--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এবাৰ এবাৰকৈ দুবাৰ পৰকীয়া প্ৰেমিকৰে পলাই যোৱা পত্নীক বাধা দি ৰাখিব নোৱাৰি অৱশেষত আইনীভাৱে বিবাহ বিচ্ছেদৰ সকলো কাম সম্পন্ন কৰাই আনন্দত মতলীয়া এজন স্বামী।

ডিজিটেল ডেস্ক:  আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই বাল্টিয়ে বাল্টিয়ে গাখীৰেৰে গা ধুই আনন্দ উল্লাস কৰিলে স্বামীয়ে। আনন্দত মতলীয়া স্বামীয়ে কলে আজিৰ পৰা মই মুক্ত । লগত ছোৱালীজনীও নিলে পত্নীয়ে । ঘটনাটো সংঘটিত হৈছে নলবাৰীৰ মুকালমুৱাত।


এবাৰ এবাৰকৈ দুবাৰ পৰকীয়া প্ৰেমত পৰি পলাই গৈছিল পত্নী । পৰকীয়া প্ৰেমত সকলো এৰি নিতৌ নিজৰ স্বামী সন্তান এৰি প্ৰেমিকৰে পলাই যোৱা ঘটনা বৃদ্ধি পাব ধৰিছে এইখন অসমত। বহুতো পুৰুষে কেতিয়াবা সংবাদ মাধ্যমৰ যোগে ওভোতাই বিচাৰে পত্নীক । কিন্তু এইবাৰ মুকালমুৱাৰ বৰলিয়াৰপাৰত ঘটিছে এক আজৱ ঘটনা । পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব পাই আনন্দ উল্লাস এজন স্বামীৰ। এবাৰ এবাৰকৈ দুবাৰ পৰকীয়া প্ৰেমিকৰে পলাই যোৱা পত্নীক বাধা দি ৰাখিব নোৱাৰি অৱশেষত আইনীভাৱে বিবাহ বিচ্ছেদৰ সকলো কাম সম্পন্ন কৰাই আনন্দত মতলীয়া এজন স্বামী।


বাল্টিয়ে বাল্টিয়ে গাখীৰ লৈ গা ধুই মুক্ত মনেৰে কেমেৰাৰ সন্মুখত কলে "আজিৰ পৰা মই মুক্ত ।" চাৰিটা বাল্টিত ৪০ লিটাৰ গাখীৰ লৈ গা ধুই আনন্দ প্ৰকাশ কৰিলে স্বামী মাণিক আলীয়ে । এই ঘটনা সংঘটিত হৈছে মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰলিয়াপাৰত । স্বামীৰ ভাষ্য অনুসৰি , পত্নীয়ে অন্য পুৰুষৰ সৈতে বাৰে বাৰে পৰকীয়া প্ৰেমিকৰে পলাই গৈ থাকে । পত্নীক বাধা দি ৰাখিব নোৱাৰে মাণিক আলীয়ে ।


কিন্তু মাণিক আলীয়ে কন্যা সন্তান এটি থকাৰ হেতুকে বাৰে বাৰে পত্নীৰ সকলো ভুল ক্ষমা কৰি আকোঁৱালি লৈ আহিছিল যদিও পত্নীয়ে সেই একে ভুলে বাৰে বাৰে কৰি আহিছিল ।যাৰ বাবে দুয়ো আইনৰ কাষ চাপিবলগীয়া হৈছিল। আৰু অৱশেষত আইনী প্ৰক্ৰিয়াৰে দুয়োৰে বিবাহ বিচ্ছেদ হয় । বিবাহ বিচ্ছেদৰ আনন্দত স্বামীয়ে ৪০ লিটাৰ গাখীৰে গাই ধুই কলে 'আজিৰ পৰা মই মুক্ত' । মুক্ত বুলি মত প্ৰকাশ কৰি মাণিক আলীয়ে কলে পত্নী বাৰে বাৰে গৈ থকাত মোৰ জীৱনত বোজা হৈ আছিল ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ