--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে৷ অনুজ্ঞাপত্ৰ থকা কোনোধৰণৰ মাৰণাস্ত্ৰ লগত ৰাখিব নোৱাৰিব গৰাকীয়ে৷ শীঘ্ৰে স্থানীয় আৰক্ষীক জমা দিব লাগিব অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ৷

আৰু পঢ়িব পাৰিব : মুখ্য নিৰ্বাচন আয়ুক্তই প্ৰকাশ কৰিলে নিয়ম নিৰ্দেশনা, জানক সবিশেষ…

গুৱাহাটীত মজুত আছে ১,৩৬৪টা অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ৷ এই পৰ্যন্ত প্ৰায় ১২০০টা মাৰণাস্ত্ৰ জমা হৈছে গুৱাহাটীৰ থানসমূহত৷ ৫০ হাজাৰতকৈ অধিক নগদ ধন লৈ ঘূৰিব নোৱাৰিব সাধাৰণ জনতাই৷ ৫০ হাজাৰতকৈ অধিক নগদ ধন হাতত থাকিলে লাগিব প্ৰয়োজনীয় নথী-পত্ৰ। ইয়াৰ উপৰি নগদ ধনৰ উৎস দেখুৱাব লাগিব আৰক্ষীক৷

আৰু পঢ়িব পাৰিব : কি হৈছিল ‘বিগ বি’ৰ : উৎকণ্ঠিত অনুৰাগীলৈ আহিল খবৰ

সুৰা সৰবৰাহতো নিশেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচনী আয়োগে৷ নিৰ্দেশনা ভংগকাৰীক ৰুধিবলৈ সমগ্ৰ ৰাজ্যত গঠন কৰা হৈছে ‘ফ্লাইং স্কোৱাড’। প্ৰতিখনটো সমষ্টিত থাকিব ১২টাকৈ ‘ফ্লাইং স্কোনাড’৷ গুৱাহাটীৰ চাৰিটা সমষ্টিৰ বাবে মহানগৰ জিলাটো গঠন কৰা হৈছে ১২টা ‘ফ্লাইং স্কোৱাড’৷ জিলা প্ৰশাসন, আৰক্ষী আৰু আবকাৰী বিষয়াৰে গঠন কৰা হৈছে এই ‘ফ্লাইং স্কোৱাড’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক