--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চলিত বিত্তীয় বর্ষত এপ্রিল-জুন সময়ছোৱাত ভাৰতে আমেৰিকাৰ পৰা ৩২ হাজাৰ কোটি টকাৰ খাৰুৱা তেল ক্ৰয় কৰে।

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এপ্রিলত নতুন শুল্ক ঘোষণা কৰাৰ পাছত ভাৰতে আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণলৈ বৃদ্ধি কৰিছে। ভাৰতে যোৱা বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত আমেৰিকাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিছিল ১৫ হাজাৰ কোটি টকাৰ।


চলিত বিত্তীয় বর্ষত এপ্রিল-জুন সময়ছোৱাত ভাৰতে আমেৰিকাৰ পৰা ৩২ হাজাৰ কোটি টকাৰ খাৰুৱা তেল ক্ৰয় কৰে। আন কথাত যোৱা বছৰৰ তুলনাত এইবছৰ আমেৰিকাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো ১১৪% বৃদ্ধি পাইছে। ভাৰতে যোৱা বছৰ জানুৱাৰী-জুন সময়ছোৱাত আমেৰিকাৰ পৰা ক্ৰয় কৰিছিল ১.৮ লাখ বেৰল খাৰুৱা তেল। চলিত বছৰৰ একে সময়ছোৱাত আমেৰিকাৰ পৰা ক্ৰয় কৰা হয় ২.৭১ লাখ বেৰল খাৰুৱা তেল। কেৱল যোৱা মাহতেই ভাৰতে আমেৰিকাৰ পৰা জুনৰ তুলনাত ২৩% অধিক খাৰুৱা তেল ক্রয় কৰে।


এতিয়া ভাৰতৰ মুঠ তেল আমদানিত আমেৰিকাৰ পৰা ক্ৰয় কৰা তেলৰ হাৰ ৩%ৰ পৰা ৮%লৈ বৃদ্ধি পাইছে। কেৱল খাৰুৱা তেলেই নহয়, আমেৰিকাৰ পৰা তৰল পেট্ৰ'লিয়াম গেছ (এল পি জি) আৰু তৰল প্ৰাকৃতিক গেছৰ (এল এন জি) আমদানিও বৃদ্ধি পাইছে। চলিত বছৰত ভাৰতে আমেৰিকাৰ পৰা ২৪৬ কোটি ডলাৰৰ এল এন জি ক্রয় কৰে।


যোৱা বছৰ দেশখনৰ পৰা ১৪১ কোটি ডলাৰৰ এল এন ডি ক্ৰয় কৰিছিল। মন কৰিবলগীয়া যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিলেও আমেৰিকাৰ পৰা আমদানি কৰাৰ হাৰ বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰাৰ লগতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ কাৰণে জৰিমনা আৰোপ কৰিব বুলি ঘোষণা কৰে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু