--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে (৪ আগষ্ট) উচ্চতম ন্যায়ালয়ে মোদী উপাধি গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে থকা শাস্তি স্থগিত কৰে। ইয়াৰ পূৰ্বে চুৰাটৰ এখন আদালতে তেওঁক দোষী সাব্যস্ত কৰি সৰ্বাধিক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল, যাৰ বাবে তেওঁৰ লোকসভাৰ সদস্যৰ পদ কৰা হৈছিল।

যোৱা মাহৰ আৰম্ভণিতে গুজৰাট উচ্চ ন্যায়ালয়ে গান্ধীৰ শাস্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছিল, তাৰ পাছত তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।খবৰ অনুসৰি, উচ্চতম ন্যায়ালয়ে গান্ধীৰ দোষী সাব্যস্ত হোৱাত স্থগিত ৰখাৰ লগে লগে তেওঁৰ লোকসভাৰ সদস্যপদ বাতিলৰ সিদ্ধান্তও স্থগিত ৰখা হৈছে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত নিম্ন আদালতে গান্ধীক প্ৰদান কৰা শাস্তিক লৈ প্ৰশ্ন উত্থাপন হৈছে।ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰৰ বিচাৰপীঠে কয় যে বিচাৰ আদালতে এই অপৰাধৰ অধীনত সৰ্বোচ্চ শাস্তি প্ৰদানৰ নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই।

২০১৯ চনৰ ১৩ এপ্ৰিলত ৰাহুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বিজেপিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে। লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ কোলাৰত এখন সভাত ৰাহুলে মোদী উপাধিক লৈ কৰা মন্তব্যক লৈ তেওঁ অভিযোগ কৰিছিল।

চলিত বৰ্ষৰ ২৩ মাৰ্চত চুৰাটৰ আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ২০১৯ চনত দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড বিহিছিল।কিন্তু ইয়াৰ কিছু সময়ৰ পাছতে আদালতে ৰাহুল গান্ধীক ১৫ হাজাৰ টকাৰ জামিনত জামিন মঞ্জুৰ কৰি ৩০ দিনৰ বাবে স্থগিত ৰাখি ৰাহুল গান্ধীক তাৰ বিৰুদ্ধে আপীল কৰিবলৈ অনুমতি দিয়ে।

জনপ্ৰতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ৮(৩) অনুসৰি যদি কোনো সাংসদক কোনো অপৰাধত দোষী সাব্যস্ত কৰি ন্যূনতম দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় আৰু ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰা হয়৷

দোষী সাব্যস্ত হোৱাৰ পিছদিনা ২৪ মাৰ্চত ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল। লোকসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে যে কেৰালাৰ ৱায়নাদৰ সাংসদ ৰাহুল গান্ধীক ২০২৩ চনৰ ২৩ মাৰ্চৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। ইয়াৰ পাছত তেওঁৰ চৰকাৰী বাংলো খালী কৰাৰ জাননীও লাভ কৰা হয়।

প্ৰট’কল অনুসৰি ২২ এপ্ৰিলত তেওঁ নিজৰ টোগলক লেনৰ চৰকাৰী বাংলো খালী কৰে। ২০০৪ চনৰ লোকসভা নিৰ্বাচনত আমেথিৰ পৰা জয়লাভ কৰি প্ৰথমবাৰৰ বাবে তেওঁক এই বাংলো আবণ্টন দিয়া হৈছিল।

ইফালে, ৩ এপ্ৰিলত ৰাহুল গান্ধীয়ে দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি আদালতত দাখিল কৰিছিল যদিও ২০ এপ্ৰিলত চুৰাটৰ অতিৰিক্ত অধিবেশন ন্যায়াধীশ ৰবিন মোগেৰাৰ আদালতে ৰাহুল গান্ধীক প্ৰদান কৰা দুবছৰৰ শাস্তি স্থগিত ৰাখিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক