--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "নাটু নাটু" নহয়, কৰ্ণাটকত বিজেপিয়ে মুকলি কৰিলে "মোদী মোদী" গীতৰ নতুন সংস্কৰণ৷কৰ্ণাটকৰ গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে সাজু হোৱাৰ সময়তে মঙলবাৰে শাসকীয় বিজেপিয়ে তেলেগু ছবি ‘আৰ আৰ আৰ’ৰ অস্কাৰ বিজয়ী গীত ‘নাটু নাটু’ৰ নিজা সংস্কৰণ মুকলি কৰে। নিৰ্বাচনী প্ৰচাৰ গীতত ভাৰতীয় জনতা পাৰ্টিয়ে ‘নাটু নাটু’ গীতৰ ঠাইত ‘মোদী মোদী' গীতৰ কথা উল্লেখ কৰি ৰাজ্যত গেৰুৱা দলৰ সাফল্যৰ ওপৰত আলোকপাত কৰিছে।

ভিডিঅ’টোত একাংশ লোকে উল্লাসজনক গীত ‘নাটু নাটু' ৰ হুক ষ্টেপত এচিং কৰা দেখা গৈছে। বিগত তিনি বছৰত ৰাজ্যখনত বিজেপিৰ কাম-কাজ আৰু শিৱমোগ্গা বিমানবন্দৰ, বেংগালুৰু – মহীশূৰ এক্সপ্ৰেছৱে, মেট্ৰ’ লাইন, আৰু অন্যান্য আঁচনিৰ দৰে প্ৰকল্পৰ ওপৰত দলটোৱে প্ৰচাৰ গীতত গুৰুত্ব আৰোপ কৰিছে।

উল্লেখযোগ্য যে,২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন অহা ১০ মে’ত আৰু ফলাফল ঘোষণা হ’ব ১৩ মে’ত।এই নিৰ্বাচনী যুঁজখন মূলতঃ কংগ্ৰেছ, বিজেপি আৰু ৰাজ্যৰ জেডি(এছ)ৰ মাজত হ’ব।

ইফালে, কৰ্ণাটকত ১০ মে’ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ১৭৫ জনতকৈ অধিক বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা দিল্লীলৈ উভতি অহাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে চূড়ান্ত আলোচনাৰ অন্তত প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাই মঙলবাৰে প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক