--°C
Loading...
Listen to Article
2 min read
80%

উত্তৰ প্ৰদেশঃ উত্তৰ প্ৰদেশত দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প। উল্লেখ্য যে, চলিত বৰ্ষৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ত এনচিআৰটি পাঠ্যক্ৰম ৰূপায়ন কৰিছে আদিত্যনাথ চৰকাৰে। পাঠ্যসূচী ৰূপায়নৰ মাজতে যোগী চৰকাৰে কেতবোৰ সূচী সালসলনি কৰা দেখবিলৈ পোৱা গৈছে। চৰকাৰে প্ৰণয়ন কৰা নতুন পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছুটি গল্পৰ ইংৰাজী অনুবাদ ‘দ্য হোম কামিং।’ তদুপৰি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ‘দ্য ওমেন এডুকেছন’ শীৰ্ষক প্ৰৱন্ধটিও প্ৰত্যাহাৰ কৰা হৈছে পাঠ্যপুথিৰ পৰা।

আনহাতে, কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰৰ সিদ্ধান্তমৰ্মে চৌধুৰী চৰণ সিংহ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ পাঠ্যক্ৰমত ৰামদেৱ ৰচিত ‘যোগ চিকিত্সাও ৰহস্য’ আৰু যোগী আদিত্যনাথৰ ‘হস্তযোগ স্বৰূপ আৰু সাধনা’ নামৰ কিতাপ দুখন নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে।ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মননশীল লেখা পাঠ্যপুথিৰ পৰা প্ৰত্যাহাৰ কৰাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশত। যোগী চৰকাৰৰ এনে পদক্ষেপক সমালোচনা কৰিছে বৌদ্ধিক আৰু বিদ্যায়তনিক মহলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক