--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংসদৰ শীতকালীন অধিৱেশনত সংবিধান গ্ৰহণ কৰা ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সংসদত সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত গান্ধী পৰিয়াল তথা নেহৰুৰ শাসনক সমালোচনা কৰি কটায়। আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুৰ শাসন কালত হোৱা সংবিধানৰ প্ৰথম সংশোধনীক লৈ সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

প্ৰধানমন্ত্ৰীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সমাজিক মাধ্যমত লিখে যে ১৯৫১ চনৰ ১৮ জুনৰ পৰা কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী ৩টা কাৰণত কৰা হৈছিল। প্ৰথম উদ্দেশ্য আছিল সেই স্পৰ্শকাতৰ সময়ছোৱাত সাম্প্ৰদায়িক অপপ্ৰচাৰৰ সৈতে মোকাবিলা কৰা। দ্বিতীয়তে, আদালতে বাতিল কৰা জমিদাৰী বিলুপ্তিৰ আইনসমূহ ৰক্ষা কৰা আৰু  তৃতীয়তে, আদালতে বাতিল কৰা অনুসূচিত জাতি,অনুসূচিত জনজাতি আৰু অ’বিচিৰ বাবে শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সংৰক্ষণ৷ 

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় এখন নিৰ্বাচিত সমিতিয়ে বিধেয়কখন বিতংভাৱে পৰীক্ষা কৰিছিল।নেহৰু, ৰাজগোপালচাৰী আৰু  আম্বেদকাৰ আছিল এই সমিতিৰ সদস্যসকলৰ ভিতৰত অন্যতম। নিৰ্বাচিত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতো নেহৰুৱে তেওঁৰ সমালোচকৰ বিচাৰৰ পাছত নিজৰ স্থিতি সলনি কৰিছিল।

ইয়াৰ পূৰ্বে ১৯৫০ চনৰ ৩ জুলাইত চৰ্দাৰ পেটেলে শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে লোকৰ প্ৰতি থকা হতাশা আৰু মত প্ৰকাশৰ স্বাধীনতাত সীমাবদ্ধতাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰি নেহৰুলৈ পত্ৰ লিখিছিল। এই চিঠিখনে প্ৰমাণ কৰিছে যে চৰ্দাৰ পেটেল নিজে জীয়াই থকা হ’লে প্ৰথম সংশোধনীক সমৰ্থন কৰিলেহেঁতেন।

জয়ৰাম ৰমেশে গ্ৰেনভিল অষ্টিনৰ গ্ৰন্থ ‘ৱৰ্কিং এ ডেম’ক্ৰেটিক কনষ্টিটিউচন’ত উদ্ধৃতি দি কয় যে এই গ্ৰন্থত ১৯৮০চনলৈকে কৰা সংবিধান সংশোধনীৰ সম্পূৰ্ণভৱে পৰ্ৰকাশ কৰিছে। আৰু ৰাজনীতি বিজ্ঞানৰ এম এ আৰু তেওঁলোকৰ চিয়াৰলিডাৰসকলে এই গ্ৰন্থ পঢ়িব বুলি আশা কৰিব নোৱাৰি বুলি কটাক্ষ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৰ পত্ৰৰ কথা উল্লেখ কৰি কয় যে এই পাপ ১৯৫১ চনত হৈছিল। সেই সময়ৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে পণ্ডিত নেহৰুক ভুল কৰি আছে বুলি সকীয়াই দিছিল, কিন্তু পণ্ডিত নেহৰুৰ নিজা সংবিধান আছিল সেয়ে তেওঁ কাৰো পৰামৰ্শ শুনা নাছিল। সংবিধান সংশোধনৰ বাবে কংগ্ৰেছৰ তেজ এনেকুৱা আছিল যে মাজে মাজে সংবিধানৰ ওপৰত আক্ৰমণ কৰি থাকিল।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় কংগ্ৰেছে সংবিধানৰ আত্মাৰ ৰক্তক্ষৰণ কৰিছে। সংবিধান বহুবাৰ সলনি হৈছে। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বীজ সিঁচিছিল আৰু সেই বীজত পানী দিছিল দ্বিতীগৰাকী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। যেতিয়া আদালতে অৰাজনৈতিক কাৰণত ইন্দিৰা গান্ধীৰ নিৰ্বাচন নাকচ কৰিছিল। সাংসদ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ’ল, তাৰ পিছত সেই খঙতে দেশত জৰুৰীকালীন অৱস্থা জাপি দিয়া বুলি কটাক্ষ কৰে।

জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীৰ সংসদৰ ভাষণক নিৰ্বাচনী ভাষণ বুলি অভিহিত কৰি সাম্প্ৰতিক বিষয়ত মাত মাতিব লাগে বুলি কটাক্ষ কৰি কয়৷ আদানিৰ বিষয়ত মৌন, কৃষকৰ বিষয়ত মৌন, বিভিন্ন ৰাজ্যত বিয়পি থকা সাম্প্ৰদায়িক উত্তেজনাক লৈ মৌনতা অৱলম্বন কৰাক লৈ সমালোচনা কৰে৷

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে চীনক দিয়া ক্লীন চিটত বাংলাদেশ, পাকিস্তান, শ্ৰীলংকাৰ সৈতে ভৰতৰ সম্পৰ্ক কেনেকুৱা হ’ব লাগে সেই বিষয়তো মৌন হৈ থাকিল৷  কেৱল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ অতীত মন্থন কৰাতে ব্যস্ত থাকিল৷ বৰ্তমানৰ কথা ক’বলৈ কিয় ভয় কৰে বুলি কটাক্ষ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ