--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ বাঢ়ি যোৱা চৰ্বিক লৈ চিন্তিত নেকি? দিনে দিনে বাঢ়ি যোৱা আপোনাৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে নেকি? যদি আপোনাৰ তেনে পৰিকল্পনা আছে তেনেহ’লে আপোনালৈ আমি লৈ আহিছো কিছুমান সহজ কিটিপ। যাৰ দ্বাৰা আপুনি অতি সহজে আপোনাৰ দেহৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিব পাৰিব। কিটিপ – ১ : এই কিটিপ অনুসৰি আপুনি প্ৰতিদিনে নিশা প্ৰায় ৮ বা ৯ বজাত আপোনাৰ উপবাস আৰম্ভ কৰিব আৰু পিছদিনা দুপৰীয়া ১২ বা ১ বজাত আপোনাৰ উপবাস ভাঙিব। ৰাতিৰ খাদ্য গ্ৰহণৰ পাছত আপোনাৰ ভোক হোৱাৰ সম্ভাৱনা কম হ'ব আৰু ৭ বা ৮ ঘণ্টা টোপনিত পাৰ হ'ব। পিছদিনা দুপৰীয়া ১২ বা ১ বজাৰ ভিতৰত আপোনাৰ উপবাস ভংগ কৰিলে এনে অনুভৱ হ'ব যেন আপুনি পলমকৈ ৰাতিপুৱাৰ আহাৰ খাইছে। তাৰপাছত আবেলি জলপান বা পাতল আহাৰ গ্ৰহণ কৰি পুনৰ একে ৰুটিন মানি চলক। ইয়াৰ দ্বাৰা আপুনি অতি কম সময়ৰ ভিতৰতে ভাল ফল লাভ কৰিব। কিটিপ ২ : একোটাকৈ বিকল্প ২৪ ঘন্টা বাচনি কৰি উপবাস ৰাখিলেও অতিৰিক্ত চৰ্বিক হ্ৰাস কৰিব পাৰিব। এই ধৰণৰ উপবাসত পদ্ধতিত উপবাস নথকা দিনটোত আপুনি দিনত ৫০০ কেলৰিযুক্ত আহাৰহে খাব পাৰিব। উপবাসৰ দিনত আপোনাক কেৱল কেলৰি নথকা পানীয় হে খাবলৈ অনুমতি দিয়ে। কিটিপ ৩ : এই পৰিকল্পনাৰ নিয়মবোৰ সহজ। ইয়াত সপ্তাহত এদিন বা দুদিন সম্পূৰ্ণ ২৪ ঘণ্টা উপবাস কৰিব লাগে। ইয়াৰ অৰ্থ হৈছে যে যদি আপুনি শনিবাৰে সন্ধিয়া ৭ বজাত উপবাস আৰম্ভ কৰে, আপুনি দেওবাৰে সন্ধিয়া ৭ বজালৈকে তৰল খাদ্যৰ বাহিৰে একো গ্ৰহণ কৰিব নোৱাৰিব। আপুনি সপ্তাহৰ আন দিনবোৰত স্বাভাৱিকভাৱে খাদ্য গ্ৰহণ কৰিব পাৰিব। ই হৈছে শৰীৰৰ বাবে এক উৎকৃষ্ট প্ৰাকৃতিক ডিটক্স থেৰাপী আৰু ই পাচন তন্ত্ৰক এক অতি প্ৰয়োজনীয় বিশ্ৰাম দিয়ে। কিটিপ ৪ : এই পদ্ধতিটোত আপুনি সপ্তাহৰ ৫ দিনৰ বাবে স্বাভাৱিকভাৱে খাদ্য গ্ৰহণ কৰিব পাৰিব। তাৰ পিছত বাকী দুদিনত আপোনাৰ খাদ্যৰ কেলৰি ৬০০ ৰ পৰা ৮০০ লৈ সীমিত কৰিব লাগিব। আপুনি সেই দুদিনত কাৰিকৰীভাৱে উপবাস নকৰে কিন্তু দিনটোৰ তিনিটা সময়ৰ আহাৰত ৬০০ ৰ পৰা ৮০০ কেলৰি বিভাজন কৰাৰ অৰ্থ হ'ব যে আপুনি আপোনাৰ খাদ্য গ্ৰহণ যথেষ্ট সীমিত কৰি ৰাখিছে। যি আপোনাৰ অতিৰিক্ত চৰ্বি কম হোৱাত সহায় কৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ