--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বনাঞ্চলখনৰ প্ৰায় পাঁচ হেক্টৰ ভূমিত 'Hollong Plantation' নামেৰে অসমৰ জাতীয় হোলোং গছ ৰোপণ কৰিছিল বন বিভাগে।

ডিজিটেল ডেস্কঃ গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসনৰ ছবি পোহৰলৈ আহিছে। সংৰক্ষিত বনাঞ্চল সেউজীয়া কৰাৰ লক্ষ্যৰে তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলৰ ২ নং নলনি দিশত ২০২৩-২৪ বৰ্ষত প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে CAMPA আঁচনিৰ অধীনত অসমৰ ৰাজ্যিক গছ হোলোং গছ ৰোপণ কৰা হৈছিল।


বনাঞ্চলখনৰ প্ৰায় পাঁচ হেক্টৰ ভূমিত 'Hollong Plantation' নামেৰে অসমৰ জাতীয় হোলোং গছ ৰোপণ কৰিছিল বন বিভাগে। কিন্তু, বৰ্তমান সময়ত বনাঞ্চলখনত দেখিবলৈ পোৱা নাই বন বিভাগে ৰোপণ কৰা হোলোং পুলিসমূহ।


অভিযোগ অনুহৰি, বন বিভাগে অৰ্দ্ধমৃত হোলোং গছৰ পুলি এই বনাঞ্চলখনৰ ভিতৰত ৰোপণ কৰাৰ ফলতেই বৰ্তমান সময়ত প্ৰায় ৯৫% গছপুলি নোহোৱা হৈছে বা গছপুলি সমূহ নষ্ট হৈছে। বন বিভাগৰ গাফিলতিৰ ফলতেই চৰকাৰী ধনৰ অপচয় হোৱা বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে।


অন্যহাতে, বন বিভাগে গছপুলি ৰোপণ কৰা দিনৰে পৰা গছপুলি সমূহ উপযুক্ত চোৱাচিতাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ৰাইজে অভিযোগ কৰিছে। বনাঞ্চলখনত পুনৰ গছপুলি ৰোপণ কৰি চোৱাচিতাৰ বাবে কৰ্মী নিয়োগ কৰিবলৈ স্থানীয় লোকসকলে চৰকাৰ তথা বন বিভাগক দাবী জনাইছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু