--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাক নাৰ্গিছে যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। সঞ্জয় দত্তই তেওঁৰ চকুৰ সন্মুখতে মাকে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা দেখিছিল। তাৰ পিছতে তেওঁৰ পত্নী ৰিচা শৰ্মাইও মস্তিষ্কৰ কৰ্কট ৰোগৰ ভুক্তভোগী হয়। যেতিয়া সঞ্জয় দত্তই নিজেও কৰ্কট ৰোগত আক্ৰান্ত হৈছিল, তেতিয়া অতি অসহায় হৈ পৰিছিল তেওঁ।

কৰ্কটত আক্ৰান্ত হোৱাৰ পাছতে সঞ্জয় দত্তই ভাবিছিল যে এয়াই হৈছে মৃত্যুৰ সুযোগ! ২০২০ চনত 'চামছেৰ'ৰ দৃশ্যগ্ৰহণ চলি থাকোতেই সঞ্জয়ে জানিব পাৰিছিল যে তেওঁৰ কৰ্কট ৰোগ আছে। কিন্তু একেবাৰে বিচলিত হোৱা নাছিল তেওঁ। শান্তভাৱে কাম কৰি গৈছিল। তেওঁ আনকি চিকিৎসকৰ ওচৰলৈও যাব বিচৰা নাছিল। অৱশ্যে তেওঁৰ ভগ্নী প্ৰিয়ংকা দত্তই সকলোবোৰ ব্যৱস্থা কৰিছিল। তেনেদৰেই সঞ্জয় বাচি গ'ল।

কৰোনা চলি থকাৰ সময়তে হঠাতে সঞ্জয়ৰ ভগ্নী প্ৰিয়ংকাই আহি অভিনেতাজনক বেয়া খবৰটো দিছিল। স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, সঞ্জয়ৰ কৰ্কট ৰোগ আছে। এই কথা শুনি তেওঁ অলপ সময় বিচলিত হৈছিল, কিন্তু তাৰপাছতে প্ৰকৃতিস্থ হৈ পৰিছিল।

তাৰপাছতো ইটোৰ পাছত সিটো স্বাস্থ্য পৰীক্ষা। এক্স-ৰে প্ৰতিবেদনে দেখুৱাইছিল যে হাঁওফাঁওৰ আধা অংশ পানীৰে ভৰি আছিল। সঞ্জয়ৰ পৰিয়ালে আশা কৰিছিল যে অভিনেতাজনৰ যক্ষ্মা হ'ব পাৰে। কিন্তু নহয়, পিছত সেইয়া কৰ্কট ৰোগ হিচাপেই ধৰা পৰিছিল।

শেহতীয়া এক সাক্ষাৎকাৰত, সঞ্জয়ে তিনি বছৰ আগৰ সেই ভয়ংকৰ স্মৃতি সোঁৱৰণ কৰিছিল। তেওঁ কেনেদৰে মাৰাত্মক ৰোগটোৰ সৈতে যুঁজিছিল, কেনেদৰে তেওঁ কেমোথেৰাপীৰ লৈছিল, তাৰ সোঁৱৰণ কৰে।

সঞ্জয়ে ভাবিছিল যে তেওঁ চিকিৎসাৰ বাবে বিদেশলৈ যাব। কিন্তু তেওঁ ভিছা পোৱা নাছিল। পিছত অভিনেতা হৃত্বিক ৰোশনৰ দেউতাক তথা অভিনেতা-প্ৰযোজক ৰাকেশ ৰোশনে এজন ভাল কৰ্কট বিশেষজ্ঞ বিচাৰি দিছিল। সঞ্জয়ে হাঁহি হাঁহি কয় যে যেতিয়া চিকিৎসকে তেওঁক চুলি সৰা আৰু বমি কৰাৰ বিষয়ে সতৰ্ক কৰিছিল, তেতিয়া তেওঁ লগতে কৈছিল "মেৰেকো কুছ না হোগা (মোৰ একো নহ'ব)।’’

কেৱল সেয়াই নহয়, কেমোথেৰাপীৰ পিছত প্ৰতিবাৰেই অভিনেতাজনে প্ৰতিদিনে এঘণ্টা বহি চাইকেল চলাইছিল। তেওঁ ডুবাইত কেমোথেৰাপী লৈছিল। তাৰ পিছত তেওঁ দুই বা তিনি ঘণ্টা বেডমিণ্টন খেলিছিল।

 সঞ্জয়ৰ কথাত স্পষ্ট যে কেনেকৈ তেওঁ মাৰাত্মক ৰোগটোৰ বিৰুদ্ধে যুঁজ দিয়া স্বত্বেও ইতিবাচক মানসিকতা বজাই ৰাখিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু