ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছ ২০২২ আৰম্ভ হোৱাৰ পূর্বেই ভাৰতীয় দলটোত বিবাদৰ সৃষ্টি হৈছে৷ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ অসমকন্যা লাভলীনা বৰগোহাঁইয়ে কৰিছে এক বিস্ফোৰক অভিযোগ। লাভলীনা বৰগোহাঁইয়ে ভাৰতীয় বক্সিং ফেডাৰেচনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লাভলীনাই অভিযোগ কৰি কয় যে তেওঁৰ প্ৰশিক্ষকক বহু দেৰিকৈ দলত অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাই তেওঁৰ বহুত মানসিক সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ এই পলিটিক্স ভংগ কৰি পদক জয় কৰাৰ কথা ব্যক্ত কৰে।
মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই বৰ্তমান কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিবলৈ বাৰ্মিংহামত আছে। গেমছত তেওঁৰ মেচলৈ এতিয়াও ৮ দিন বাকী আছে। অৱশ্যে ৮ দিন পূৰ্বে লাভলীনাই মেনেজমেণ্টৰ ওপৰত ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে। লাভলীনাই কয় যে তেওঁৰ প্ৰশিক্ষকৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছে, যাৰ বাবে তেওঁ অতিশয় বিচলিত হৈছে। কমনৱেলথ গেমছত অনুষ্ঠিত হ'বলগীয়া মেচখনৰ আঠ দিন আগতেই তেওঁৰ প্ৰশিক্ষণ স্তব্ধ হৈ পৰে।
লাভলীনাই টুইটাৰত লিখিছে, ‘আজি মই অতি দুখেৰে কৈছো যে মোক বহুত হাৰাশাস্তি কৰা হৈছে। প্ৰতিবাৰেই অলিম্পিকত পদক লাভ কৰাত সহায় কৰা মোৰ প্ৰশিক্ষকসকলক বাৰে বাৰে আঁতৰাই মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰু প্ৰতিযোগিতাত অসুবিধাৰ সৃষ্টি কৰা হৈছে। ইয়াৰে এজন প্ৰশিক্ষক হৈছে সন্ধ্যা গুৰুং জী। তেওঁ দ্ৰোণাচাৰ্য বঁটাও লাভ কৰিছে। হাজাৰবাৰ হাতযোৰ কৰাৰ পাছতহে মোৰ দুয়োজন প্ৰশিক্ষকক বহু দেৰিকৈ প্ৰশিক্ষণৰ বাবে শিবিৰত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে প্ৰশিক্ষণত বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু মানসিক হাৰাশাস্তি ঘটে।
লাভলীনাই লগতে কয়, ‘এতিয়া মোৰ প্ৰশিক্ষক সন্ধ্যা গুৰুং জী কমনৱেলথ ভিলেজৰ বাহিৰত আছে আৰু তেওঁ এণ্ট্ৰি লাভ কৰা নাই আৰু গেমছৰ আঠ দিন আগতে মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া বন্ধ হৈ গৈছে। মোৰ দ্বিতীয় প্ৰশিক্ষককো ভাৰতলৈ উভতাই পঠিওৱা হৈছে। মই ইমানকৈ অনুৰোধ কৰাৰ পিছতো এই সকলোবোৰ ঘটিছে যাৰ বাবে মই বহুত মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছো। খেলত কেনেকৈ ফ'কাচ কৰিম নাজানো।
লাভলীনাই লগতে কয়, ‘ইয়াৰ বাবেই মোৰ শেষৰটো বিশ্ব চেম্পিয়নশ্বিপো নষ্ট হৈছিল’ আৰু এই পলিটিক্সৰ বাবে মই মোৰ কমনৱেলথ গেমছ নষ্ট কৰিব নিবিচাৰো। আশাকৰোঁ মই পলিটিক্স ভংগ কৰি মোৰ দেশৰ বাবে পদক আনিব পাৰিম। জয় হিন্দ।'
উল্লেখ্য যে লাভলীনাৰ সমৰ্থনত ওলাই আহিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীয়ে লোভলীনাৰ সমৰ্থনত টুইট কৰিছে। প্ৰিয়ংকাই লিখিছে, ‘লাভলীনা আমাৰ দেশৰ বাবে এক সম্পদ, তেওঁক সকলো প্ৰকাৰে উৎসাহিত আৰু সমৰ্থন কৰা উচিত। আশাকৰোঁ চৰকাৰে তেওঁৰ অভিযোগৰ ওপৰত চকু ফুৰাব আৰু তেওঁ সন্মুখীন হ’ব পৰা অসুবিধা ৰোধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব।