--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰথমবাৰৰ বাবে মহিলাক পূজাৰীৰ ভূমিকা লোৱাৰ ক্ষেত্রত প্রশিক্ষণ দিয়া হৈছে জম্মু-কাশ্মীৰৰ এই ইতিহাসপ্রসিদ্ধ মন্দিৰটোত। শতিকাজুৰি থকা প্রতিবন্ধকতাৰ অৱসান ঘটাই এই যুৱতীসকলে মন্ত্ৰ উচ্চাৰণেৰে আৰতি কৰাৰ অভ্যাস কৰিছে।

ডিজিটেল ডেস্ক : গেৰুৱা বস্ত্ৰ পৰিধান কৰি হাতত চাকি-বন্তি লৈ এদল মহিলাই মন্ত্ৰ উচ্চাৰণেৰে আৰতি কৰিছে। জম্মুৰ ৰঘুনাথ মন্দিৰত এতিয়া দেখা পোৱা গৈছে এই আধ্যাত্মিক দৃশ্য। প্ৰথমবাৰৰ বাবে মহিলাক পূজাৰীৰ ভূমিকা লোৱাৰ ক্ষেত্রত প্রশিক্ষণ দিয়া হৈছে জম্মু-কাশ্মীৰৰ এই ইতিহাসপ্রসিদ্ধ মন্দিৰটোত। শতিকাজুৰি থকা প্রতিবন্ধকতাৰ অৱসান ঘটাই এই যুৱতীসকলে মন্ত্ৰ উচ্চাৰণেৰে আৰতি কৰাৰ অভ্যাস কৰিছে। ১৮৩৫ চনত নিৰ্মাণ কৰা মন্দিৰটোৱে ৰজাৰ সাম্রাজ্য, যুদ্ধ আৰু অগণিত শ্রদ্ধাৱান ভক্তৰ প্ৰাৰ্থনাৰ ইতিহাস বহন কৰি আহিছে। কিন্তু আজিৰ তাৰিখত প্রসিদ্ধ মন্দিৰটোৰ পৰিৱেশ সলনি হৈছে। 


সাধাৰণতে পুৰুষসকলে পূজাৰীৰ ভূমিকা পালন কৰি অহা দেখা যায়। কিন্তু শতিকাজুৰি থকা পৰম্পৰা ভংগ কৰি মহাৰাজা হৰি সিঙৰ আজো-নাতিবোৱাৰী কুঁৱৰৰাণী ৰিতু সিঙে এটা সাহসী পদক্ষেপ লৈ জনসাধাৰণক সন্মত কৰাইছে যে ৰঘুনাথ মন্দিৰত মহিলা পূজাৰীও হ'ব। ৰিতু সিঙে ব্যাখ্যা কৰা মতে, এই ধাৰণা পুৰুষক একাষৰীয়া কৰাৰ লক্ষ্য নহয়, শিৱ আৰু শক্তিৰ ধাৰণাক উদগনি দিয়াৰ বাবে এই ব্যতিক্রমী পদক্ষেপ লোৱা হৈছে। মন্দিৰত পূজা-অর্চনা আগবঢ়োৱাৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাই সম-অধিকাৰ পোৱাটো বাঞ্ছনীয় বুলি ৰিতু সিঙে মন্তব্য কৰে। 


সিঙে কয়, 'আমি যদি কুমাৰী পূজা, দেৱী পূজন কৰিব পাৰোঁ, তেনেহ'লে মহিলাক পূজা সম্পাদন কৰাৰ পৰা কিয় বিৰত ৰাখিব লাগে।' এবছৰ পূৰ্বে কুঁৱৰৰাণী ৰিতু সিঙে এই সাহসী পদক্ষেপ লৈছিল আৰু শতিকাজুৰি পুৰুষে পালন কৰি অহা এই মাংগলিক দায়িত্বৰ ভূমিকা মহিলাই ল'বলৈ প্রশিক্ষণ দিয়া আৰম্ভ কৰিছে। বৰ্তমান ১৫০গৰাকী যুৱতীয়ে ৰঘুনাথ মন্দিৰত পূজা-অর্চনা আগবঢ়োৱাৰ ক্ষেত্ৰত পূজাৰীৰ ভূমিকা লৈ আছে।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু