--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰে সমাজক নেতৃত্ব দিয়া প্ৰয়াত মিশ্ৰৰ ১৯২৬ চনত গলিয়াহাটীৰ সাংস্কৃতিক চৰ্চাৰ অন্যতম কেন্দ্ৰ থকা এটা পৰিয়ালত জন্ম হৈছিল।

ডিজিটেল ডেস্কঃ শাস্ত্ৰীয় সংগীতজ্ঞ তথা বিশিষ্ট বেহেলা বাদক , অৱসৰপ্ৰাপ্ত শিক্ষক , বৰপেটাৰ সমাজ জীৱনৰ অভিভাৱকস্বৰূপ থকা সত্যকৃষ্ণ মিশ্ৰৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত বৰপেটাৰ গলিয়া হাটীৰ নিজ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওৰ বয়স হৈছিল ৯৯ বছৰ।


এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰে সমাজক নেতৃত্ব দিয়া প্ৰয়াত মিশ্ৰৰ ১৯২৬ চনত গলিয়াহাটীৰ সাংস্কৃতিক চৰ্চাৰ অন্যতম কেন্দ্ৰ থকা এটা পৰিয়ালত জন্ম হৈছিল।


শাস্ত্ৰীয় সংগীতৰ লগতে সত্ৰীয়া সংস্কৃতিৰ বিশেষ চৰ্চা থকা পৰিয়ালটোত সত্যকৃষ্ণ মিশ্ৰয়ো সৰুৰে পৰা ইয়াৰ চৰ্চাত নিমগ্ন হৈছিল। সমান্তৰালভাৱে বিদ্যায়তনিক ক্ষেত্ৰখনতো তেও আগবাঢ়ি গৈ পৰবৰ্তী সময়ত শিক্ষকতাৰ ক্ষেত্ৰখনত জড়িত হয়।


তেও বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমজন অধ্যক্ষ আছিল।‌ এজন জনাজাত ফুটবল খেলুৱৈ আৰু অভিনেতা প্ৰয়াত মিশ্ৰ বিশেষভাবে বেহেলা বাদনৰ চৰ্চাত ওৰে জীৱন নিমগ্ন আছিল।


অসমৰ বিভিন্ন মঞ্চৰ লগতে দেশৰ কেবাখনো ৰাজ্যৰ আগশাৰীৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত তেও বেহেলা পৰিৱেশন কৰিছিল।‌ তেও দুই পুত্ৰ ওস্তাদ প্ৰদ্যুত কৃষ্ণ মিশ্ৰ আৰু বিদ্যুত কৃষ্ণ মিশ্ৰও শাস্ত্ৰীয় সংগীত তথা বেহেলাৰ বিশিষ্ট বাদক। সত্যকৃষ্ণ মিশ্ৰই ইহসংসাৰত এৰি থৈ যোৱা পত্নী নিৰুপমা মিশ্ৰ এগৰাকী বিশিষ্ট শিশু সাহিত্যিক। ২০০৫ ত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা প্ৰয়াত মিশ্ৰ " বৰপেটা ৰত্ন", " বৰপেটা শিৰোমণি" , " সংগীত ভগীৰথ " আদি সন্মানেৰে বিভূষিত হৈছিল।


ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ কৰ্মকৰ্তা থকা প্ৰয়াত মিশ্ৰ বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতিও আছিল ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ