--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমৰ বজাৰত উপলব্ধ বহিঃৰাজ্যৰ গামোচাই শিপিনীসকলৰ সন্মুখত প্রত্যাহবান হিচাপে থিয় দিছে।

ডিজিটেল ডেস্ক : সমগ্র ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস যোৱা ৭আগষ্টত পালন কৰা হয়।


শাসকীয় বিজেপি চৰকাৰে বিগত ১১টা বছৰত দেশত ২৬০০ৰ অধিক প্রদর্শনী আৰু ২০খনতকৈও অধিক দেশলৈ প্রায় ২১ হাজাৰ কোটি টকাৰ হস্ততাঁত সামগ্ৰী ৰপ্তানি কৰি ১.৬ লাখ শিপিনীক লাভান্বিত কৰাৰ লগতে জি আই এক্ট ১৯৯৯ৰ অধীনত ১০৪ বিধ হস্ততাঁত উৎপাদন আৰু উৎপাদনৰ ৬টাকৈ ল'গ'ই শিপিনীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ স্বকীয় পৰিচয় আৰু ঐতিহ্যক ৰক্ষণাবেক্ষণ দিছে।


কিন্তু অসমৰ বজাৰত উপলব্ধ বহিঃৰাজ্যৰ গামোচাই শিপিনীসকলৰ সন্মুখত প্রত্যাহবান হিচাপে থিয় দিছে। অসমীয়াৰ জাতীয় প্রতীক বুলি পৰিগণিত ফুলাম গামোচা আজিকালি বিভিন্ন অনুষ্ঠানত প্রায় উপেক্ষিত হৈ পৰিছে।


ৰাজ্যজুৰি অনুষ্ঠিত হোৱা একাংশ ৰাজনৈতিক সভা, সাংস্কৃতিক অনুষ্ঠান, বেচৰকাৰী সভাসমূহত দিনক দিনে ফুলাম গামোচাৰ ঠাইত বহিঃৰাজ্যৰ মেচিনত প্ৰস্তুত কৰা সাধাৰণ গামোচাৰ ব্যৱহাৰ দেখা গৈছে। উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্রদেশ আদিৰ পৰা অহা এই গামোচাসমূহে আজিৰ একাংশ অনুষ্ঠানত ফুলাম গামোচাক সম্পূৰ্ণ ৰূপে উপেক্ষা কৰি আছে।


অসমীয়াৰ গৌৰৱৰ প্ৰতীক এই ফুলাম গামোচাই জি আই টেগ লাভ কৰিছে, যিয়ে ইয়াৰ স্থানীয় পৰিচয় আৰু সাংস্কৃতিক মূল্যক প্রতিষ্ঠা কৰিছে। তথাপি বহিঃৰাজ্যৰ গামোচাৰ অনুপ্ৰৱেশে অসমীয়া গামোচাৰ ঐতিহ্যক সংকটত পেলাইছে। বিশেষকৈ অতিথিক সম্বর্ধনা জনাবলৈ একাংশই বহিঃৰাজ্যৰ গামোচা আগবঢ়োৱা হৈছে, যি দৃশ্যই অসমীয়া সচেতন ৰাইজৰ অন্তৰত আঘাত কৰিছে।


এই পৰিস্থিতিয়ে স্থানীয় তাঁতশিল্প আৰু ফুলাম গামোচা প্রস্তুতৰ লগত জড়িত সহস্রাধিক মহিলা আৰু আত্মসহায়ক গোটকো আর্থিকভাবে ক্ষতিগ্রস্ত কৰি তুলিছে। তেওঁলোকৰ জীৱিকাৰ সৈতে জড়িত এই অসমীয়া গামোচা যদি এইদৰে অনুষ্ঠানৰ পৰা আঁতৰি পৰে, তেন্তে শিপিনীসকলৰ অৰ্থনৈতিক ভৱিষ্যত অন্ধকাৰ। বহু বিশিষ্ট ব্যক্তি, সাংবাদিক, সাহিত্যিক আৰু সাংস্কৃতিক সংগঠনে বহিঃৰাজ্যৰ গামোচাৰ ব্যৱহাৰ অসমীয়াৰ সাংস্কৃতিক অপমান বুলি অভিহিত কৰিছে। তেওঁলোকে চৰকাৰ আৰু অনুষ্ঠানৰ সংগঠকসকলৰ পৰা স্থানীয় ফুলাম গামোচাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ আহ্বান জনাইছে।


গামোচা কেৱল বস্ত্ৰ নহয়- ই অসমীয়াৰ আত্মিক সম্পর্ক, জাতীয় স্বাভিমান আৰু সাংস্কৃতিক আত্মচেতনাৰ চিহ্ন। সেই চিহ্নক বাহ্যিক সুবিধাৰ বাবে উপেক্ষা কৰা মানে হৈছে, নিজৰ পৰিচয়ক নিজে লুকুৱাই থোৱা। সেয়েহে, এই সময়ত বহিঃৰাজ্যৰ গামোচাৰ বিক্রী প্রকৃতার্থত বন্ধ কৰি স্থানীয় হস্তশিল্পক আগবঢ়োৱা, গামোচাৰ সঠিক ৰূপৰ প্ৰচাৰ আৰু প্ৰতিটো মঞ্চত ফুলাম গামোচাৰ গৰিমাক সন্মান জনোৱা।


এই বিষয়ে সচেতনতা বৃদ্ধি, নীতি নির্ধাৰণ আৰু স্থানীয় উৎপাদকৰ উৎসাহেই অসমীয়াৰ এই সাংস্কৃতিক প্রতীকক সংৰক্ষণ কৰিব পাৰে। নহ'লে বহিঃৰাজ্যৰ গামোচাই ফুলাম গামোচাৰ ঠাই অধিকাৰ কৰি, অসমীয়াৰ মুখৰ পৰা নিজৰ পৰিচয় কাঢ়ি লৈ যাবলৈ বেছিদিন নালাগিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ