--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দাবী কৰিছিল যে ২০১৪ চনত চাৰিখন ইউক্রেইনৰ অঞ্চল লুহানস্ক, ডনেতস্ক, জাপৰিজিহিয়া আৰু খেৰছন লগতে ক্রিমিয়াত দখল কৰিছিল।

ডিজিটেল ডেস্কঃ ইউক্রেইনৰে যুদ্ধৰ অন্ত পেলাবলৈ এখন চুক্তিৰ বিষয়ত ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে আলাস্কাত ১৫ আগষ্টত বৈঠকত মিলিত হ'ব মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প।


ৰাষ্ট্ৰপতি ট্রাম্পে এই বহু প্রতীক্ষিত বৈঠকখনৰ বিষয়ে শুকুৰবাৰে সামাজিক মাধ্যম ট্রুথ ছ'চিয়েলত এটা প'ষ্টযোগে সদৰী কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে প'ষ্টটোত লিখে, 'বহু প্রতীক্ষিত আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বৈঠকখন ১৫ আগষ্ট, শুকুৰবাৰে আলাস্কা প্রদেশত অনুষ্ঠিত কৰা হ'ব'। ইফালে ৰয়টাৰৰ বাতৰি অনুসৰি, ক্রেমলিনেও এই তথ্য নিশ্চিত কৰিছে।


ক্রেমলিনৰ সহযোগী য়ুৰী ওছাক'ভে কয় যে দুয়োখন দেশৰ নেতা দুজনে ইউক্রেইনত হোৱা সংকটৰ দিশত এটা দীর্ঘম্যাদী শান্তিপূর্ণ প্রস্তাৱ অনাৰ বাবে থকা বিকল্পসমূহৰ ওপৰত গুৰুত্ব দিআলোচনা কৰে। অৱশ্যে ক্রেমলিনৰ সূত্ৰটোৱে এই বৈঠকক এক 'প্রত্যাহ্বানমূলক প্রক্রিয়া' হিচাপে অভিহিত কৰে। আনহাতে, শুকুৰবাৰে হোৱাইট হাউছত সাংবাদিকৰে বাৰ্তালাপ কৰি ট্রাম্পে কয় যে ইউক্রেইনী ৰাষ্ট্ৰপতি জেলেনস্কিসহ সকলো পক্ষই এখন যুদ্ধ বিৰতি চুক্তিৰ সমীপত উপনীত হৈছে। ইউক্রেইনে এই ক্ষেত্ৰত ইয়াৰ কিছুমান অঞ্চল এৰি দিব লগাও হ'ব পাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাষ্ট্ৰপতি ট্রাম্পে।


উল্লেখযোগ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দাবী কৰিছিল যে ২০১৪ চনত চাৰিখন ইউক্রেইনৰ অঞ্চল লুহানস্ক, ডনেতস্ক, জাপৰিজিহিয়া আৰু খেৰছন লগতে ক্রিমিয়াত দখল কৰিছিল। ইফালে, ৰুছ বাহিনীয়ে ইউক্রেইনৰ এই অঞ্চলসমূহত সম্পূর্ণ দখল আনিবলৈ সক্ষম হোৱা নাই। ইয়াৰ মাজতে ব্লুমবার্গে প্রকাশ কৰা অনুসৰি আমেৰিকা আৰু ৰাছিয়াৰ বিষয়াসকলে কার্যত লিপ্ত হৈ আছে যে মস্কোৱে এই দখলীকৃত ইউক্রেইনৰ অঞ্চলবোৰ লাভ কৰে। অৱশ্যে, হোৱাইট হাউছে এই বাতৰি অশ্বীকাৰ কৰিছে।


ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে যদি ৰাছিয়াৰ ওপৰত প্ৰৱল হেঁচা প্রয়োগ কৰা হয়, তেতিয়াহে এখন যুদ্ধ-বিৰতি চুক্তি হ'ব। অৱশ্যে, এখন যুদ্ধ-বিৰতিৰ চুক্তিৰ সম্ভাৱনাক লৈ আশাবাদী ৰাষ্ট্ৰপতি জেলেনস্কি।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য