--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আন একাংশ কৃষকে আকৌ ভূঁই ৰুৱৰ বাবেই মাটি চহ কৰি থৈছে যদিও পানীৰ অভাৱত কঠিয়া ৰুৱ পৰা নাই

ডিজিটেল ডেস্ক : তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ কাৰিপাৰা মকুন্দপুৰ গাঁৱৰ কৃষকে পানীৰ অভাৱত ভূঁই ৰুৱ নোৱাৰি চিন্তিত হৈ পৰিছে। কোনো কোনো কৃষকে ধাৰ-ঋণ লৈ দ' ঠাইৰ পৰা মেচিনেৰে পানী উঠাই বছৰৰ ভাতমুঠিৰ বাবে ভূঁই ৰুইছে যদিও পানীৰ অভাৱত ৰুৱাবোৱৰ শুকাই যোৱাৰ উপক্ৰম হৈছে।


আন একাংশ কৃষকে আকৌ ভূঁই ৰুৱৰ বাবেই মাটি চহ কৰি থৈছে যদিও পানীৰ অভাৱত কঠিয়া ৰুৱ পৰা নাই। স্থানীয় গাঁৱৰ কৃষকসমাজে জানিবলৈ দিয়া মতে সোনাজান নৈত কেইবাকোটি টকা ব্যয় সাপেক্ষে কৃষি পথাৰত জলসিঞ্চন ব্যৱস্থাৰ কাৰণে শ্লু’ইচগেটৰ লগতে পথাৰত পানী বোৱাই নিয়াৰ বাবেই কেইবাটাও নলা নিৰ্মাণ কৰিছিল।


কৃষকে অভিযোগ কৰামতে শ্লু’ইচগেট প্ৰকল্পটো স্থাপনত একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰ লাভবান হ’ল যদিও এলেকাটোৰ কৃষক উপকৃত হোৱা নাই। শ্লু’ইচগেটতো চোৱাচিতাৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ অৱহেলা আৰু দায়িত্বহীনতাৰ বাবেই খেতিৰ সময়ত কৃষকে পথাৰত পানী পোৱা নাই। শ্লু’ইচগেটৰ লগত সংলগ্ন কংক্ৰিতৰ নলাবোৰ অকমৰ্ণ হৈ পৰিছে। ফলস্বৰূপে মকুন্দপুৰ শ্লু’ইচগেটতো বগাহাটীত পৰিণত হৈছে। উক্ত শ্লু’ইচগেটৰ জৰিয়তে কৃষকৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবেই কৃষকসমাজে দাবী উত্থাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ