--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মৰ ১৮ টা মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণ অন্যতম। ইয়াক বৈষ্ণৱ পন্থাৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলিও অভিহিত কৰা হৈছে। গৰুড় পুৰাণত জন্ম, মৃত্যু, স্বৰ্গ আৰু নৰকৰ কথা কোৱা হৈছে। ইয়াৰ লগতে ব্যক্তিজনৰ কৰ্মৰ বিৱৰণো স্পষ্ট ৰূপত উল্লেখ কৰা হয়। আমি প্ৰায়ে পুনৰ্জন্মৰ কথা শুনিবলৈ পাওঁ। কিন্তু মৃত্যুৰ পাছত আত্মাৰ পুনৰ্জন্ম কেনেকৈ আৰু কি ৰূপত হয়, সেই বিষয়েও গৰুড় পুৰাণত বৰ্ণনা কৰা হৈছে।

গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে তেওঁৰ চৰাই গৰুড় ৰাজক এই বিষয়ে কৈছে। গৰুঢ় পুৰাণৰ মতে, এজন ব্যক্তিৰ জীৱনকালত কৰা কৰ্মৰ ভিত্তিত মৃত্যুৰ পিছত তেওঁৰ পৰৱৰ্তী জন্মৰ ৰূপ নিৰ্ণয় কৰা হয়। অৰ্থাৎ এই জন্মৰ কৰ্মৰ ভিত্তিত পৰৱৰ্তী জন্মৰ ৰহস্য আপোনাৰ ওচৰত প্ৰকাশ কৰা হয়। গৰুড় পুৰাণ মতে পৰৱৰ্তী জন্মৰ লগত জড়িত ৰহস্যৰ বিষয়ে জানি লওক।

পৰৱৰ্তী জন্মৰ ৰহস্য এই কৰ্মবোৰৰ লগত জড়িত
১) গৰুড় পুৰাণৰ মতে এনে লোক যিয়ে নিজৰ পিতৃ-মাতৃ বা সন্তানক অসুখী কৰি তোলে। পৰৱৰ্তী জন্মত পৃথিৱীত জন্ম ল’ব নোৱাৰে, বৰঞ্চ তাৰ আগতেই গৰ্ভতে মৃত্যু হয়।

২) নাৰীক শোষণ কৰা বা কষ্ট দিয়া এনে লোকে পৰৱৰ্তী জীৱনত ভয়ংকৰ ৰোগত আক্ৰান্ত হৈ শাৰীৰিক যন্ত্ৰণাত জীৱন কটায়।

৩) আনহাতে, অচিনাকি মহিলাৰ লগত সম্পৰ্ক গঢ়ি তোলা এনে পুৰুষ, পৰৱৰ্তী জন্মত নপুংসক হৈ পৰে।

৪) যিসকলে নিজৰ গুৰুক সন্মান নকৰে, তেওঁলোকে মৃত্যুৰ পাছত নৰকত স্থান পায়। লগতে এনে লোকে পৰৱৰ্তী জন্মত পানী নোহোৱাকৈ ব্ৰহ্মৰাক্ষ হিচাপে জন্ম লয়। কাৰণ শাস্ত্ৰত গুৰুক ঈশ্বৰৰ সমান বুলি গণ্য কৰা হৈছে।

৫) গৰুড় পুৰাণৰ মতে, যিসকলে জীৱনত প্ৰতাৰণা কৰে, তেওঁলোকে পৰৱৰ্তী জীৱনত ফেঁচাৰ ৰূপত জন্ম লয়। নিৰীহ এজনৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়াসকলে পৰৱৰ্তী জীৱনত অন্ধ হ'ব লগীয়া হয়।

৬) গৰুড় পুৰাণৰ মতে কাৰোবাক হত্যা, লুণ্ঠন বা জীৱ-জন্তু চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকলে পৰৱৰ্তী জন্মত কসাইৰ হাতত মৃত্যু হ'বলগীয়া ছাগলীৰ ৰূপ পায়।

৭) নাৰীক হত্যা কৰা বা গৰ্ভপাত কৰা ব্যক্তিজনে নৰকৰ বেদনা ভোগ কৰিবলগীয়া হয় আৰু তাৰ পাছত সেই ব্যক্তিজনৰ পৰৱৰ্তী জন্ম চন্দাল ​​যোনিত জন্ম হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু