--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আন একাংশ কৃষকে আকৌ ভূঁই ৰুৱৰ বাবেই মাটি চহ কৰি থৈছে যদিও পানীৰ অভাৱত কঠিয়া ৰুৱ পৰা নাই

ডিজিটেল ডেস্ক : তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ কাৰিপাৰা মকুন্দপুৰ গাঁৱৰ কৃষকে পানীৰ অভাৱত ভূঁই ৰুৱ নোৱাৰি চিন্তিত হৈ পৰিছে। কোনো কোনো কৃষকে ধাৰ-ঋণ লৈ দ' ঠাইৰ পৰা মেচিনেৰে পানী উঠাই বছৰৰ ভাতমুঠিৰ বাবে ভূঁই ৰুইছে যদিও পানীৰ অভাৱত ৰুৱাবোৱৰ শুকাই যোৱাৰ উপক্ৰম হৈছে।


আন একাংশ কৃষকে আকৌ ভূঁই ৰুৱৰ বাবেই মাটি চহ কৰি থৈছে যদিও পানীৰ অভাৱত কঠিয়া ৰুৱ পৰা নাই। স্থানীয় গাঁৱৰ কৃষকসমাজে জানিবলৈ দিয়া মতে সোনাজান নৈত কেইবাকোটি টকা ব্যয় সাপেক্ষে কৃষি পথাৰত জলসিঞ্চন ব্যৱস্থাৰ কাৰণে শ্লু’ইচগেটৰ লগতে পথাৰত পানী বোৱাই নিয়াৰ বাবেই কেইবাটাও নলা নিৰ্মাণ কৰিছিল।


কৃষকে অভিযোগ কৰামতে শ্লু’ইচগেট প্ৰকল্পটো স্থাপনত একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰ লাভবান হ’ল যদিও এলেকাটোৰ কৃষক উপকৃত হোৱা নাই। শ্লু’ইচগেটতো চোৱাচিতাৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ অৱহেলা আৰু দায়িত্বহীনতাৰ বাবেই খেতিৰ সময়ত কৃষকে পথাৰত পানী পোৱা নাই। শ্লু’ইচগেটৰ লগত সংলগ্ন কংক্ৰিতৰ নলাবোৰ অকমৰ্ণ হৈ পৰিছে। ফলস্বৰূপে মকুন্দপুৰ শ্লু’ইচগেটতো বগাহাটীত পৰিণত হৈছে। উক্ত শ্লু’ইচগেটৰ জৰিয়তে কৃষকৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবেই কৃষকসমাজে দাবী উত্থাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ