--°C
Loading...
Listen to Article
2 min read
80%

ৰাজকোট: ভাৰতীয় ইতিহাসত ‘হৰপ্পা সভ্যতা’ৰ অৱদান অনস্বীকাৰ্য। অগণন ঘটনা-পৰিঘটনাৰ সাক্ষী এই সভ্যতাৰ অন্তৰ্গত বহু পুৰাতাত্ত্বিক স্থানক সময় সাপেক্ষে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন তথা ‘UNESCO’-এ মান্যতা প্ৰদান কৰি আহিছে। শেহতীয়াকৈ, গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য পুৰাতাত্ত্বিক স্থান ‘ঢোলাৱীৰা’ক মঙলবাৰে ‘UNESCO’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ভাৰতৰ সিন্ধু সভ্যতাৰ প্ৰথম স্থান হিচাপে ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কচ্ছ জিলা।
চীনৰ ফুঝৌত অনুষ্ঠিত ‘UNESCO’ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৪ সংখ্যক অধিৱেশনত গ্ৰহণ কৰা সিদ্ধান্তত তেলেংগানাৰ ৰামাপ্পা নামে জনাজাত কাকতীয়া ৰুদ্ৰেশ্বৰ মন্দিৰটিকো তালিকাখনত লিপিবদ্ধ কৰা হৈছে। ‘চম্পানেৰ’, ‘ৰাণী কি ৱাব’ আৰু ‘আহম-এডাবাদ’ৰ দেৱালযুক্ত চহৰ অঞ্চলৰ পাছত ‘ঢোলাৱীৰা’ গুজৰাটৰ পৰা অনুমোদন লাভ কৰা চতুৰ্থ স্থানৰূপে বিবেচিত হৈছে।


‘UNESCO’ৰ পৰা প্ৰকাশিত বিজ্ঞপ্তিত ‘ঢোলাৱীৰা’ক প্ৰাচীন চহৰ হিচাপে বৰ্ণনা কৰা হৈছে। যিখন চহৰ দক্ষিণ এছিয়াৰ তৃতীয়ৰ পৰা দ্বিতীয় সহস্ৰাব্দৰ মাজভাগলৈ আটাইতকৈ উল্লেখযোগ্য আৰু সু-সংৰক্ষিত নগৰীয় বসতিসমূহৰ ভিতৰত উল্লেখযোগ্য । ‘UNESCO’ৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত স্বাভাৱিকতে উত্ফু্ল্লিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। টুইটাৰযোগে তেওঁ সদৰী কৰে যে, ‘এই বাতৰিটোত মই সম্পূৰ্ণৰূপে আনন্দিত। ঢোলাৱীৰা এটা গুৰুত্বপূৰ্ণ নগৰীয় কেন্দ্ৰ আছিল আৰু আমাৰ অতীতৰ সৈতে আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্ক থকা ঐতিহ্যক্ষেত্ৰ। বিশেষকৈ ইতিহাস, সংস্কৃতি আৰু পুৰাতত্ত্বৰ প্ৰতি আগ্ৰহীসকলে ঠাইডোখৰলৈ ভ্ৰমণৰ বাবে অহাতো প্ৰয়োজনীয়।’ উল্লেখ্য যে, নৰেন্দ্ৰ মোদীয়ে ছাত্ৰাৱস্থাতে এই স্থান পৰিদৰ্শন কৰিছিল আৰু ঠাইখনৰ সৌন্দৰ্যত বিমুগ্ধ হৈ পৰিছিল। তেওঁ লগতে কয়, ‘গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মই ‘ঢোলাৱীৰা’ৰ ঐতিহ্য সংৰক্ষণ আৰু পুনৰুদ্ধাৰ সম্পৰ্কীয় দিশসমূহৰ ওপৰত কাম কৰাৰ সুযোগ পাইছিলো। আমাৰ দলটোৱে তাত পৰ্যটন-অনুকূল আন্তঃগাঁথনি নিৰ্মাণৰ বাবেও কাম কৰিছিল।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ