--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হঠাত আপোনাৰ একাউণ্ট খালি কৰি চাইবাৰ চক্ৰই লৈ যাব পাৰে সকলো জমা ধন। কিন্তু এনে সময়ত বেংকৰ পৰা তেনে মেছেজ লাভ কৰা মাত্ৰকে পলম নকৰি ফোন কৰক অসম আৰক্ষীৰ চাইবাৰ চেলৰ ১৯৩০ নম্বৰত।

ডিজিটেল ডেস্কঃ আপুনি যদি চাইবাৰ চক্ৰৰ প্ৰৱঞ্চনাৰ বলি হৈছে লগে লগে পলম নকৰি ফোন কৰক ১৯৩০ লৈ। অসম আৰক্ষীৰ চাইবাৰ চেলে মুকলি কৰা এই নম্বৰত ফোন কৰি চাইবাৰ চক্ৰই একাউণ্টৰ পৰা লৈ যোৱা ৯৩ লাখ টকা ঘুৰাই পালে এজন ব্যৱসায়ীয়ে।


আপুনিও পৰিব পাৰে চাইবাৰ চক্ৰৰ প্ৰৱঞ্চনাৰ জালত। হঠাত আপোনাৰ একাউণ্ট খালি কৰি চাইবাৰ চক্ৰই লৈ যাব পাৰে সকলো জমা ধন। কিন্তু এনে সময়ত বেংকৰ পৰা তেনে মেছেজ লাভ কৰা মাত্ৰকে পলম নকৰি ফোন কৰক অসম আৰক্ষীৰ চাইবাৰ চেলৰ ১৯৩০ নম্বৰত। আপোনাৰ তৎপৰতাৰ বাবে ঘুৰাই পাব পাৰে চাইবাৰ চক্ৰই লৈ যোৱা ধন।


এনে এজন ভোক্তভোগীৰ তৎপৰতাত মৰিগাঁও আৰক্ষীয়ে বৃহৎ পৰিমানৰ ধন সফলতাৰে ঘুৰাই আনিবলৈ সক্ষম হৈছে। ভোক্তভোগীৰ তৎপৰতাৰ বাবেই মৰিগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ কবৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৯৩ লাখ টকা । ঘটনাৰ বিবৰণিৰ মতে পীযোশ ক্ৰান্তি দে নামৰ মৰিগাঁওৰ এজন ব্যৱসায়ীৰ কৰ্মচাৰীক টুপি পিন্ধাই উত্তৰপ্ৰদেশৰ এটা চাইবাৰ চক্ৰই ৫ মে তাৰিখে কৌশলেৰে সৰকাই নিছিল ৯৬ লাখ কৈ টকা।


জাগীৰোডৰ এইজন ব্যৱসায়ী পীযোশ ক্ৰান্তি দেৰ একাউণ্টেণ্টৰ পৰা কৌশলেৰে চাইবাৰ অপৰাধী চক্ৰ টোৰ সদস্যই নিজকে পীযোশ ক্ৰান্তি দে বুলি কৈ Whatsapp মেছেজত কথা পাতিছিল। WhatsApp ৰ ডিপিত ব্যৱহাৰ কৰিছিল দেৰ ফটো। মেছেজত কথা পাতি বিশ্বাস জন্মাই লুটি নিছিল ৯৬ লাখ টকা। কিন্তু দেয়ে বেংকৰ পৰা মেছেজ লাভ কৰা মাত্ৰকে ঘটনাৰ বুজ লৈ তৎক্ষণাৎ ১৯৩০ ত ফোন কৰাৰ লগতে স্থানীয় আৰক্ষীক জনায়। লগে লগে মৰিগাঁও আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই অৱশেষত ৯৬ লাখ টকাৰ ৯৩ লাখ টকা উভতাই আনিবলৈ সক্ষম হয়। পগ্ৰেছিভ ফাৰ্তিছেম প্ৰাইভেট লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ পীযোশ ক্ৰান্তি দেয়ে আজি মৰিগাঁৱত উপস্থিত হৈ আৰক্ষীৰ এই সফলতাক প্ৰশংসা কৰাৰ লগতে দৃঢ়তাৰে কয় - এনে চক্ৰৰ প্ৰৱঞ্চনাৰ বলি হ'লে তৎক্ষনাত আৰক্ষীৰ কাষ চাপিবলৈ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ