--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আম আদমি পাৰ্টিৰ নেতা আৰবিন্দ কেজৰিৱালৰ এক সাহসী আৰু উচ্চাভিলাষী প্ৰস্তাৱ আগবঢ়াইছে। সমগ্ৰ দেশৰ বাবে বিনামূলীয়া বিদ্যুৎ সোৱা প্ৰদানৰ প্ৰস্তাৱ ঘোষণা কৰিছে আপৰ নেতা গৰাকীয়ে। জনকল্যাণমূলক ব্যৱস্থাৰ বাবে জনাজাত কেজৰীৱালৰ এই উদ্যোগত চৰকাৰৰ প্ৰায় ১,৮০,০০০ কোটি টকা খৰচ হ'ব বুলি অনুমান কৰা হৈছে।

নতুন দিল্লীত এক সংবাদমেলত অংশলৈ কেজৰীৱালে সমগ্ৰ দেশৰ বাবে বিনামূলীয়া বিদ্যুৎ সেৱা পৰিকল্পনাৰ বিষয়ে বৰ্ণনা কৰি কয় যে বিদ্যুৎ সেৱা লাভ কৰাটো এটা মৌলিক অধিকাৰ আৰু এই উদ্যোগে কোটি কোটি ভাৰতীয়ৰ জীৱনৰ গুণগত মান উন্নত কৰিব। দিল্লীৰ বিনামূলীয়া বিদ্যুতৰ সফল বিতৰণৰ উদ্ধৃতি দি কয় যে  এতিয়া এই সুবিধা সমগ্ৰ ৰাষ্ট্ৰলৈ বিস্তাৰ কৰাৰ সময় আহি পৰিছে।

আপৰ নেতা গৰাকীয়ে প্ৰস্তাৱৰ আৰ্থিক ভাৰ অৰ্থাৎ প্ৰয়োজনীয় পুঁজিৰ কথা স্বীকাৰ কৰি কয় যে ই দেশৰ ভৱিষ্যতৰ বাবে এক প্ৰয়োজনীয় বিনিয়োগ। ১,৮০,০০০ কোটি টকাৰ ব্যয় অধিক  কিন্তু লাভবোৰ ব্যয়তকৈ বহু গুণ বেছি বুলি উল্লেখ কৰে৷

অৰবিন্দ কেজৰিৱালে প্ৰস্তাৱিত আঁচনিৰ জৰিয়তে বিশেষকৈ নিম্ন-আয়ৰ পৰিয়ালসমূহৰ আৰ্থিক চাপ হ্ৰাস কৰাৰ প্ৰতি লক্ষ্য ৰাখি উত্থাপন কৰা হৈছে। তেওঁ কয় যে বিনামূলীয়া বিদ্যুত প্ৰদান জৰিয়তে দৈনন্দিন জীৱনৰ খৰচ হ্ৰাস তথা অৰ্থনৈতিক স্থিতিশীলতা প্ৰদান কৰা আৰু সামগ্ৰিক কল্যাণ আশা কৰা হৈছে। 

কেজৰিৱালৰ প্ৰস্তাৱটোৱে যিদৰে সমৰ্থন লাভ কৰিছে সেইদৰে সমালোচনাৰো সন্মুখীন হৈছে। প্ৰতিপক্ষই প্ৰকল্পটো বৃহৎ পৰিসৰৰ হোৱা বাবে বিত্তীয় ঘাটিৰ সম্নুখীন হ’বলগীয়া হ’ব বুলি মত প্ৰকাশ কৰে। কিছুমান বিশেষজ্ঞই এনেধৰণৰ বৃহৎ উদ্যোগৰ স্থায়িত্ব আৰু বিদ্যুৎ খণ্ডৰ ওপৰত সম্ভাব্য প্ৰভাৱৰ বিষয়ে চিন্তা ব্যক্ত কৰিছে। 

দেশজুৰি বিনামূলীয়া বিদ্যুৎ সেৱা প্ৰদানৰ প্ৰস্তাৱ অৰবিন্দ কেজৰিৱালৰ জনকল্যাণৰ ওপৰত কেন্দ্ৰিত তেওঁৰ ৰাজনৈতিক কাৰ্যসূচীৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ