--°C
Loading...
Listen to Article
2 min read
80%
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী


মোৰ মূৰটো গৈছে৷ আগতেও স্বাভাৱিক নাছিল৷ এতিয়া মাজে মাজে পুৰা অস্বাভাৱিক যেন লাগে৷ নহʼলেনো এনে আজে-বাজে কথাবোৰ মনলৈ আহি থাকেনে!

শ্মশানলৈ গৈছিলোঁ৷ মনটো শ্মশানতে থাকি গʼল পাক-ঘুৰণি খাই৷ চহৰত মৃত্যুৰ পিছত শ্মশানলৈ যোৱাৰ পথ পূৰ্বতকৈ বহু পৰিমাণে মসৃণ হৈছে৷ ইফালৰ পৰা সিফাললৈ ঘুৰ্মুটিয়াই ফুৰিব নালাগে৷ one window policyৰ নিচিনা৷ নৱগ্ৰহৰ সৈতে সঠিক যোগাযোগ হʼলে মৃতকক ঘৰৰ পৰা লৈ যোৱাৰ পৰা বাঁহৰ চুঙালৈ - সকলো মোটামুটি আউটচʼৰ্ছিং হৈ গৈছে৷ দুখখিনি নিজৰ৷ দুখ আদি কিছু বস্তু কেতিয়াও আউটচʼৰ্ছিং কৰিব নোৱাৰি৷ বেচিভাগ মানুহৰ বাবেই জীয়াই থকাটোৱে ইমান জটিল হৈ পৰিছে, এনেদৰে জীৱন কালটো দুখ-কষ্টৰে ভৰি পৰে যে পৈণত, স্বাভাৱিক মৃত্যুয়ে অসহনীয় দুখৰ মৰ্যাদা আজি-কালি হেৰুৱাই পেলাইছে৷ আপোনজনৰ দুখৰ তীব্ৰতা কমি আহিছে৷

আসন্ন মৃত্যুৰ বাবে অপেক্ষা কৰি ৰোৱা বৃদ্ধৰ বাবে চাগে জন্ম হৈছে এটা নতুন দুখৰ : মোৰ মৃত্যুক যদি আপোনজনেও অতি সহজভাবে লয়, এবাৰৰ বাবেও যদি কাৰো হৃৎপিণ্ড মোচৰ নাখায়৷ অৱশ্যে অকাল মৃত্যুৰ যন্ত্ৰণা আপোনজনৰ বাবে আজিও সমানেই অসহনীয় ৷ বুদ্ধই দেখুওৱা দৰ্শনেও তাত বিশেষ প্ৰলেপ সানিব পৰা নাই৷ বিজ্ঞানে কেতিয়াবা তাত আলোকপাত কৰিব পাৰিব নেকি?  মোৰ পাৰিব বুলি ভাব হয়৷ 

পুনৰ জন্ম আছে নে নাই নাজানো, কিন্তু এটা কথা বিশ্বাস কৰোঁ যে মৃত্যুয়েই শেষ নহয়৷ চিতাত তুলি দিয়া শৰীৰটোলৈ চাই আছিলোঁ ৷ হাত, ভৰি ,মুখ সকলো ঠিকেই আছে৷ নিদ্ৰামগ্ন নহয়৷ নিদ্ৰাত শ্বাস-প্ৰশ্বাস থাকে৷ মৃতকৰ নাথাকে৷ মৃত শৰীৰটোলৈ চাই থাকোতে ভাব হʼল জীৱনটো দুই প্ৰকাৰৰ শক্তিৰ খেলা, সমাহাৰ৷ এটা শক্তি ভৌতিক, শৰীৰটো, যাক জলাই দিবৰ বাবে চিতাত তুলি দিয়া হৈছে ৷আনটো শক্তি চেতনা, যি চিতাত তুলি দিয়াৰ আগতে শৰীৰটো এৰি থৈ গৈছে৷ 

বিজ্ঞানৰ মতে শক্তিৰ বোলে মৃত্যু নাই, ই মাথো ৰূপান্তৰিতহে হʼব পাৰে৷ সেই যুক্তিত মানুহৰো মৃত্যু নাই, ই মাথো ৰূপ সলায়৷ পুনৰ একে ৰূপ লৈ উভতি আহে নে নাই নাজানো৷ কিন্তু অন্য এক ৰূপত মানুহ অন্য এক জগতত হয়তো জীয়াই থাকে৷ কি ৰূপত আছে নজনাৰ বাবেহে আৰু সেই ৰূপৰ সৈতে সম্পৰ্কহীনতাৰ বাবেহে আমাৰ দুখ৷ 

মই কল্পনা কৰোঁ কেতিয়াবা, কি ঠিক, বিজ্ঞানে কিজানি এদিন, হয়তো হাজাৰ হাজাৰ বছৰ পাছত, এনে এটা দিন আমাক উপহাৰ দিব  ,যিদিনা আমি গম পাম আমাৰ আপোনজন কোনখন জগতত আছে, আমি জানিম যোৱাজন পূৰ্বতকৈও উন্নত পৰিৱেশত ভালদৰে আছে , সৰ্বোপৰি বিজ্ঞানে হয়তো আমাৰ হাতত তুলি দিবও পাৰে এনে এক প্ৰযুক্তি, যাৰ জৰিয়তে সেই নতুন ৰূপৰ সৈতে আমি সংযোগ স্থাপন কৰিব পাৰিম, কি ঠিক, হয়তো প্ৰযুক্তিৰেই সেই নতুন ৰূপক পুনৰ পূৰ্বৰ ৰূপলৈ ওভোটাই আনিব পাৰিম৷ শক্তিৰ ৰূপান্তৰ irreversible নহয়৷ বৰফ-পানী-ভাপৰ নিচিনা৷ সেইদিনা হয়তো মৃত্যুৰ সৈতে জড়িত দুখবোধৰো অন্ত পৰিব৷ তাৰ আগলৈকে মৃত্যুৰ সৈতে দুখবোধ অৱধাৰিত৷ তথাপি কাৰোবাৰ মৃত্যুৰ সৈতে মুখামুখি হʼবলগীয়া হʼলে বিজ্ঞানৰ এনে এক কাল্পনিক সম্ভাৱনাৰ কথা মনলৈ আনি দুখৰ বোজা পাতল কৰিম৷ অন্ধবিশ্বাস বুলি কʼলেও কʼব৷


এই পোষ্টটো লিখাৰ শেষত মই মোটামুটি পতিয়ন গৈছোঁ যে মোৰ মূৰৰ ঠিক নাই৷ হয়তো নিশ্চিত হৈছে আপোনালোকো৷ কি আহে , যায়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী