--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সংহাৰী ক'ভিড-১৯ৰ বিৰুদ্ধে একত্ৰিতভাবে যুঁজ দিছে সমগ্ৰ দেশবাসীয়ে। যথাসম্ভৱ নীতি-নিৰ্দেশনা মানি চলিছে। সমগ্ৰ দেশযুৰি অব্যাহত আছে ক'ভিডৰ বিনামূলীয়া টীকাকৰণ। মাত্ৰ ৯ মাহত ১০০ কোটি টীকাকৰণ সম্পূৰ্ণ কৰা বুলি সগৌৰৱে দেশবাসীক সম্বোধি ভাষণ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আশ্চৰ্যজনক কথা যে এতিয়ালৈকে বিশ্ব স্বাস্থ্য সংস্থাৰ মান্যতা লাভ কৰা নাই 'কোভাক্সিন'-এ।

দেশৰ কোটি কোটি জনতাৰ দেহত ক'ভিড প্ৰতিষেধক কোভাক্সিন সুমুৱাই দিয়া হ'ল। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই বৰ্তমানেও মান্যতা প্ৰদান কৰা নাই কোভাক্সিনক। ভাৰত বায়'টেকে প্ৰস্তুত কৰা কোভাক্সিনে জৰুৰীকালীন ব্যৱধানৰ বাবে মান্যতা পোৱা নাই। ভাৰত বায়'টেকৰ পৰা স্পষ্টিকৰণ বিচাৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই। কাৰিকৰী দিশৰ স্পষ্টতা বিচৰা হৈছিল ভাৰত বায়'টেকৰ পৰা। ২৬ অক্টোবৰৰ ভিতৰত বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্টিকৰণ বিচাৰিছিল যদিও এইক্ষেত্ৰত অপাৰগ হয় ভাৰত বায়'টেক। স্পষ্টিকৰণৰ সময়সীমা ৩ নৱেম্বৰলৈ বৃদ্ধি কৰে ডব্লিউএইচঅ'ই। সেইমৰ্মে পুনৰ এসপ্তাহ অপেক্ষা কৰিব লাগিব কোভাক্সিনৰ মান্যতাৰ বাবে। ৩ নৱেম্বৰৰ ভিতৰত ভাৰত বায়’টেকে স্পষ্টীকৰণ দিব লাগিব। সমগ্ৰ তথ্য বিচাৰৰ পিছতহে সিদ্ধান্ত ল'ব বিশ্ব স্বাস্থ্য সংস্থাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন