--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাক নাৰ্গিছে যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। সঞ্জয় দত্তই তেওঁৰ চকুৰ সন্মুখতে মাকে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা দেখিছিল। তাৰ পিছতে তেওঁৰ পত্নী ৰিচা শৰ্মাইও মস্তিষ্কৰ কৰ্কট ৰোগৰ ভুক্তভোগী হয়। যেতিয়া সঞ্জয় দত্তই নিজেও কৰ্কট ৰোগত আক্ৰান্ত হৈছিল, তেতিয়া অতি অসহায় হৈ পৰিছিল তেওঁ।

কৰ্কটত আক্ৰান্ত হোৱাৰ পাছতে সঞ্জয় দত্তই ভাবিছিল যে এয়াই হৈছে মৃত্যুৰ সুযোগ! ২০২০ চনত 'চামছেৰ'ৰ দৃশ্যগ্ৰহণ চলি থাকোতেই সঞ্জয়ে জানিব পাৰিছিল যে তেওঁৰ কৰ্কট ৰোগ আছে। কিন্তু একেবাৰে বিচলিত হোৱা নাছিল তেওঁ। শান্তভাৱে কাম কৰি গৈছিল। তেওঁ আনকি চিকিৎসকৰ ওচৰলৈও যাব বিচৰা নাছিল। অৱশ্যে তেওঁৰ ভগ্নী প্ৰিয়ংকা দত্তই সকলোবোৰ ব্যৱস্থা কৰিছিল। তেনেদৰেই সঞ্জয় বাচি গ'ল।

কৰোনা চলি থকাৰ সময়তে হঠাতে সঞ্জয়ৰ ভগ্নী প্ৰিয়ংকাই আহি অভিনেতাজনক বেয়া খবৰটো দিছিল। স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, সঞ্জয়ৰ কৰ্কট ৰোগ আছে। এই কথা শুনি তেওঁ অলপ সময় বিচলিত হৈছিল, কিন্তু তাৰপাছতে প্ৰকৃতিস্থ হৈ পৰিছিল।

তাৰপাছতো ইটোৰ পাছত সিটো স্বাস্থ্য পৰীক্ষা। এক্স-ৰে প্ৰতিবেদনে দেখুৱাইছিল যে হাঁওফাঁওৰ আধা অংশ পানীৰে ভৰি আছিল। সঞ্জয়ৰ পৰিয়ালে আশা কৰিছিল যে অভিনেতাজনৰ যক্ষ্মা হ'ব পাৰে। কিন্তু নহয়, পিছত সেইয়া কৰ্কট ৰোগ হিচাপেই ধৰা পৰিছিল।

শেহতীয়া এক সাক্ষাৎকাৰত, সঞ্জয়ে তিনি বছৰ আগৰ সেই ভয়ংকৰ স্মৃতি সোঁৱৰণ কৰিছিল। তেওঁ কেনেদৰে মাৰাত্মক ৰোগটোৰ সৈতে যুঁজিছিল, কেনেদৰে তেওঁ কেমোথেৰাপীৰ লৈছিল, তাৰ সোঁৱৰণ কৰে।

সঞ্জয়ে ভাবিছিল যে তেওঁ চিকিৎসাৰ বাবে বিদেশলৈ যাব। কিন্তু তেওঁ ভিছা পোৱা নাছিল। পিছত অভিনেতা হৃত্বিক ৰোশনৰ দেউতাক তথা অভিনেতা-প্ৰযোজক ৰাকেশ ৰোশনে এজন ভাল কৰ্কট বিশেষজ্ঞ বিচাৰি দিছিল। সঞ্জয়ে হাঁহি হাঁহি কয় যে যেতিয়া চিকিৎসকে তেওঁক চুলি সৰা আৰু বমি কৰাৰ বিষয়ে সতৰ্ক কৰিছিল, তেতিয়া তেওঁ লগতে কৈছিল "মেৰেকো কুছ না হোগা (মোৰ একো নহ'ব)।’’

কেৱল সেয়াই নহয়, কেমোথেৰাপীৰ পিছত প্ৰতিবাৰেই অভিনেতাজনে প্ৰতিদিনে এঘণ্টা বহি চাইকেল চলাইছিল। তেওঁ ডুবাইত কেমোথেৰাপী লৈছিল। তাৰ পিছত তেওঁ দুই বা তিনি ঘণ্টা বেডমিণ্টন খেলিছিল।

 সঞ্জয়ৰ কথাত স্পষ্ট যে কেনেকৈ তেওঁ মাৰাত্মক ৰোগটোৰ বিৰুদ্ধে যুঁজ দিয়া স্বত্বেও ইতিবাচক মানসিকতা বজাই ৰাখিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement