--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰাৰ পাছত ভাৰততো ক্ৰমাৎ বৃদ্ধি পাইছে উদ্বেগ আৰু উৎকন্ঠাৰ লহৰ। মুছলমান অধ্যুষিত চুবুৰীয়াই দেশৰ নতুন চৰকাৰক স্বীকৃতি দিব নে নাই সম্প্ৰতি তাক লৈ জল্পনা-কল্পনা চলিছে সৰ্বত্ৰে। এনে উদ্বিগ্নতাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আফগানিস্তান আৰু তালিবান প্ৰসংগত মত বিনিময় কৰে।

প্ৰায় ৪৫মিনিটৰ টেলিফোনিক বাৰ্তালাপত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰা বুলি জানিবলৈ পোৱা গৈছে। দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে ৪৫ মিনিটৰ বাৰ্তালাপত আফগানিস্তানৰ প্ৰসংগত বিতং আলোচনাৰ কথা সদৰী কৰিছে। ইয়াৰ পূৰ্বেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ সৈতে আফগানিস্তানকে ধৰি কেইবাটাও বিষয়ত টেলিফোনযোগে মত বিনিময় কৰিছিল।


উল্লেখ্য যে, চীনে ইতিমধ্যে তালিবানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে। আফগানিস্তানত চীনা ৰাষ্ট্ৰদূতে কান্দাহাৰ ভ্ৰমণ কৰা বুলিও জানিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰক্ষিতত ভাৰতৰ কপালত চিন্তাৰ ভাঁজ যে দীঘলীয়া হৈ আহিছে সেয়া অনস্বীকাৰ্য। গতিকে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাৰ্তালাপে ভৱিষ্যতে কিমান সুদূৰপ্ৰসাৰী হয় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?