--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত সামৰণি পৰিল নিৰ্বাচনী বতাহ। দিল্লী বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত জয়ী হোৱাৰ পাছতে কিছুসময়লৈ নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ পৰা আঁতৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আন্তর্জাতিক ক্ষেত্ৰত ভাৰতৰ ভেটি সমৃদ্ধ কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে৷ সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হয় প্ৰধান মন্ত্ৰী মোদী। বুধবাৰে ফ্ৰাণ্সৰ পৰা আমেৰিকালৈ উৰা মাৰিব প্ৰধান মন্ত্ৰী মোদী। মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণ মৰ্মে ফ্ৰান্স ভ্ৰমণত গৈছে প্ৰধানমন্ত্ৰীগৰাকী।
 
ফ্ৰন্সত উসস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এইখন আছিল দুয়োগৰাকী নেতাৰ মাজত প্ৰথমখন বৈঠক আৰু দুয়োগৰাকী শীৰ্ষ নেতৃত্বই তথ্য-প্ৰযুক্তি আৰু ডিজিটেল খণ্ডত ক্ৰমবৰ্ধমান দ্বিপাক্ষিক সহযোগিতাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে আৰু দুয়োখন দেশৰ মাজত প্ৰতিষ্ঠানিক সংযোগৰ লগতে গণসংযোগ বৃদ্ধিৰ বাবেও সন্মতি প্ৰকাশ কৰে৷ আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে যৌথভাৱে ভাৰত-ফ্ৰান্সৰ চিইঅ’ ফ’ৰামত ভাষণ দিব আৰু ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে মাৰ্চেলিছলৈ ৰাওনা হ’ব৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ কাৰ্যকালত চতুৰ্থবাৰৰ বাবে ফ্ৰান্স ভ্ৰমণ কৰে। মোদীৰ শাসনৰ পৰাই ফ্ৰান্সৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় হৈছে। সেয়ে দুয়োখন দেশৰ মাজত বাণিজ্যও বৃদ্ধি পাইছে। এক প্ৰতিবেদন অনুসৰি মোদী শাসনৰ পূৰ্বে ভাৰতত ফ্ৰান্সৰ পৰা বিদেশী বিনিয়োগ আছিল ১৮ হাজাৰ কোটি টকা। আৰু ২০১৪ চনৰ পৰা সেই বিনিয়োগ তিনিগুণ বৃদ্ধি পাইছে। ফ্ৰাণ্সে ভাৰতত এই পৰ্যন্ত ৫৩ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ