--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এবাৰ এবাৰকৈ দুবাৰ পৰকীয়া প্ৰেমিকৰে পলাই যোৱা পত্নীক বাধা দি ৰাখিব নোৱাৰি অৱশেষত আইনীভাৱে বিবাহ বিচ্ছেদৰ সকলো কাম সম্পন্ন কৰাই আনন্দত মতলীয়া এজন স্বামী।

ডিজিটেল ডেস্ক:  আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই বাল্টিয়ে বাল্টিয়ে গাখীৰেৰে গা ধুই আনন্দ উল্লাস কৰিলে স্বামীয়ে। আনন্দত মতলীয়া স্বামীয়ে কলে আজিৰ পৰা মই মুক্ত । লগত ছোৱালীজনীও নিলে পত্নীয়ে । ঘটনাটো সংঘটিত হৈছে নলবাৰীৰ মুকালমুৱাত।


এবাৰ এবাৰকৈ দুবাৰ পৰকীয়া প্ৰেমত পৰি পলাই গৈছিল পত্নী । পৰকীয়া প্ৰেমত সকলো এৰি নিতৌ নিজৰ স্বামী সন্তান এৰি প্ৰেমিকৰে পলাই যোৱা ঘটনা বৃদ্ধি পাব ধৰিছে এইখন অসমত। বহুতো পুৰুষে কেতিয়াবা সংবাদ মাধ্যমৰ যোগে ওভোতাই বিচাৰে পত্নীক । কিন্তু এইবাৰ মুকালমুৱাৰ বৰলিয়াৰপাৰত ঘটিছে এক আজৱ ঘটনা । পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব পাই আনন্দ উল্লাস এজন স্বামীৰ। এবাৰ এবাৰকৈ দুবাৰ পৰকীয়া প্ৰেমিকৰে পলাই যোৱা পত্নীক বাধা দি ৰাখিব নোৱাৰি অৱশেষত আইনীভাৱে বিবাহ বিচ্ছেদৰ সকলো কাম সম্পন্ন কৰাই আনন্দত মতলীয়া এজন স্বামী।


বাল্টিয়ে বাল্টিয়ে গাখীৰ লৈ গা ধুই মুক্ত মনেৰে কেমেৰাৰ সন্মুখত কলে "আজিৰ পৰা মই মুক্ত ।" চাৰিটা বাল্টিত ৪০ লিটাৰ গাখীৰ লৈ গা ধুই আনন্দ প্ৰকাশ কৰিলে স্বামী মাণিক আলীয়ে । এই ঘটনা সংঘটিত হৈছে মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰলিয়াপাৰত । স্বামীৰ ভাষ্য অনুসৰি , পত্নীয়ে অন্য পুৰুষৰ সৈতে বাৰে বাৰে পৰকীয়া প্ৰেমিকৰে পলাই গৈ থাকে । পত্নীক বাধা দি ৰাখিব নোৱাৰে মাণিক আলীয়ে ।


কিন্তু মাণিক আলীয়ে কন্যা সন্তান এটি থকাৰ হেতুকে বাৰে বাৰে পত্নীৰ সকলো ভুল ক্ষমা কৰি আকোঁৱালি লৈ আহিছিল যদিও পত্নীয়ে সেই একে ভুলে বাৰে বাৰে কৰি আহিছিল ।যাৰ বাবে দুয়ো আইনৰ কাষ চাপিবলগীয়া হৈছিল। আৰু অৱশেষত আইনী প্ৰক্ৰিয়াৰে দুয়োৰে বিবাহ বিচ্ছেদ হয় । বিবাহ বিচ্ছেদৰ আনন্দত স্বামীয়ে ৪০ লিটাৰ গাখীৰে গাই ধুই কলে 'আজিৰ পৰা মই মুক্ত' । মুক্ত বুলি মত প্ৰকাশ কৰি মাণিক আলীয়ে কলে পত্নী বাৰে বাৰে গৈ থকাত মোৰ জীৱনত বোজা হৈ আছিল ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ