--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নৱবৰ্ষৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ অৰলিন্সৰ সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা৷ নৱবৰ্ষৰ দিনা এখন গাড়ীয়ে এদল লোকক খুন্দা মৰাৰ ফলত দহজন লোক নিহত হোৱাৰ লগতে ৩০ জনলোক আহত হয়।

প্ৰতিবেদন অনুসৰি এই ঘটনা সংঘটিত হৈছে নিউ অৰলিন্সৰ বোৰ্বন ষ্ট্ৰীট আৰু আইবাৰভিলৰ সংযোগস্থলৰ ওচৰত পুৱা প্ৰায় ৩:১৫ বজাত এছ ইউ ভিখ বাহনে পথচাৰীক খুন্দা মাৰে।ইয়াৰ পাছতে বোৰ্বন ষ্ট্ৰীট বন্ধ কৰি দিয়া হৈছে আৰু জৰুৰীকালীন কৰ্মীসকল সেই স্থানত উপস্থিত হৈছে। জৰুৰীকালিন সেৱা সংস্থাই মানুহক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়ে।

প্ৰত্যক্ষদৰ্শীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি, বোৰ্বন ষ্ট্ৰীটত এখন ট্ৰাকে তীব্ৰ বেগত আহি এদল মানুহক খুন্দা মাৰে। ইয়াৰ পিছতে চালকে গাড়ীৰ পৰা ওলাই আহি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে আৰু আৰক্ষীয়ে প্ৰত্ত্যুতৰত গুলীচালনা কৰে।ছ’চিয়েল মিডিয়া চাইট এক্সত প্ৰকাশ পোৱা বাতৰি অনুসৰি এই দুৰ্ঘটনাত কমেও ১০ জন বা তাতকৈ অধিক লোকৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে ফ্ৰেঞ্চ কোৱাৰ্টাৰস্থিত বোৰ্বন ষ্ট্ৰীট নিউ অৰলিন্সৰ এক সুপৰিচিত পৰ্যটন স্থলী। বোৰ্বন ষ্ট্ৰীটৰ কাষত অনুষ্ঠিত হোৱা নৱবৰ্ষ উদযাপনৰ বাবে হাজাৰ হাজাৰ লোক উপস্থিত হোৱা বুলি কোৱা হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক