--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হঠাত আপোনাৰ একাউণ্ট খালি কৰি চাইবাৰ চক্ৰই লৈ যাব পাৰে সকলো জমা ধন। কিন্তু এনে সময়ত বেংকৰ পৰা তেনে মেছেজ লাভ কৰা মাত্ৰকে পলম নকৰি ফোন কৰক অসম আৰক্ষীৰ চাইবাৰ চেলৰ ১৯৩০ নম্বৰত।

ডিজিটেল ডেস্কঃ আপুনি যদি চাইবাৰ চক্ৰৰ প্ৰৱঞ্চনাৰ বলি হৈছে লগে লগে পলম নকৰি ফোন কৰক ১৯৩০ লৈ। অসম আৰক্ষীৰ চাইবাৰ চেলে মুকলি কৰা এই নম্বৰত ফোন কৰি চাইবাৰ চক্ৰই একাউণ্টৰ পৰা লৈ যোৱা ৯৩ লাখ টকা ঘুৰাই পালে এজন ব্যৱসায়ীয়ে।


আপুনিও পৰিব পাৰে চাইবাৰ চক্ৰৰ প্ৰৱঞ্চনাৰ জালত। হঠাত আপোনাৰ একাউণ্ট খালি কৰি চাইবাৰ চক্ৰই লৈ যাব পাৰে সকলো জমা ধন। কিন্তু এনে সময়ত বেংকৰ পৰা তেনে মেছেজ লাভ কৰা মাত্ৰকে পলম নকৰি ফোন কৰক অসম আৰক্ষীৰ চাইবাৰ চেলৰ ১৯৩০ নম্বৰত। আপোনাৰ তৎপৰতাৰ বাবে ঘুৰাই পাব পাৰে চাইবাৰ চক্ৰই লৈ যোৱা ধন।


এনে এজন ভোক্তভোগীৰ তৎপৰতাত মৰিগাঁও আৰক্ষীয়ে বৃহৎ পৰিমানৰ ধন সফলতাৰে ঘুৰাই আনিবলৈ সক্ষম হৈছে। ভোক্তভোগীৰ তৎপৰতাৰ বাবেই মৰিগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ কবৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৯৩ লাখ টকা । ঘটনাৰ বিবৰণিৰ মতে পীযোশ ক্ৰান্তি দে নামৰ মৰিগাঁওৰ এজন ব্যৱসায়ীৰ কৰ্মচাৰীক টুপি পিন্ধাই উত্তৰপ্ৰদেশৰ এটা চাইবাৰ চক্ৰই ৫ মে তাৰিখে কৌশলেৰে সৰকাই নিছিল ৯৬ লাখ কৈ টকা।


জাগীৰোডৰ এইজন ব্যৱসায়ী পীযোশ ক্ৰান্তি দেৰ একাউণ্টেণ্টৰ পৰা কৌশলেৰে চাইবাৰ অপৰাধী চক্ৰ টোৰ সদস্যই নিজকে পীযোশ ক্ৰান্তি দে বুলি কৈ Whatsapp মেছেজত কথা পাতিছিল। WhatsApp ৰ ডিপিত ব্যৱহাৰ কৰিছিল দেৰ ফটো। মেছেজত কথা পাতি বিশ্বাস জন্মাই লুটি নিছিল ৯৬ লাখ টকা। কিন্তু দেয়ে বেংকৰ পৰা মেছেজ লাভ কৰা মাত্ৰকে ঘটনাৰ বুজ লৈ তৎক্ষণাৎ ১৯৩০ ত ফোন কৰাৰ লগতে স্থানীয় আৰক্ষীক জনায়। লগে লগে মৰিগাঁও আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই অৱশেষত ৯৬ লাখ টকাৰ ৯৩ লাখ টকা উভতাই আনিবলৈ সক্ষম হয়। পগ্ৰেছিভ ফাৰ্তিছেম প্ৰাইভেট লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ পীযোশ ক্ৰান্তি দেয়ে আজি মৰিগাঁৱত উপস্থিত হৈ আৰক্ষীৰ এই সফলতাক প্ৰশংসা কৰাৰ লগতে দৃঢ়তাৰে কয় - এনে চক্ৰৰ প্ৰৱঞ্চনাৰ বলি হ'লে তৎক্ষনাত আৰক্ষীৰ কাষ চাপিবলৈ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ