--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পদযাত্ৰীৰ সুৰক্ষাৰ সৈতে জড়িত এখন আৱেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিয়ে।

ডিজিটেল ডেস্কঃ পদপথৰ অধিকাৰ কেৱল পদযাত্ৰীৰহে। উচ্চতম ন্যায়ালয়ে এটা গোচৰত এই ৰায় দিয়ে। ন্যায়াধীশ জে বি পৰ্দিৱালাৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই ৰায় দি কয় যে সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদৰ অধীনত পদযাত্ৰীৰ বাবে পদপথৰ অধিকাৰ সংৰক্ষিত হৈ আছে। ন্যায়ালয়ে ইয়াৰ লগতে পদযাত্ৰীৰ বাবে পদপথ সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নীতি-নিৰ্দেশনা প্রস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।


পদযাত্ৰীৰ সুৰক্ষাৰ সৈতে জড়িত এখন আৱেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিয়ে। ন্যায়ালয়ে কয় যে যদিহে পদযাত্ৰীৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নীতি-নিৰ্দেশনা প্রস্তুত নকৰে তেতিয়া উচ্চতম ন্যায়ালয়ে নিজে অধিবক্তাৰ সহযোগত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব।


উচ্চতম ন্যায়ালয়ে কয় যে নাগৰিকৰ ব্যৱহাৰৰ বাবে পদপথ উপযুক্ত হোৱাৰ প্ৰয়োজন। এই পদপথবোৰ দিব্যাংগ ব্যক্তিৰ বাবেও সহজ হ'ব লাগে। আদালতে লগতে কয় যে পদপথৰ বেদখল আঁতৰোৱা উচিত। দেশৰ সৰ্বোচ্চ আদালতে কয় যে এতিয়ালৈকে পদযাত্ৰীৰ বাবে পদপথৰ অধিকাৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ কোনোধৰণৰ নীতি-নিৰ্দেশনা নাই।


বিচাৰপীঠে কয় যে প্রাক্তন ন্যায়াধীশ অভয় মনোহৰ ছাপ্ৰেৰ নেতৃত্বত এখন কমিটী গঠন কৰা হৈছে আৰু এই কমিটীখনে পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন নির্দেশ কাৰ্যকৰী কৰাটো নিৰীক্ষণ কৰিব। কমিটীখনে এইবুলি কয় যে এবাৰ নীতি-নির্দেশনা প্রস্তুত হৈ উঠিলে ইয়াক কাৰ্যকৰী কৰাৰ ওপৰত চকু ৰাখিব পৰা যাব।


দেশৰ সৰ্বোচ্চ আদালতে কয় যে নাগৰিকৰ বাবে উপযুক্ত পদপথৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় পথ সুৰক্ষা ব'ৰ্ড গঠনৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ছমাহ সময় বান্ধি দিয়ে। ইয়াৰ পাছত অধিক সময় দিয়া নহ'ব বুলিও বিচাৰপীঠে লগতে স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে ৰায়টোত গুৰুত্বপূৰ্ণ মন্তব্য দি কয় যে পদযাত্ৰীৰ বাবে পদপথৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন, কিয়নো সেয়া তেওঁলোকৰ মৌলিক অধিকাৰ।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি