--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথমপি জীৱন ঘৰাই পাইছে তেওঁলোকে। কাটাৰে ভাৰতীয় নৌসেনাৰ আঠজন প্ৰাক্তন কৰ্মীক মুকলি কৰি দিছে । চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত  মৃত্যুদণ্ড বিহা আঠ ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন বিষয়াৰ প্ৰাণ অৱশেষত ৰক্ষা পৰিল । সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি সাতজন প্ৰাক্তন নৌ সেনা বিষয়াই ইতিমধ্যে দেশলৈ উভতি আহিছে। বাকী থকা এজনেও শীঘ্ৰে দেশলৈ উভতি আহিব।  

কাটাৰত ২০২২ চনৰ আগষ্ট মাহত দেশ খনৰ চোৰাংচোৱা সংস্থাই আঠজন প্ৰাক্তন নৌ সেনা বিষয়াক আটক কৰিছিল । তেওঁলোকে কাটাৰৰ এটা  ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। তেওঁলোকৰ বিৰুদ্ধে   চোৰাংচোৱাগিৰি কৰাৰ  অভিযোগ উঠিছিল। কাটাৰত আটক হৈ থকা প্ৰাক্তন জনাইছে। মোদীৰ হস্তক্ষেপৰ বাবেই  কাটাৰৰ চৰকাৰে ভাৰতীয় লোক কেইজনৰ মৃত্যুদণ্ডৰ আদেশ প্ৰত্যাহাৰ কৰিছিল আৰু তেওঁলোকক ভাৰতলৈ উভতি যোৱাৰ অনুমতি দিছিল। 


বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিবৃতিত কৈছে "কাটাৰে কাটাৰী এয়াৰলাইনত  সেৱা আগবঢ়োৱা আঠজন প্ৰাক্তন নৌ সেনা বিষয়াক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। আমি এই সিদ্ধান্তক স্বাগতম জনাইছো। সাতজনে ইতিমধ্যে দেশলৈ উভতি আহিছে’’। ইফালে, প্ৰাক্তন নৌ সেনা বিষয়াসকলে দেশৰ মাটিত ভৰি থোৱাৰ পিছতে  আৱেগ বিহ্বল হৈ পৰে।  তেওঁলোকে বিমানবন্দৰত "ভাৰত মাতা কী জয়" ধ্বনি দিয়ে। তেওঁলোকে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। 

কাটাৰৰ পৰা উভতি অহা এজন প্ৰাক্তন নৌ সেনা বিষয়াই কয়, "আমি সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহি বৰ সুখী।আমাৰ জীৱন ৰক্ষাৰ বাবে  প্ৰধানমন্ত্ৰী মোদীক ধ্যবাদ জনাব বিচাৰো। আমাৰ দেশলৈ উভতি অহাটো সম্ভৱ হৈ উঠিল কেৱল মোদীৰ  ব্যক্তিগত উদ্যোগৰ বাবেই ।’’ আন এজন প্ৰাক্তন নৌ সেনা বিষয়াই কয়, "প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ অবিহনে আজি আমাৰ বাবে ইয়াত থিয় হোৱাটো সম্ভৱ নহ'লহেঁতেন। ভাৰত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ই সম্ভৱ হৈছে।’’  সাতজন সেনা বিষয়াই ১৮  মাহৰ পিছত ঘৰলৈ উভতি আহিছে।  
 
২০২২ চনৰ আগষ্ট মাহত, কাটাৰত  নৌসেনাৰ আঠজন প্ৰাক্তন কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল।  উভতি অহা  সকলৰ ভিতৰত কেপ্টেইন নৰতেজ সিং গিল, কেপ্টেইন বীৰেন্দ্ৰ কুমাৰ বৰমা, কেপ্টেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পূৰ্ণেন্দু তিৰাৰী, কমাণ্ডাৰ সুগুংকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা আৰু নাবিক ৰাজেশ আছে। 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক