--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৬ দিনৰ সময় দিয়াৰ পাছত ন্যায়ধীশ তথা আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ (আই চি জে) অধ্যক্ষ নৱাফ চালামক লেবাননত চৰকাৰ গঠন কৰিবলৈ আহ্বান জনোৱা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা শনিবাৰে চৰকাৰ গঠনৰ বাবে চালামক এই আহ্বান জনোৱা হয়। 

আনহাতে, দেশখনৰ ৰাষ্ট্ৰপতি যোছেফ আউনে নাজিৱ মিকাটিৰ ভাৰপ্ৰাপ্ত চৰকাৰৰ পদত্যাগ-পত্ৰ গ্রহণ কৰে। অহা মঙলবাৰে নৱাফ চালামৰ মন্ত্ৰী পৰিষদে ইয়াৰ প্ৰথমখন অধিৱেশন ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত কৰিব। চৰকাৰ গঠনৰ বিষয়ত ঘোষণা কৰাৰ পাছত চালামে কয় যে অনাগত চৰকাৰখনে দেশখনৰ সংস্কাৰৰ দিশত কাম কৰি লেবাননক প্ৰগতিৰ দিশত লৈ যাব। 

ৰাষ্ট্ৰপতি আউনৰ সৈতে একেলগে কাম কৰি এখন নতুন লেবানন গঢ় দিবলৈ তেওঁলোকে এক কর্মসূচী মুকলি কৰিব বুলি চালামে কয়। উল্লেখযোগ্য যে দীর্ঘদিনৰ অচলাৱস্থাৰ অন্ত পেলাই লেবাননত ২ বছৰৰ পাছত এখন পূর্ণ পৰ্যায়ৰ চৰকাৰ গঠন কৰা হ'ব। লেবাননৰ দীৰ্ঘদিনৰ সমস্যাসমূহ সমাধান কৰাত প্রতিশ্রুতিবদ্ধ বুলি চালামে কয় যে ন্যায়িক দিশত সংস্কাৰ, স্থবিৰ হৈ পৰা অৰ্থনীতি তৰান্বিত কৰা আৰু দেশখনত ৰাজনৈতিক আৰু অৰ্থনৈতিক সুৰক্ষা অনাৰ দিশত তেওঁ অগ্রাধিকাৰ দিব। বিগত বৰ্ষৰ নৱেম্বৰত ইজৰাইল আৰু হিজবুল্লাৰ মাজত সম্পাদন হোৱা যুদ্ধ-বিৰতি চুক্তি শেহতীয়া সংঘৰ্ষই ভংগ কৰা বিষয়তো উদ্বেগ প্রকাশ কৰি তেওঁ যুদ্ধ-বিৰতি চুক্তিখন ৰূপায়ণৰ দিশত গুৰুত্ব দিব বুলি কয়।

আনহাতে, লেবাননৰ অঞ্চলসমূহৰ পৰা ইজৰাইলী সেনা প্রত্যাহাৰ কৰাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। আনহাতে, দেশখনত ইজৰাইলৰ আগ্রাসন হৈয়ে আছে। ছিৰিয়াৰ সৈতে থকা দেশখনৰ পূব সীমান্তৰ সমীপৰ জনটাত ইজৰাইলে ড্র'ন আক্ৰমণ কৰি ছজন লোকক হত্যা কৰিছিল আৰু দুজন আহত হৈছিল।

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি