--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে শেহতীয়াকৈ সংঘটিত সাম্প্ৰদায়িক হিংসাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘মুছলমানৰ মনৰ কথা শুনিবলৈ’ আহ্বান জনায়। শুকুৰবাৰে (১১ আগষ্ট) তেওঁ কয় যে হাৰিয়ানাৰ মণিপুৰ আৰু মেৱাটত সংঘটিত ঘটনাই ‘মাদাৰ-ই-ৱাতন’ৰ ভৱিষ্যতৰ ওপৰত প্ৰশ্নবোধক চিন ৰাখিছে।

প্ৰধানমন্ত্ৰী মোদীক অনুৰোধ কৰি বুখাৰীয়ে কয় যে মাননীয় প্ৰধানমন্ত্ৰী, আপুনি ‘মন কি বাত’ৰ কথা কয়, মুছলমানসকলৰো মনৰ কথা শুনক। এই পৰিস্থিতিক লৈ তেওঁলোক চিন্তিত, ভাবিছে যে দেশৰ ভৱিষ্যত কি হ’ব? কেৱল মুছলমান, হিন্দু, খ্ৰীষ্টান আৰু শিখসকলেও একে ধৰণৰ চিন্তা কৰিছে।

চৰকাৰৰ সৈতে হোৱা আলোচনাক সমৰ্থন কৰি বুখাৰীয়ে কয় যে মই ভাৰতৰ মুছলমানসকলৰ হৈ কৈছো যে আমি চৰকাৰৰ সৈতে আলোচনাৰ বাবে সাজু। আমাৰ লগত কথা পাতক, হিন্দু নেতাৰ লগতো কথা পাতক আৰু তাৰ পাছত যৌথ বৈঠক কৰক। এই পৰিস্থিতিৰ সমাধান বিচাৰি উলিয়াওক যাতে দেশখনক এই ঘৃণাৰ পৰিৱেশৰ পৰা ৰক্ষা কৰিব পৰা যায়। শুকুৰবাৰৰ নামাজৰ পূৰ্বে জামা মছজিদত দিয়া ভাষণত বুখাৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক মুছলমান সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে কথা পাতিবলৈও আহ্বান জনায়।

তেওঁ অভিযোগ কৰে যে ঘৃণাৰ পৰিৱেশে দেশখনক আগুৰি ধৰিছে আৰু সংখ্যাগৰিষ্ঠ সমাজৰ ‘ধৰ্মনিৰপেক্ষ জনসাধাৰণেও’ ইয়াক অনুভৱ কৰিছে। মেৱাটৰ পৰিস্থিতি সন্দৰ্ভত বুখাৰীয়ে কয় যে দেশত হিন্দু আৰু মুছলমান একেলগে বাস কৰে যদিও একাংশ লোকে পঞ্চায়ত আয়োজন কৰি ‘ভাবুকি’ দি মুছলমানক অৰ্থনৈতিক বৰ্জনৰ আহ্বান জনাইছে। তেওঁ দাবী কৰে যে নিৰ্বাচনৰ বাবে এনে এক পৰিৱেশ সৃষ্টি হৈছে যাতে মেৰুকৰণ হয় আৰু ভোট একপক্ষীয়ভাৱে এটা দলৰ সপক্ষে পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু