--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এল পি জি গেছ যাতে মধ্যবিত্ত শ্ৰেণীৰ বাবে সুলভ হয় তাৰ বাবে ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যৰ অনুমোদন দিয়া হৈছে।

ডিজিটেল ডেস্ক : শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেট বৈঠক অনুষ্ঠিত হয়, য’ত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।


কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এল পি জি গেছ যাতে মধ্যবিত্ত শ্ৰেণীৰ বাবে সুলভ হয় তাৰ বাবে ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যৰ অনুমোদন দিয়া হৈছে।


বৰ্তমানৰ ভূ-ৰাজনীতিত গেছৰ দাম উঠা-নমা হয় আৰু ইয়াৰ যত্ন ল’বলৈ ৰাজসাহায্য দিয়া হয়। ইয়াৰ উপৰিও ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ১২ হাজাৰ কোটি টকাৰ ৰাজসাহায্য প্ৰদানৰ বাবে মন্ত্ৰীসভাই অনুমোদন জনায়। কাৰিকৰী শিক্ষানুষ্ঠানসমূহ শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে ৪২০০ কোটি টকাৰ অনুমোদন প্ৰদান কৰে।


অশ্বিনী বৈষ্ণৱে অৱগত কৰে যে কেবিনেটে ৪২০০ কোটি টকা ব্যয়ৰে বহুবিষয়ক শিক্ষা আৰু কাৰিকৰী শিক্ষাত গৱেষণা উন্নয়ন (MERITE) আঁচনিৰ বাজেট সমৰ্থনত অনুমোদন জনাইছে। ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠানসমূহক MERITEৰ অধীনত সহায় কৰা হ’ব। ইয়াৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষৰ ১৭৫খন অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু ১০০খন পলিটেকনিকে সুবিধা লাভ কৰিব।


ইয়াৰ বাহিৰেও অশ্বিনী বৈষ্ণৱে কয় যে ২০১৪ চনৰ আগতে উত্তৰ-পূৰ্বাঞ্চলত বহুতো বিবাদ, আন্দোলন হৈছিল। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যোৱা ১১ বছৰত আলোচনাৰ জৰিয়তে বিকশিত সমাধানৰ জৰিয়তে ১০ হাজাৰ কেডাৰে আত্মসমৰ্পণ কৰি মূলসুঁতিত যোগদান কৰিছে। কেবিনেটে অসম আৰু ত্ৰিপুৰাৰ বাবে বিশেষ উন্নয়ন পেকেজৰ বৰ্তমানৰ কেন্দ্ৰীয় খণ্ড আঁচনিৰ অধীনত চাৰিটা নতুন উপাদানত অনুমোদন জনায়, মুঠ ব্যয় ৭,২৫০ কোটি টকা (কেন্দ্ৰ - ৪,২৫০ কোটি আৰু ৰাজ্যিক - ৩,০০০ কোটি টকা)। তামিলনাডুত ৪ লেনযুক্ত মৰাক্কানাম – পুডুচেৰী (৪৬ কিলোমিটাৰ) নিৰ্মাণৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনায়, যিটো মুঠ ২,১৫৭ কোটি টকাৰ মূলধনী ব্যয়ৰে উন্নয়ন কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু