--°C
Loading...
Listen to Article
2 min read
80%

উত্তৰ প্ৰদেশঃ উত্তৰ প্ৰদেশত দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প। উল্লেখ্য যে, চলিত বৰ্ষৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ত এনচিআৰটি পাঠ্যক্ৰম ৰূপায়ন কৰিছে আদিত্যনাথ চৰকাৰে। পাঠ্যসূচী ৰূপায়নৰ মাজতে যোগী চৰকাৰে কেতবোৰ সূচী সালসলনি কৰা দেখবিলৈ পোৱা গৈছে। চৰকাৰে প্ৰণয়ন কৰা নতুন পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছুটি গল্পৰ ইংৰাজী অনুবাদ ‘দ্য হোম কামিং।’ তদুপৰি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ‘দ্য ওমেন এডুকেছন’ শীৰ্ষক প্ৰৱন্ধটিও প্ৰত্যাহাৰ কৰা হৈছে পাঠ্যপুথিৰ পৰা।


আনহাতে, কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰৰ সিদ্ধান্তমৰ্মে চৌধুৰী চৰণ সিংহ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ পাঠ্যক্ৰমত ৰামদেৱ ৰচিত ‘যোগ চিকিত্সাও ৰহস্য’ আৰু যোগী আদিত্যনাথৰ ‘হস্তযোগ স্বৰূপ আৰু সাধনা’ নামৰ কিতাপ দুখন নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে।ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মননশীল লেখা পাঠ্যপুথিৰ পৰা প্ৰত্যাহাৰ কৰাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশত। যোগী চৰকাৰৰ এনে পদক্ষেপক সমালোচনা কৰিছে বৌদ্ধিক আৰু বিদ্যায়তনিক মহলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ