--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : পৰ্ন ৰেকেট চলোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চেলিব্ৰেটি ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা শেট্টীৰ পতি ৰাজ কুন্দ্ৰাৰ জামিন আবেদন নাকচ কৰিলে আদালতে। মুম্বাইৰ এখন আদালতত ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পৰ জামিন আবেদন আজি নাকচ কৰা হয়।

তেওঁৰ অধিবক্তাই আৰক্ষীক আদালতত প্ৰশ্ন কৰে যে, কিহৰ আধাৰত তেওঁৰ জামিন আবেদনৰ বিৰোধিতা কৰা হৈছে? তেওঁ সন্ত্ৰাসবাদৰ গোচৰত অভিযুক্ত লোক নেকি? উল্লেখ্য যে, দুসপ্তাহৰ বাবে ৪৫ বছৰীয়া কুন্দ্ৰা আৰু তেওঁৰ সহযোগীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে। তীব্ৰ গতিত তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে চেলিব্ৰিটী ব্যৱসায়ী কুন্দ্ৰা।

তেওঁৰ বিৰুদ্ধে তেওঁৰেই চাৰিজন কৰ্মচাৰীয়ে সাক্ষ্য দিবলৈ সাজু হোৱাৰ পাছত ৰাজ কুন্দ্ৰাৰ বিপদ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছিল। ইফালে তেওঁৰ গ্ৰেপ্তাৰক অনৈতিক আখ্যা দি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি মঙলবাৰে স্থগিত ৰাখে ন্যায়ালয়ে। বৃহস্পতিবাৰে এই আবেদনৰ শুনানি পুনৰ গ্ৰহণ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ