--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছ ২০২২ আৰম্ভ হোৱাৰ পূর্বেই ভাৰতীয় দলটোত বিবাদৰ সৃষ্টি হৈছে৷ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ অসমকন্যা লাভলীনা বৰগোহাঁইয়ে কৰিছে এক বিস্ফোৰক অভিযোগ। লাভলীনা বৰগোহাঁইয়ে ভাৰতীয় বক্সিং ফেডাৰেচনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লাভলীনাই অভিযোগ কৰি কয় যে তেওঁৰ প্ৰশিক্ষকক বহু দেৰিকৈ দলত অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাই তেওঁৰ বহুত মানসিক সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ এই পলিটিক্স ভংগ কৰি পদক জয় কৰাৰ কথা ব্যক্ত কৰে। 

মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই বৰ্তমান কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিবলৈ বাৰ্মিংহামত আছে। গেমছত তেওঁৰ মেচলৈ এতিয়াও ৮ দিন বাকী আছে। অৱশ্যে ৮ দিন পূৰ্বে লাভলীনাই মেনেজমেণ্টৰ ওপৰত ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে। লাভলীনাই কয় যে তেওঁৰ প্ৰশিক্ষকৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছে, যাৰ বাবে তেওঁ অতিশয় বিচলিত হৈছে। কমনৱেলথ গেমছত অনুষ্ঠিত হ'বলগীয়া মেচখনৰ আঠ দিন আগতেই তেওঁৰ প্ৰশিক্ষণ স্তব্ধ হৈ পৰে।

লাভলীনাই টুইটাৰত লিখিছে, ‘আজি মই অতি দুখেৰে কৈছো যে মোক বহুত হাৰাশাস্তি কৰা হৈছে। প্ৰতিবাৰেই অলিম্পিকত পদক লাভ কৰাত সহায় কৰা মোৰ প্ৰশিক্ষকসকলক বাৰে বাৰে আঁতৰাই মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰু প্ৰতিযোগিতাত অসুবিধাৰ সৃষ্টি কৰা হৈছে। ইয়াৰে এজন প্ৰশিক্ষক হৈছে সন্ধ্যা গুৰুং জী। তেওঁ দ্ৰোণাচাৰ্য বঁটাও লাভ কৰিছে। হাজাৰবাৰ হাতযোৰ কৰাৰ পাছতহে মোৰ দুয়োজন প্ৰশিক্ষকক বহু দেৰিকৈ প্ৰশিক্ষণৰ বাবে শিবিৰত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে প্ৰশিক্ষণত বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু মানসিক হাৰাশাস্তি ঘটে।

লাভলীনাই লগতে কয়, ‘এতিয়া মোৰ প্ৰশিক্ষক সন্ধ্যা গুৰুং জী কমনৱেলথ ভিলেজৰ বাহিৰত আছে আৰু তেওঁ এণ্ট্ৰি লাভ কৰা নাই আৰু গেমছৰ আঠ দিন আগতে মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া বন্ধ হৈ গৈছে। মোৰ দ্বিতীয় প্ৰশিক্ষককো ভাৰতলৈ উভতাই পঠিওৱা হৈছে। মই ইমানকৈ অনুৰোধ কৰাৰ পিছতো এই সকলোবোৰ ঘটিছে যাৰ বাবে মই বহুত মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছো। খেলত কেনেকৈ ফ'কাচ কৰিম নাজানো।

লাভলীনাই লগতে কয়, ‘ইয়াৰ বাবেই মোৰ শেষৰটো বিশ্ব চেম্পিয়নশ্বিপো নষ্ট হৈছিল’ আৰু এই পলিটিক্সৰ বাবে মই মোৰ কমনৱেলথ গেমছ নষ্ট কৰিব নিবিচাৰো। আশাকৰোঁ মই পলিটিক্স ভংগ কৰি মোৰ দেশৰ বাবে পদক আনিব পাৰিম। জয় হিন্দ।'

উল্লেখ্য যে লাভলীনাৰ সমৰ্থনত ওলাই আহিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীয়ে লোভলীনাৰ সমৰ্থনত টুইট কৰিছে। প্ৰিয়ংকাই লিখিছে, ‘লাভলীনা আমাৰ দেশৰ বাবে এক সম্পদ, তেওঁক সকলো প্ৰকাৰে উৎসাহিত আৰু সমৰ্থন কৰা উচিত। আশাকৰোঁ চৰকাৰে তেওঁৰ অভিযোগৰ ওপৰত চকু ফুৰাব আৰু তেওঁ সন্মুখীন হ’ব পৰা অসুবিধা ৰোধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ