--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰাৰ পাছত ভাৰততো ক্ৰমাৎ বৃদ্ধি পাইছে উদ্বেগ আৰু উৎকন্ঠাৰ লহৰ। মুছলমান অধ্যুষিত চুবুৰীয়াই দেশৰ নতুন চৰকাৰক স্বীকৃতি দিব নে নাই সম্প্ৰতি তাক লৈ জল্পনা-কল্পনা চলিছে সৰ্বত্ৰে। এনে উদ্বিগ্নতাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আফগানিস্তান আৰু তালিবান প্ৰসংগত মত বিনিময় কৰে।

প্ৰায় ৪৫মিনিটৰ টেলিফোনিক বাৰ্তালাপত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰা বুলি জানিবলৈ পোৱা গৈছে। দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে ৪৫ মিনিটৰ বাৰ্তালাপত আফগানিস্তানৰ প্ৰসংগত বিতং আলোচনাৰ কথা সদৰী কৰিছে। ইয়াৰ পূৰ্বেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ সৈতে আফগানিস্তানকে ধৰি কেইবাটাও বিষয়ত টেলিফোনযোগে মত বিনিময় কৰিছিল।


উল্লেখ্য যে, চীনে ইতিমধ্যে তালিবানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে। আফগানিস্তানত চীনা ৰাষ্ট্ৰদূতে কান্দাহাৰ ভ্ৰমণ কৰা বুলিও জানিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰক্ষিতত ভাৰতৰ কপালত চিন্তাৰ ভাঁজ যে দীঘলীয়া হৈ আহিছে সেয়া অনস্বীকাৰ্য। গতিকে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাৰ্তালাপে ভৱিষ্যতে কিমান সুদূৰপ্ৰসাৰী হয় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ