--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চলিত বিত্তীয় বর্ষত এপ্রিল-জুন সময়ছোৱাত ভাৰতে আমেৰিকাৰ পৰা ৩২ হাজাৰ কোটি টকাৰ খাৰুৱা তেল ক্ৰয় কৰে।

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এপ্রিলত নতুন শুল্ক ঘোষণা কৰাৰ পাছত ভাৰতে আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণলৈ বৃদ্ধি কৰিছে। ভাৰতে যোৱা বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত আমেৰিকাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিছিল ১৫ হাজাৰ কোটি টকাৰ।


চলিত বিত্তীয় বর্ষত এপ্রিল-জুন সময়ছোৱাত ভাৰতে আমেৰিকাৰ পৰা ৩২ হাজাৰ কোটি টকাৰ খাৰুৱা তেল ক্ৰয় কৰে। আন কথাত যোৱা বছৰৰ তুলনাত এইবছৰ আমেৰিকাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো ১১৪% বৃদ্ধি পাইছে। ভাৰতে যোৱা বছৰ জানুৱাৰী-জুন সময়ছোৱাত আমেৰিকাৰ পৰা ক্ৰয় কৰিছিল ১.৮ লাখ বেৰল খাৰুৱা তেল। চলিত বছৰৰ একে সময়ছোৱাত আমেৰিকাৰ পৰা ক্ৰয় কৰা হয় ২.৭১ লাখ বেৰল খাৰুৱা তেল। কেৱল যোৱা মাহতেই ভাৰতে আমেৰিকাৰ পৰা জুনৰ তুলনাত ২৩% অধিক খাৰুৱা তেল ক্রয় কৰে।


এতিয়া ভাৰতৰ মুঠ তেল আমদানিত আমেৰিকাৰ পৰা ক্ৰয় কৰা তেলৰ হাৰ ৩%ৰ পৰা ৮%লৈ বৃদ্ধি পাইছে। কেৱল খাৰুৱা তেলেই নহয়, আমেৰিকাৰ পৰা তৰল পেট্ৰ'লিয়াম গেছ (এল পি জি) আৰু তৰল প্ৰাকৃতিক গেছৰ (এল এন জি) আমদানিও বৃদ্ধি পাইছে। চলিত বছৰত ভাৰতে আমেৰিকাৰ পৰা ২৪৬ কোটি ডলাৰৰ এল এন জি ক্রয় কৰে।


যোৱা বছৰ দেশখনৰ পৰা ১৪১ কোটি ডলাৰৰ এল এন ডি ক্ৰয় কৰিছিল। মন কৰিবলগীয়া যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিলেও আমেৰিকাৰ পৰা আমদানি কৰাৰ হাৰ বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰাৰ লগতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ কাৰণে জৰিমনা আৰোপ কৰিব বুলি ঘোষণা কৰে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ