--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : পৰ্ন ৰেকেট চলোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চেলিব্ৰেটি ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা শেট্টীৰ পতি ৰাজ কুন্দ্ৰাৰ জামিন আবেদন নাকচ কৰিলে আদালতে। মুম্বাইৰ এখন আদালতত ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পৰ জামিন আবেদন আজি নাকচ কৰা হয়।

তেওঁৰ অধিবক্তাই আৰক্ষীক আদালতত প্ৰশ্ন কৰে যে, কিহৰ আধাৰত তেওঁৰ জামিন আবেদনৰ বিৰোধিতা কৰা হৈছে? তেওঁ সন্ত্ৰাসবাদৰ গোচৰত অভিযুক্ত লোক নেকি? উল্লেখ্য যে, দুসপ্তাহৰ বাবে ৪৫ বছৰীয়া কুন্দ্ৰা আৰু তেওঁৰ সহযোগীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে। তীব্ৰ গতিত তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে চেলিব্ৰিটী ব্যৱসায়ী কুন্দ্ৰা।

তেওঁৰ বিৰুদ্ধে তেওঁৰেই চাৰিজন কৰ্মচাৰীয়ে সাক্ষ্য দিবলৈ সাজু হোৱাৰ পাছত ৰাজ কুন্দ্ৰাৰ বিপদ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছিল। ইফালে তেওঁৰ গ্ৰেপ্তাৰক অনৈতিক আখ্যা দি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি মঙলবাৰে স্থগিত ৰাখে ন্যায়ালয়ে। বৃহস্পতিবাৰে এই আবেদনৰ শুনানি পুনৰ গ্ৰহণ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
কেৰালা ভাৰতৰ প্রথম অত্যন্ত দৰিদ্ৰতামুক্ত ৰাজ্য
যোৰহাটৰ যুৱক সন্দীপৰাজ তামুলীৰ অসমীয়গিৰী; বহিৰাগত কোম্পানী প্ৰত্যাহ্বানক জনাই মুকলি কৰিলে Sugaree নামেৰে ফুড ডেলিভাৰী এপ
হোজাই আৰক্ষীৰ অভিযানত উদ্ধাৰ চাৰিগৰাকী শিশু শ্ৰমিক
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু
গোলাঘাটত বিজেপিৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায় যাত্ৰা
বিহাৰত ৰে'লৰ পৰা পৰি কৰুণ মৃত্যু অসমৰ যুৱকৰ
১১২ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয়, চেন্ট্রেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্র'ল অর্গেনাইজেশ্যনৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য
বগৰীবাৰী টিপকাই নৈত টুলুঙা নাৱেৰে শিক্ষাৰ্থীৰ বিপদসংকুল যাত্রা, এ আই ইউ ডি এফৰ বিধায়ক বছিৰ কাছিমীৰ নির্লিপ্ত ভূমিকা