--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে ৱায়নাদৰ পৰা নৱনিৰ্বাচিত সাংসদ প্ৰিয়ংকা গান্ধীয়ে সংবিধান গ্ৰহণৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে বিশেষ আলোচনাত সংসদত প্ৰথম ভাষণ প্ৰদান কৰে। তেওঁৰ সংসদৰ প্ৰথম ভাষণত ন্যায়, একতা আৰু সংবিধানৰ মূল্যবোধৰ সুৰক্ষাৰ বাবে আহ্বান জনাই৷

প্ৰিয়ংকা গান্ধীয়ে ভাৰতীয় সংবিধানৰ স্থপতি ডাঃ বি. আৰ. আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জনাই ভাষণ আৰম্ভ কৰি কয় সংবিধানখন আমাৰ সুৰক্ষা কৱচ যিয়ে নাগৰিকৰ সুৰক্ষা আৰু ন্যায় নিশ্চিত কৰে। তেওঁ কয় সংবিধান কেৱল এক নথি নহয়; ই আমাৰ সামূহিক স্বাধীনতা আৰু সমতাৰ সংগ্ৰামৰ এক জীৱন্ত সাক্ষ্য।

ভাষণ প্ৰসংগত প্ৰিয়ংকা গান্ধীয়ে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ সমালোচনা কৰি কয় চৰকাৰে বিগত দশকত সংবিধানক দুৰ্বল কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। এই চৰকাৰে সকলো প্ৰকাৰে আমাৰ সংবিধানৰ সুৰক্ষা কৱচ ভাঙিবলৈ প্ৰচেষ্টা কৰিছে৷ আৰু সংৰক্ষণ নীতিসমূহৰ প্ৰতি চৰকাৰৰ দৃষ্টিভংগীৰ ওপৰত চিন্তা ব্যক্ত কৰে।

তেওঁ ভাষণত আদানি গোটৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে তেওঁ চৰকাৰে   সাধাৰণ মানুহৰ ক্ষতিৰ বিনিময়ত ডাঙৰ উদ্যোগপতিসকলৰ পক্ষ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে।বৃহৎ ব্যৱসায়ীক গোষ্ঠীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক উলাই পৰে বুলি শাসকীয় দলে সংসদত আদানি গোটৰ বিষয়ে আলোচনা কৰিবলৈ ভয় কৰে বুলিও মন্তব্য কৰে৷ 

প্ৰিয়ংকা গান্ধীয়ে বিভিন্ন গোটৰ সামাজিক-অৰ্থনৈতিক অৱস্থা বুজিবলৈ আৰু কার্যকৰী নীতি প্ৰণয়ন কৰিবলৈ প্ৰয়োজনীয় জাতি গণনা ৰাষ্ট্ৰীয়ভাৱে জাতি গণনা কৰাৰ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ