--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিহাৰত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ প্ৰসংগত আলোচনাৰ দাবী কৰি সংসদত বিৰোধী পক্ষই অচলাৱস্থাৰ সৃষ্টি কৰাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে।


ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা সামাজিক মাধ্যমৰ জৰিয়তে এই বাতৰি দিয়ে। সামাজিক মাধ্যমত ৰাষ্ট্ৰপতি ভৱনে ৰাষ্ট্ৰপতি মুর্মু আৰু প্রধানমন্ত্রী মোদীৰ এখন ফটো প্রকাশ কৰি ইয়াৰ তলত লিখে, 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে'। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ সৈতে কি আলোচনা কৰিলে সেই কথা প্রকাশ কৰা নাই।


উল্লেখযোগ্য যে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ প্ৰসংগত আলোচনাৰ দাবী কৰি সংসদত বিৰোধী পক্ষই অচলাৱস্থাৰ সৃষ্টি কৰাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে।


সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ সৈতে এই বিষয়টোক লৈও আলোচনা কৰে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ কাৰণে জৰিমনা আৰোপ কৰিব বুলি কৰা ঘোষণাৰ পাছতে প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু