--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বনাঞ্চলখনৰ প্ৰায় পাঁচ হেক্টৰ ভূমিত 'Hollong Plantation' নামেৰে অসমৰ জাতীয় হোলোং গছ ৰোপণ কৰিছিল বন বিভাগে।

ডিজিটেল ডেস্কঃ গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসনৰ ছবি পোহৰলৈ আহিছে। সংৰক্ষিত বনাঞ্চল সেউজীয়া কৰাৰ লক্ষ্যৰে তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলৰ ২ নং নলনি দিশত ২০২৩-২৪ বৰ্ষত প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে CAMPA আঁচনিৰ অধীনত অসমৰ ৰাজ্যিক গছ হোলোং গছ ৰোপণ কৰা হৈছিল।


বনাঞ্চলখনৰ প্ৰায় পাঁচ হেক্টৰ ভূমিত 'Hollong Plantation' নামেৰে অসমৰ জাতীয় হোলোং গছ ৰোপণ কৰিছিল বন বিভাগে। কিন্তু, বৰ্তমান সময়ত বনাঞ্চলখনত দেখিবলৈ পোৱা নাই বন বিভাগে ৰোপণ কৰা হোলোং পুলিসমূহ।


অভিযোগ অনুহৰি, বন বিভাগে অৰ্দ্ধমৃত হোলোং গছৰ পুলি এই বনাঞ্চলখনৰ ভিতৰত ৰোপণ কৰাৰ ফলতেই বৰ্তমান সময়ত প্ৰায় ৯৫% গছপুলি নোহোৱা হৈছে বা গছপুলি সমূহ নষ্ট হৈছে। বন বিভাগৰ গাফিলতিৰ ফলতেই চৰকাৰী ধনৰ অপচয় হোৱা বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে।


অন্যহাতে, বন বিভাগে গছপুলি ৰোপণ কৰা দিনৰে পৰা গছপুলি সমূহ উপযুক্ত চোৱাচিতাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ৰাইজে অভিযোগ কৰিছে। বনাঞ্চলখনত পুনৰ গছপুলি ৰোপণ কৰি চোৱাচিতাৰ বাবে কৰ্মী নিয়োগ কৰিবলৈ স্থানীয় লোকসকলে চৰকাৰ তথা বন বিভাগক দাবী জনাইছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ