ডিজিটেল ডেস্ক : সমগ্র ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস যোৱা ৭আগষ্টত পালন কৰা হয়।
শাসকীয় বিজেপি চৰকাৰে বিগত ১১টা বছৰত দেশত ২৬০০ৰ অধিক প্রদর্শনী আৰু ২০খনতকৈও অধিক দেশলৈ প্রায় ২১ হাজাৰ কোটি টকাৰ হস্ততাঁত সামগ্ৰী ৰপ্তানি কৰি ১.৬ লাখ শিপিনীক লাভান্বিত কৰাৰ লগতে জি আই এক্ট ১৯৯৯ৰ অধীনত ১০৪ বিধ হস্ততাঁত উৎপাদন আৰু উৎপাদনৰ ৬টাকৈ ল'গ'ই শিপিনীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ স্বকীয় পৰিচয় আৰু ঐতিহ্যক ৰক্ষণাবেক্ষণ দিছে।
কিন্তু অসমৰ বজাৰত উপলব্ধ বহিঃৰাজ্যৰ গামোচাই শিপিনীসকলৰ সন্মুখত প্রত্যাহবান হিচাপে থিয় দিছে। অসমীয়াৰ জাতীয় প্রতীক বুলি পৰিগণিত ফুলাম গামোচা আজিকালি বিভিন্ন অনুষ্ঠানত প্রায় উপেক্ষিত হৈ পৰিছে।
ৰাজ্যজুৰি অনুষ্ঠিত হোৱা একাংশ ৰাজনৈতিক সভা, সাংস্কৃতিক অনুষ্ঠান, বেচৰকাৰী সভাসমূহত দিনক দিনে ফুলাম গামোচাৰ ঠাইত বহিঃৰাজ্যৰ মেচিনত প্ৰস্তুত কৰা সাধাৰণ গামোচাৰ ব্যৱহাৰ দেখা গৈছে। উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্রদেশ আদিৰ পৰা অহা এই গামোচাসমূহে আজিৰ একাংশ অনুষ্ঠানত ফুলাম গামোচাক সম্পূৰ্ণ ৰূপে উপেক্ষা কৰি আছে।
অসমীয়াৰ গৌৰৱৰ প্ৰতীক এই ফুলাম গামোচাই জি আই টেগ লাভ কৰিছে, যিয়ে ইয়াৰ স্থানীয় পৰিচয় আৰু সাংস্কৃতিক মূল্যক প্রতিষ্ঠা কৰিছে। তথাপি বহিঃৰাজ্যৰ গামোচাৰ অনুপ্ৰৱেশে অসমীয়া গামোচাৰ ঐতিহ্যক সংকটত পেলাইছে। বিশেষকৈ অতিথিক সম্বর্ধনা জনাবলৈ একাংশই বহিঃৰাজ্যৰ গামোচা আগবঢ়োৱা হৈছে, যি দৃশ্যই অসমীয়া সচেতন ৰাইজৰ অন্তৰত আঘাত কৰিছে।
এই পৰিস্থিতিয়ে স্থানীয় তাঁতশিল্প আৰু ফুলাম গামোচা প্রস্তুতৰ লগত জড়িত সহস্রাধিক মহিলা আৰু আত্মসহায়ক গোটকো আর্থিকভাবে ক্ষতিগ্রস্ত কৰি তুলিছে। তেওঁলোকৰ জীৱিকাৰ সৈতে জড়িত এই অসমীয়া গামোচা যদি এইদৰে অনুষ্ঠানৰ পৰা আঁতৰি পৰে, তেন্তে শিপিনীসকলৰ অৰ্থনৈতিক ভৱিষ্যত অন্ধকাৰ। বহু বিশিষ্ট ব্যক্তি, সাংবাদিক, সাহিত্যিক আৰু সাংস্কৃতিক সংগঠনে বহিঃৰাজ্যৰ গামোচাৰ ব্যৱহাৰ অসমীয়াৰ সাংস্কৃতিক অপমান বুলি অভিহিত কৰিছে। তেওঁলোকে চৰকাৰ আৰু অনুষ্ঠানৰ সংগঠকসকলৰ পৰা স্থানীয় ফুলাম গামোচাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ আহ্বান জনাইছে।
গামোচা কেৱল বস্ত্ৰ নহয়- ই অসমীয়াৰ আত্মিক সম্পর্ক, জাতীয় স্বাভিমান আৰু সাংস্কৃতিক আত্মচেতনাৰ চিহ্ন। সেই চিহ্নক বাহ্যিক সুবিধাৰ বাবে উপেক্ষা কৰা মানে হৈছে, নিজৰ পৰিচয়ক নিজে লুকুৱাই থোৱা। সেয়েহে, এই সময়ত বহিঃৰাজ্যৰ গামোচাৰ বিক্রী প্রকৃতার্থত বন্ধ কৰি স্থানীয় হস্তশিল্পক আগবঢ়োৱা, গামোচাৰ সঠিক ৰূপৰ প্ৰচাৰ আৰু প্ৰতিটো মঞ্চত ফুলাম গামোচাৰ গৰিমাক সন্মান জনোৱা।
এই বিষয়ে সচেতনতা বৃদ্ধি, নীতি নির্ধাৰণ আৰু স্থানীয় উৎপাদকৰ উৎসাহেই অসমীয়াৰ এই সাংস্কৃতিক প্রতীকক সংৰক্ষণ কৰিব পাৰে। নহ'লে বহিঃৰাজ্যৰ গামোচাই ফুলাম গামোচাৰ ঠাই অধিকাৰ কৰি, অসমীয়াৰ মুখৰ পৰা নিজৰ পৰিচয় কাঢ়ি লৈ যাবলৈ বেছিদিন নালাগিব।
উৎসঃ দৈনিক জনমভূমি