--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কাৰাবন্দী শ্বাহৰূখ পুত্ৰ আৰিয়ান। আদালতত দ্বাৰস্থ হোৱা আৰিয়ানৰ জামিন আবেদন খাৰিজ হৈছে বাৰম্বাৰ। বিফল মনোৰথ লৈ উভতিছে বলীউড বাদশ্বাহ। আজি মুম্বাই উচ্চ ন্যায়ালয়ত আৰিয়ানৰ জামিন আবেদনৰ শুনানি। শেহতীয়াকৈ শ্বাহৰুখৰ মেনেজাৰ পূজা দাদলানীয়ে বলীউডৰ ছুপাৰষ্টাৰৰ পুত্ৰ আৰিয়ানৰ বিষয়ে কৰা এটা পুৰণি পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জানিবলৈ পোৱা মতে, পূজা দাদলানীয়ে ২০১৯ চনত আৰিয়ানক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাই পোষ্টটো শ্বেয়াৰ কৰিছিল। শ্বাহৰূখৰ এই বিপৰ্যস্ত সময়ত পূজা দাদলানীয়ে খান পৰিয়ালৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছে। শ্বাহৰূখৰ পক্ষত থাকি তেওঁ পুৰণি পোষ্টটো পুনৰ শ্বেয়াৰ কৰিছে। পলকতে ভাইৰেল হৈ পৰে পূজাৰ পোষ্ট। ভাইৰেল হোৱা পোষ্টটোত পূজাই লিখিছিল – ‘আৰিয়ানক জন্মদিনৰ শুভেচ্ছা জনাইছো। আৰিয়ান এজন হৃদয়বান আৰু অতি সংবেদনশীল ল’ৰা।’


উল্লেখ্য যে, ২০১২ চনৰ পৰা পূজাই শ্বাহৰূখৰ সৈতে কাম কৰি আছে। স্বাভাৱিকতে খান পৰিয়ালৰ সদস্যৰে এক ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছে পূজাৰ। ইফালে, ড্ৰাগছৰ গোচৰত অভিযুক্ত আৰিয়ানক চলিত মাহৰ ৩ তাৰিখে এনচিবি-এ গ্ৰেপ্তাৰ কৰিছিল। নিম্ন আদালতত জামিন বিচাৰি আবেদন জনালেও আদালতে দুবাৰকৈ খাৰিজ কৰিছে আৰিয়ানৰ জামিন আবেদন।বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জামিনত মুকলি হ'লে আৰিয়ানে তেওঁৰ বিৰূদ্ধে থকা সকলো তথ্য-প্ৰমাণ মচি পেলোৱাৰ চেষ্টা কৰিব পাৰে বুলিয়েই কাৰাগাৰৰ বন্ধ কুঠৰীত ৰখা হৈছে বলীউড তনয়ক। আৰিয়ানৰ জামিন বিচাৰি তৃতীয়বাৰৰ বাবে আবেদন দাখিল কৰা হৈছিল মুম্বাই উচ্চ ন্যায়ালয়ত।

এই আবেদনৰ ভিত্তিত ন্যায়ালয়ে বুধবাৰে আবেলি ৰায় দিয়াৰ কথা সদৰী কৰিছে। শেহতীয়াকৈ প্ৰমোদতৰীৰ ড্ৰাগছ গোচৰৰ তদন্তকাৰী বিষয়া সমীৰ ৱানখেডেৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। গোচৰটোৰ অন্যতম সাক্ষী প্ৰভাকৰ ছেলে শ্বাহৰূখৰ পুত্ৰক গ্ৰেপ্তাৰৰ পাছত বৃহত্‍ পৰিমাণৰ ধনৰ বিনিময়ত সমীৰ ৱানখেডে আৰিয়ানক মুকলি কৰি দিয়াৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। সমীৰে আৰিয়ানক বিপদত পেলাব পাৰে বুলিও আশংকা ব্যক্ত কৰিছিল প্ৰভাকৰে।অৱশ্যে, এই অভিযোগ-প্ৰতি অভিযোগৰ প্ৰতি সহাঁৰি জনাই এনচিবিয়ে সমীৰৰ বিৰূদ্ধে তদন্তৰ নিৰ্দেশ দিছে। স্মৰ্তব্য যে, আৰিয়ানৰ গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছিল বলীউডৰ কেতবোৰ গোপন তথ্য।আৰিয়ানেই দিছে ইয়াৰ সম্ভেদ। অৱশ্যে,আৰক্ষীৰ জেৰাত অতীতত কৰি অহা ভুল দুনাই নকৰো বুলি আৰিয়ানে বজ্ৰকঠোৰ প্ৰতিজ্ঞা কৰিলেও মন গলাব পৰা নাই আদালতৰ। কাৰাগাৰাৰ বন্ধ কুঠৰীত পুত্ৰৰ সমান্তৰালকৈ ‘মন্নত’ৰ পৰাই ভাল দিনলৈ বাট চাইছে শ্বাহৰূখ-গৌৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক