--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ কালি দ্বিতীয়খন মেচত ভাৰতে ২ উইকেটত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে। প্ৰায় পৰাজয়ৰ দিশলৈ গতি কৰা অৱস্থাত অলৰাউণ্ডাৰ অক্সৰ পেটেলৰ দুৰ্দান্ত বেটিঙে ভাৰতলৈ কঢ়িয়াই আনে ইপ্সিত বিজয়। ৩১২ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে প্ৰাথমিক বিপৰ্যয় নেওচি অক্সৰৰ লগতে আয়াৰ, চেমছন আৰু গিলৰ যুঁজাৰু বেটিঙৰ ফলত মেচখনত জয়ৰ লগতে শৃংখলাও হস্তগত কৰে। শৃংখলাটো জয়ৰ লগে লগে ভাৰতে আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত স্থাপন কৰিছে নতুন অভিলেখ।   

মেচখনত পোনতে বেট ধৰি ৱেষ্ট ইণ্ডিজে অপেনাৰ শ্বাই হোপৰ দৰ্শনীয় শতকৰ লগতে অধিনায়ক নিকোলাছ পুৰানৰ অৰ্ধ শতকৰ সহায়ত ৩১১ ৰানৰ এক শক্তিশালী স্ক’ৰ থিয় কৰায়। তেওঁলোকৰ লগতে শীৰ্ষক্ৰমৰ আন দুই বেটাৰ কাৰ্ল মেয়াৰ্চ আৰু ব্ৰুকছেও ক্ৰমে ৩৯ আৰু ৩৫ ৰানৰ উল্লেখনীয় অবদান আগবঢ়ায়।

ভাৰতে ৩১২ ৰানৰ লক্ষ্য অনুসৰণ কৰি যথেষ্ট  লেহেমীয়া আৰম্ভণি ঘটায়। ভাৰপ্ৰাপ্ত অধিনায়ক শিখৰ ধাৱানে ৩১ বলত সংগ্ৰহ কৰে মাত্ৰ ১৩ ৰান।  ইনিংছৰ ১৭.২ অভাৰত মাত্ৰ ৭৯ ৰানত ভাৰতে হেৰুৱাইছিল ধাৱান, শুভমন গিল আৰু সূৰ্যকুমাৰ যাদৱৰ উইকেট। অৱশ্যে গিলে ৪৩ ৰানৰ এটা সুন্দৰ ইনিংছেৰে ভাৰতক কিছু সকাহ প্ৰদান কৰিছিল।

এই প্ৰাৰম্ভিক বিপৰ্যয়ৰ পিছত সঞ্জু চেমছন আৰু শ্ৰেয়স আয়াৰে চতুৰ্থ উইকেটত এক শক্তিশালী যুটি বান্ধি ভাৰতক মেচখনলৈ ঘূৰাই আনে। দুয়ো অৰ্ধশতক অৰ্জন কৰাৰ কিছু সময় পিছতে অৱশ্যে বিদায় লয়। এনে অৱস্থাত ভাৰতৰ জয় প্ৰায় অসম্ভৱ বুলি ধাৰণা কৰা হৈছিল যদিও অক্সৰ পেটেলে দুৰ্দান্ত বেটিঙেৰে ভাৰতক বিজয়ৰ লক্ষ্যত উপনীত কৰায়। 

পেটেলে ৩৫ বলত ৫ টা ছয় আৰু ৩ টা চাৰিৰে ৬৪ ৰানৰ এক মাৰমুখী ইনিংছ খেলে। অন্তিম অভাৰত ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল আঠ ৰানৰ। প্ৰথম তিনিটা বলত ভাৰতে দুই ৰান সংগ্ৰহ কৰাৰ পিছত অক্সৰে মেয়াৰ্চৰ চতুৰ্থটো বলত এটা বিশাল ছয় কোবাই ভাৰতলৈ জয় কঢ়িয়াই আনে। জয়ৰ লগে লগে আৰু এখন খেল বাকী থকা অৱস্থাত ভাৰতে শৃংখলাও দখল কৰে।

এই জয়েৰে ভাৰতে আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত এটা দলৰ বিৰুদ্ধে একেৰাহে সৰ্বাধিক দ্বিপাক্ষিক এদিনীয়া শৃংখলা জয়ৰ নতুন অভিলেখ স্থাপন কৰিছে। ভাৰতীয় দলে এই শৃংখলা জয়ৰ লগে লগে ৱেষ্ট ইণ্ডিজৰ বিৰূদ্ধে ধাৰাবাহিক শৃংখলা জয়ৰ ধাৰা ১২ টালৈ বৃদ্ধি কৰে। ২০০৭ চনৰ পৰা ২০২২ চনলৈ ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাগ লোৱা দ্বিপাক্ষিক এদিনীয়া শৃংখলাত এটাও শৃংখলা হেৰুওৱা নাই আৰু এইদৰেই এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে।

এই ক্ষেত্ৰত ভাৰতে পাকিস্তানৰ নামত থকা ধাৰাবাহিক দ্বিপাক্ষিক শৃংখলা জয়ৰ অভিলেখ ভংগ কৰে। পাকিস্তানে ১৯৯৬ চনৰ পৰা ২০২১ চনলৈ জিম্বাবোৱেৰ বিৰুদ্ধে একেৰাহে ১১ টা শৃংখলা জয়ী হৈছিল। এই ৰেকৰ্ড তালিকাত তৃতীয় স্থানতো পাকিস্তানৰ নামেই আছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দলটোৱে ১৯৯৯-২০২২ বৰ্ষত ১০ টা শৃংখলাত ধাৰাবাহিক জয় সাব্যস্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ