--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এখন বিশেষ বিপণী যিখন বিপণীৰ বিষয়ে জানিলে আপুনিও হয়তো আচৰিত হৈ পৰিব। ভগৱানৰ ভৰসাতে চলি থকা এখন বিপণী। বিপণীখনত নাই কোনো মালিক, কৰ্মচাৰী। মধ্য প্ৰদেশৰ জব্বলপুৰত আছে এই ব্যতিক্ৰমী বিপণীখন। 

আপুনি নিশ্চয় নিতৌ বিভিন্ন বিপণীলৈ যায় । আৰু তাত মালিক থকা দেখা পায়। কিন্তু মধ্য প্ৰদেশৰ জব্বলপুৰত থকা বিপণীখনত নাই কোনো মালিক। একমাত্ৰ ভগৱানেই সেই বিপণীখনৰ ভৰসা। বিপণীখন খুলিছিল এগৰাকী ভক্তই। ভক্তজনে বিপণীখন খুলিছিল ঠিকেই কিন্তু বিপণীখনত তেওঁ নিজেও নবহে বা কোনো কৰ্মচাৰীও নাই ।ভগৱানৰ ভৰসাতে বিপণীখন খুলি থৈ যায় আৰু তেনেকৈয়ে আজিলৈকে সুকলমে চলি আছে বিপণীখন।

ভক্তগৰাকীৰ ভগৱানৰ ওপৰত ইমানে বিশ্বাস যে তেওঁ গোটেই বিপণীখন ভগৱানৰ হাতত এৰি থৈ যায় । উল্লেখযোগ্য যে জব্বলপুৰৰ নেপিয়াৰ টাউনত বাস কৰা বিজয় পাণ্ডেই লাড়ুৰ ব্যৱসায় কৰে । বেছিভাগ লোকে তেওঁ প্ৰস্তুত কৰা লাড়ু ক্ৰয় কৰি নৈবেদ্য হিচাপে মন্দিৰলৈ লৈ যায় ।তেওঁৱে এই বিপণীখন আৰম্ভ কৰিছিল ।এদিন তেওঁৰ দোকানলৈ এজন গ্ৰাহক আহিছিল আৰু অতি দুখেৰে কৈছিল যে তেওঁৰ ওচৰত ধন নাই, কিন্তু তেওঁক লাডুৰ প্ৰয়োজন । সেই দৰিদ্ৰ লোকজনৰ দুৰ্দশা দেখি বিজয় পাণ্ডে মনলৈ চিন্তা আহিছিল যে যদি তেওঁৰ ঠাইত বিপণীত ভগৱান লাড্ডু গোপাল নিজে বহি থাকিলহেঁতেন তেনেহ'লে এই মানুহজনে ইমান সংকোচ নিশ্চয় নকৰিলেহেঁতেন ।আৰু সেই তেতিয়াৰে পৰা তেওঁ ভগৱানৰ ওপৰত ভৰসা কৰিয়েই বিপণীখন এনেদৰে এৰি থৈ যায়।

বিপণীখনত টকা ৰাখিবলৈ এটা বাকচ থোৱা আছে । গ্ৰাহকসকলে নিজে হিচাপ কৰি ধন বাকচটোত থৈ যাব পাৰে । আনহাতে আন এটা বাকটত খুচুৰা পইচা থাকে আৰু গ্ৰাহকে তাৰ পৰা ঘূৰাই পাবলগীয়া বাকীখিনি টকা লৈ যাব পাৰে । যিসকলৰ ধনৰ অভাৱ তেওঁলোকেও ইয়াৰ পৰা মিঠাই লৈ যাব পাৰে । যদি তেওঁলোকে ভাবে যে তেওঁলোকে পিছত পৰিশোধ কৰিব পাৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ