--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথমপি জীৱন ঘৰাই পাইছে তেওঁলোকে। কাটাৰে ভাৰতীয় নৌসেনাৰ আঠজন প্ৰাক্তন কৰ্মীক মুকলি কৰি দিছে । চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত  মৃত্যুদণ্ড বিহা আঠ ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন বিষয়াৰ প্ৰাণ অৱশেষত ৰক্ষা পৰিল । সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি সাতজন প্ৰাক্তন নৌ সেনা বিষয়াই ইতিমধ্যে দেশলৈ উভতি আহিছে। বাকী থকা এজনেও শীঘ্ৰে দেশলৈ উভতি আহিব।  

কাটাৰত ২০২২ চনৰ আগষ্ট মাহত দেশ খনৰ চোৰাংচোৱা সংস্থাই আঠজন প্ৰাক্তন নৌ সেনা বিষয়াক আটক কৰিছিল । তেওঁলোকে কাটাৰৰ এটা  ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। তেওঁলোকৰ বিৰুদ্ধে   চোৰাংচোৱাগিৰি কৰাৰ  অভিযোগ উঠিছিল। কাটাৰত আটক হৈ থকা প্ৰাক্তন জনাইছে। মোদীৰ হস্তক্ষেপৰ বাবেই  কাটাৰৰ চৰকাৰে ভাৰতীয় লোক কেইজনৰ মৃত্যুদণ্ডৰ আদেশ প্ৰত্যাহাৰ কৰিছিল আৰু তেওঁলোকক ভাৰতলৈ উভতি যোৱাৰ অনুমতি দিছিল। 


বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিবৃতিত কৈছে "কাটাৰে কাটাৰী এয়াৰলাইনত  সেৱা আগবঢ়োৱা আঠজন প্ৰাক্তন নৌ সেনা বিষয়াক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। আমি এই সিদ্ধান্তক স্বাগতম জনাইছো। সাতজনে ইতিমধ্যে দেশলৈ উভতি আহিছে’’। ইফালে, প্ৰাক্তন নৌ সেনা বিষয়াসকলে দেশৰ মাটিত ভৰি থোৱাৰ পিছতে  আৱেগ বিহ্বল হৈ পৰে।  তেওঁলোকে বিমানবন্দৰত "ভাৰত মাতা কী জয়" ধ্বনি দিয়ে। তেওঁলোকে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। 

কাটাৰৰ পৰা উভতি অহা এজন প্ৰাক্তন নৌ সেনা বিষয়াই কয়, "আমি সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহি বৰ সুখী।আমাৰ জীৱন ৰক্ষাৰ বাবে  প্ৰধানমন্ত্ৰী মোদীক ধ্যবাদ জনাব বিচাৰো। আমাৰ দেশলৈ উভতি অহাটো সম্ভৱ হৈ উঠিল কেৱল মোদীৰ  ব্যক্তিগত উদ্যোগৰ বাবেই ।’’ আন এজন প্ৰাক্তন নৌ সেনা বিষয়াই কয়, "প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ অবিহনে আজি আমাৰ বাবে ইয়াত থিয় হোৱাটো সম্ভৱ নহ'লহেঁতেন। ভাৰত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ই সম্ভৱ হৈছে।’’  সাতজন সেনা বিষয়াই ১৮  মাহৰ পিছত ঘৰলৈ উভতি আহিছে।  
 
২০২২ চনৰ আগষ্ট মাহত, কাটাৰত  নৌসেনাৰ আঠজন প্ৰাক্তন কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল।  উভতি অহা  সকলৰ ভিতৰত কেপ্টেইন নৰতেজ সিং গিল, কেপ্টেইন বীৰেন্দ্ৰ কুমাৰ বৰমা, কেপ্টেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পূৰ্ণেন্দু তিৰাৰী, কমাণ্ডাৰ সুগুংকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা আৰু নাবিক ৰাজেশ আছে। 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু