--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দাবী কৰিছিল যে ২০১৪ চনত চাৰিখন ইউক্রেইনৰ অঞ্চল লুহানস্ক, ডনেতস্ক, জাপৰিজিহিয়া আৰু খেৰছন লগতে ক্রিমিয়াত দখল কৰিছিল।

ডিজিটেল ডেস্কঃ ইউক্রেইনৰে যুদ্ধৰ অন্ত পেলাবলৈ এখন চুক্তিৰ বিষয়ত ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে আলাস্কাত ১৫ আগষ্টত বৈঠকত মিলিত হ'ব মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প।


ৰাষ্ট্ৰপতি ট্রাম্পে এই বহু প্রতীক্ষিত বৈঠকখনৰ বিষয়ে শুকুৰবাৰে সামাজিক মাধ্যম ট্রুথ ছ'চিয়েলত এটা প'ষ্টযোগে সদৰী কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে প'ষ্টটোত লিখে, 'বহু প্রতীক্ষিত আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বৈঠকখন ১৫ আগষ্ট, শুকুৰবাৰে আলাস্কা প্রদেশত অনুষ্ঠিত কৰা হ'ব'। ইফালে ৰয়টাৰৰ বাতৰি অনুসৰি, ক্রেমলিনেও এই তথ্য নিশ্চিত কৰিছে।


ক্রেমলিনৰ সহযোগী য়ুৰী ওছাক'ভে কয় যে দুয়োখন দেশৰ নেতা দুজনে ইউক্রেইনত হোৱা সংকটৰ দিশত এটা দীর্ঘম্যাদী শান্তিপূর্ণ প্রস্তাৱ অনাৰ বাবে থকা বিকল্পসমূহৰ ওপৰত গুৰুত্ব দিআলোচনা কৰে। অৱশ্যে ক্রেমলিনৰ সূত্ৰটোৱে এই বৈঠকক এক 'প্রত্যাহ্বানমূলক প্রক্রিয়া' হিচাপে অভিহিত কৰে। আনহাতে, শুকুৰবাৰে হোৱাইট হাউছত সাংবাদিকৰে বাৰ্তালাপ কৰি ট্রাম্পে কয় যে ইউক্রেইনী ৰাষ্ট্ৰপতি জেলেনস্কিসহ সকলো পক্ষই এখন যুদ্ধ বিৰতি চুক্তিৰ সমীপত উপনীত হৈছে। ইউক্রেইনে এই ক্ষেত্ৰত ইয়াৰ কিছুমান অঞ্চল এৰি দিব লগাও হ'ব পাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাষ্ট্ৰপতি ট্রাম্পে।


উল্লেখযোগ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দাবী কৰিছিল যে ২০১৪ চনত চাৰিখন ইউক্রেইনৰ অঞ্চল লুহানস্ক, ডনেতস্ক, জাপৰিজিহিয়া আৰু খেৰছন লগতে ক্রিমিয়াত দখল কৰিছিল। ইফালে, ৰুছ বাহিনীয়ে ইউক্রেইনৰ এই অঞ্চলসমূহত সম্পূর্ণ দখল আনিবলৈ সক্ষম হোৱা নাই। ইয়াৰ মাজতে ব্লুমবার্গে প্রকাশ কৰা অনুসৰি আমেৰিকা আৰু ৰাছিয়াৰ বিষয়াসকলে কার্যত লিপ্ত হৈ আছে যে মস্কোৱে এই দখলীকৃত ইউক্রেইনৰ অঞ্চলবোৰ লাভ কৰে। অৱশ্যে, হোৱাইট হাউছে এই বাতৰি অশ্বীকাৰ কৰিছে।


ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে যদি ৰাছিয়াৰ ওপৰত প্ৰৱল হেঁচা প্রয়োগ কৰা হয়, তেতিয়াহে এখন যুদ্ধ-বিৰতি চুক্তি হ'ব। অৱশ্যে, এখন যুদ্ধ-বিৰতিৰ চুক্তিৰ সম্ভাৱনাক লৈ আশাবাদী ৰাষ্ট্ৰপতি জেলেনস্কি।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ