--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সংহাৰী ক'ভিড-১৯ৰ বিৰুদ্ধে একত্ৰিতভাবে যুঁজ দিছে সমগ্ৰ দেশবাসীয়ে। যথাসম্ভৱ নীতি-নিৰ্দেশনা মানি চলিছে। সমগ্ৰ দেশযুৰি অব্যাহত আছে ক'ভিডৰ বিনামূলীয়া টীকাকৰণ। মাত্ৰ ৯ মাহত ১০০ কোটি টীকাকৰণ সম্পূৰ্ণ কৰা বুলি সগৌৰৱে দেশবাসীক সম্বোধি ভাষণ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আশ্চৰ্যজনক কথা যে এতিয়ালৈকে বিশ্ব স্বাস্থ্য সংস্থাৰ মান্যতা লাভ কৰা নাই 'কোভাক্সিন'-এ।

দেশৰ কোটি কোটি জনতাৰ দেহত ক'ভিড প্ৰতিষেধক কোভাক্সিন সুমুৱাই দিয়া হ'ল। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই বৰ্তমানেও মান্যতা প্ৰদান কৰা নাই কোভাক্সিনক। ভাৰত বায়'টেকে প্ৰস্তুত কৰা কোভাক্সিনে জৰুৰীকালীন ব্যৱধানৰ বাবে মান্যতা পোৱা নাই। ভাৰত বায়'টেকৰ পৰা স্পষ্টিকৰণ বিচাৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই। কাৰিকৰী দিশৰ স্পষ্টতা বিচৰা হৈছিল ভাৰত বায়'টেকৰ পৰা। ২৬ অক্টোবৰৰ ভিতৰত বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্টিকৰণ বিচাৰিছিল যদিও এইক্ষেত্ৰত অপাৰগ হয় ভাৰত বায়'টেক। স্পষ্টিকৰণৰ সময়সীমা ৩ নৱেম্বৰলৈ বৃদ্ধি কৰে ডব্লিউএইচঅ'ই। সেইমৰ্মে পুনৰ এসপ্তাহ অপেক্ষা কৰিব লাগিব কোভাক্সিনৰ মান্যতাৰ বাবে। ৩ নৱেম্বৰৰ ভিতৰত ভাৰত বায়’টেকে স্পষ্টীকৰণ দিব লাগিব। সমগ্ৰ তথ্য বিচাৰৰ পিছতহে সিদ্ধান্ত ল'ব বিশ্ব স্বাস্থ্য সংস্থাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক