--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰে সমাজক নেতৃত্ব দিয়া প্ৰয়াত মিশ্ৰৰ ১৯২৬ চনত গলিয়াহাটীৰ সাংস্কৃতিক চৰ্চাৰ অন্যতম কেন্দ্ৰ থকা এটা পৰিয়ালত জন্ম হৈছিল।

ডিজিটেল ডেস্কঃ শাস্ত্ৰীয় সংগীতজ্ঞ তথা বিশিষ্ট বেহেলা বাদক , অৱসৰপ্ৰাপ্ত শিক্ষক , বৰপেটাৰ সমাজ জীৱনৰ অভিভাৱকস্বৰূপ থকা সত্যকৃষ্ণ মিশ্ৰৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত বৰপেটাৰ গলিয়া হাটীৰ নিজ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওৰ বয়স হৈছিল ৯৯ বছৰ।


এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰে সমাজক নেতৃত্ব দিয়া প্ৰয়াত মিশ্ৰৰ ১৯২৬ চনত গলিয়াহাটীৰ সাংস্কৃতিক চৰ্চাৰ অন্যতম কেন্দ্ৰ থকা এটা পৰিয়ালত জন্ম হৈছিল।


শাস্ত্ৰীয় সংগীতৰ লগতে সত্ৰীয়া সংস্কৃতিৰ বিশেষ চৰ্চা থকা পৰিয়ালটোত সত্যকৃষ্ণ মিশ্ৰয়ো সৰুৰে পৰা ইয়াৰ চৰ্চাত নিমগ্ন হৈছিল। সমান্তৰালভাৱে বিদ্যায়তনিক ক্ষেত্ৰখনতো তেও আগবাঢ়ি গৈ পৰবৰ্তী সময়ত শিক্ষকতাৰ ক্ষেত্ৰখনত জড়িত হয়।


তেও বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমজন অধ্যক্ষ আছিল।‌ এজন জনাজাত ফুটবল খেলুৱৈ আৰু অভিনেতা প্ৰয়াত মিশ্ৰ বিশেষভাবে বেহেলা বাদনৰ চৰ্চাত ওৰে জীৱন নিমগ্ন আছিল।


অসমৰ বিভিন্ন মঞ্চৰ লগতে দেশৰ কেবাখনো ৰাজ্যৰ আগশাৰীৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত তেও বেহেলা পৰিৱেশন কৰিছিল।‌ তেও দুই পুত্ৰ ওস্তাদ প্ৰদ্যুত কৃষ্ণ মিশ্ৰ আৰু বিদ্যুত কৃষ্ণ মিশ্ৰও শাস্ত্ৰীয় সংগীত তথা বেহেলাৰ বিশিষ্ট বাদক। সত্যকৃষ্ণ মিশ্ৰই ইহসংসাৰত এৰি থৈ যোৱা পত্নী নিৰুপমা মিশ্ৰ এগৰাকী বিশিষ্ট শিশু সাহিত্যিক। ২০০৫ ত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা প্ৰয়াত মিশ্ৰ " বৰপেটা ৰত্ন", " বৰপেটা শিৰোমণি" , " সংগীত ভগীৰথ " আদি সন্মানেৰে বিভূষিত হৈছিল।


ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ কৰ্মকৰ্তা থকা প্ৰয়াত মিশ্ৰ বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতিও আছিল ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ