--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দিছপুৰ পুনৰ দখল কৰিলে বিজেপিয়ে৷ পিছে ৰাজ্যত এতিয়া মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈ চলিলে সৰ্বত্ৰে চৰ্চা৷ মুখ্যমন্ত্ৰী পদক লৈ উৎকণ্ঠাই দেখা দিছে৷ আনহাতে, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ বিভিন্ন নেতা তথা বিজয়ী প্ৰাৰ্থীৰ সোঁত বৈছে৷ আজি দুপৰীয়া ৫ বিধায়কক লগত লৈ আহিল কাৰ্বি স্বায়ত্ত-পৰিষদৰ চিআএম তুলিৰাম ৰংহাং৷

আৰু পঢ়িব পাৰিব :   অধিনায়কৰ বিদায়! ছন্দপতন পঞ্জাব কিংছৰ

হিমন্তক মুখ্যমন্ত্ৰীৰূপে বিচাৰে বুলি ঘোষণা কৰে তুলিৰামে৷ বিজেপিৰ সাংগঠনিক সম্পাদক ফণি শৰ্মাই মুখ্যমন্ত্ৰী সন্দৰ্ভত কয় যে, বিজেপি আদৰ্শত চলা দল৷ গতিকে কেন্দ্ৰীয় নেতৃত্ব, সংসদীয় সমিতিয়ে বিবেচনা কৰিব মুখ্যমন্ত্রী কোন হয়৷ দলীয় লক্ষ্মণ ৰেখা পাৰ কৰাটো অনুচিত৷ 'ৰাইজে বিজেপিৰ ওপৰত গভীৰ বিশ্বাস ৰাখিছে, সেয়েহে আমি জয়ী হৈছো, গতিকে আমাৰ দায়িত্ব বাঢ়িল'- বুলিও মন্তব্য কৰে তেওঁ৷

আৰু পঢ়িব পাৰিব :   ঘোষিত হ’ল অসম বিধানসভা নিৰ্বাচন: ধৰাশায়ী হ’ল বহু ৰথী-মহাৰথী

ভূবনেশ্বৰ কলিতাই মুখ্যমন্ত্রী কোন হ'ব সেয়া সংসদীয় কমিটিয়ে বিবেচনা কৰিব বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্রী কোন হ'ব এই সন্দৰ্ভত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য আগবঢ়ায়৷ 'বিজেপিৰ এক নীতি-আদৰ্শ আছে, গতিকে মুখ্যমন্ত্রী কোন হ'ব সেয়া দলে বিবেচনা কৰিব৷'


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু