--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা এতিয়াও -পৰ্ণগ্ৰাফীৰ গোচৰত বন্দী কাৰাগাৰত। ৰাজ কুন্দ্ৰাৰ বিৰূদ্ধে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই তীব্ৰ তদন্ত অব্যাহত ৰাখিছে। স্বামীৰ অপৰাধে স্পৰ্শ কৰিছে শিল্পাৰ জীৱনটো। ইয়াৰ মাজতে সামাজিক জীৱনলৈ উভতিছে শিল্পা। বিপন্ন সময়ৰ নীৰৱতাক নেওচা দি অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে নৃত্য ৰিয়েলিটি শ্ব' ছুপাৰ ডান্সাৰ-৪ৰ ছেটলৈ প্ৰত্যাৱৰ্তন কৰিছে। অনুষ্ঠানটোলৈ উভতাৰ প্ৰথম দিনাই আৱেগিক হৈ পৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, শিল্পাই তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰাৰ পাছত সকলোৰে পৰা নিজকে আঁতৰাই ৰাখিছিল। শেহতীয়াকৈ, তেওঁ পুনৰ নিজ কৰ্মত যোগদান কৰিছে। বলীউডৰ তাৰকা অভিনেত্ৰীগৰাকীয়ে আৱেগ সম্বৰণ কৰি কয়, ‘মই এতিয়াও ঝাঁচীৰ ৰাণীৰ কাহিনী শুনি আছো, মই জানো আমাৰ সমাজৰ মুখ খন মোৰ চকুৰ সন্মুখত কিয় ভালদৰে প্ৰতিফলিত হৈছে। মহিলাসকলে তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজ দিব লাগিব, যদি তেওঁলোকৰ স্বামী নাথাকে তেন্তে তেওঁলোকৰ অস্তিত্বৰ বাবে যুঁজ দিব লাগিব, সন্তানৰ বাবে যুঁজ দিব লাগিব।

লগতে তেওঁ কয়, ঝাঁচীৰ ৰাণীৰ কাহিনীয়ে আমাক যুঁজিবলৈ শক্তি প্ৰদান কৰে, তেওঁৰ দৰে ঐতিহাসিক চৰিত্ৰই আমাক সমাজত প্ৰচলিত নেতিবাচক চিন্তাৰ বিপৰীতে থিয় দিয়াত শক্তি দিয়ে।‘


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ