন হেকিং’ কাণ্ডৰ বিৰুদ্ধে একত্ৰিতভাৱে প্ৰতিবাদ কৰা কৌশল যুগুতোৱাৰ বাবে এই বৈঠক আয়োজন কৰা হৈছিল। বৈঠকৰ অন্তত ৰাহুল গান্ধীয়ে সাংবাদিকৰ আগত ভালেমান বিস্ফোৰক অভিযোগ কৰি লগতে কয়, ‘দেশৰ সমগ্ৰ বিৰোধী শক্তি ইয়াত আছে… সংসদত আমাৰ কণ্ঠক চেপি ৰাখিব খোজা হৈছে।

আমি মাত্ৰ এটা কথা জানিব খুজিছোঁ যে, পেগাছাছ ছফ্টৱেৰ চৰকাৰে ক্ৰয় কৰাটো আৰু ইয়াক দেশৰ বিৰোধী শিবিৰৰ একাংশ লোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰাটো হয়নে নহয়?’ ৰাহুল লগতে কয়,. মই জনগণক এটা কথা সুধিব খুজিছোঁ। নৰেন্দ্ৰ মোদীয়ে এবিধ অস্ত্ৰ আপোনাৰ ফোনত সংস্থাপিত কৰিছে, বিৰোধী দলৰ নেতা, সাংবাদিক, সমাজকৰ্মীৰ বিৰুদ্ধে ইয়াক ব্যৱহাৰ কৰিছে। এই বিষয়ে সংসদত এটা আলোচনা হোৱা উচিত হয় নে নহয়? শিৱসেনা, তৃণমূল কংগ্ৰেছ, এনচিপি, ডিএমকে, বাওঁদলকে ধৰি দেশৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ বিৰোধী দলৰ নেতা এই বৈঠকত উপস্থিত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ