--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পদযাত্ৰীৰ সুৰক্ষাৰ সৈতে জড়িত এখন আৱেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিয়ে।

ডিজিটেল ডেস্কঃ পদপথৰ অধিকাৰ কেৱল পদযাত্ৰীৰহে। উচ্চতম ন্যায়ালয়ে এটা গোচৰত এই ৰায় দিয়ে। ন্যায়াধীশ জে বি পৰ্দিৱালাৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই ৰায় দি কয় যে সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদৰ অধীনত পদযাত্ৰীৰ বাবে পদপথৰ অধিকাৰ সংৰক্ষিত হৈ আছে। ন্যায়ালয়ে ইয়াৰ লগতে পদযাত্ৰীৰ বাবে পদপথ সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নীতি-নিৰ্দেশনা প্রস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।


পদযাত্ৰীৰ সুৰক্ষাৰ সৈতে জড়িত এখন আৱেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিয়ে। ন্যায়ালয়ে কয় যে যদিহে পদযাত্ৰীৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নীতি-নিৰ্দেশনা প্রস্তুত নকৰে তেতিয়া উচ্চতম ন্যায়ালয়ে নিজে অধিবক্তাৰ সহযোগত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব।


উচ্চতম ন্যায়ালয়ে কয় যে নাগৰিকৰ ব্যৱহাৰৰ বাবে পদপথ উপযুক্ত হোৱাৰ প্ৰয়োজন। এই পদপথবোৰ দিব্যাংগ ব্যক্তিৰ বাবেও সহজ হ'ব লাগে। আদালতে লগতে কয় যে পদপথৰ বেদখল আঁতৰোৱা উচিত। দেশৰ সৰ্বোচ্চ আদালতে কয় যে এতিয়ালৈকে পদযাত্ৰীৰ বাবে পদপথৰ অধিকাৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ কোনোধৰণৰ নীতি-নিৰ্দেশনা নাই।


বিচাৰপীঠে কয় যে প্রাক্তন ন্যায়াধীশ অভয় মনোহৰ ছাপ্ৰেৰ নেতৃত্বত এখন কমিটী গঠন কৰা হৈছে আৰু এই কমিটীখনে পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন নির্দেশ কাৰ্যকৰী কৰাটো নিৰীক্ষণ কৰিব। কমিটীখনে এইবুলি কয় যে এবাৰ নীতি-নির্দেশনা প্রস্তুত হৈ উঠিলে ইয়াক কাৰ্যকৰী কৰাৰ ওপৰত চকু ৰাখিব পৰা যাব।


দেশৰ সৰ্বোচ্চ আদালতে কয় যে নাগৰিকৰ বাবে উপযুক্ত পদপথৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় পথ সুৰক্ষা ব'ৰ্ড গঠনৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ছমাহ সময় বান্ধি দিয়ে। ইয়াৰ পাছত অধিক সময় দিয়া নহ'ব বুলিও বিচাৰপীঠে লগতে স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে ৰায়টোত গুৰুত্বপূৰ্ণ মন্তব্য দি কয় যে পদযাত্ৰীৰ বাবে পদপথৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন, কিয়নো সেয়া তেওঁলোকৰ মৌলিক অধিকাৰ।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু