--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নৱবৰ্ষৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ অৰলিন্সৰ সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা৷ নৱবৰ্ষৰ দিনা এখন গাড়ীয়ে এদল লোকক খুন্দা মৰাৰ ফলত দহজন লোক নিহত হোৱাৰ লগতে ৩০ জনলোক আহত হয়।

প্ৰতিবেদন অনুসৰি এই ঘটনা সংঘটিত হৈছে নিউ অৰলিন্সৰ বোৰ্বন ষ্ট্ৰীট আৰু আইবাৰভিলৰ সংযোগস্থলৰ ওচৰত পুৱা প্ৰায় ৩:১৫ বজাত এছ ইউ ভিখ বাহনে পথচাৰীক খুন্দা মাৰে।ইয়াৰ পাছতে বোৰ্বন ষ্ট্ৰীট বন্ধ কৰি দিয়া হৈছে আৰু জৰুৰীকালীন কৰ্মীসকল সেই স্থানত উপস্থিত হৈছে। জৰুৰীকালিন সেৱা সংস্থাই মানুহক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়ে।

প্ৰত্যক্ষদৰ্শীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি, বোৰ্বন ষ্ট্ৰীটত এখন ট্ৰাকে তীব্ৰ বেগত আহি এদল মানুহক খুন্দা মাৰে। ইয়াৰ পিছতে চালকে গাড়ীৰ পৰা ওলাই আহি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে আৰু আৰক্ষীয়ে প্ৰত্ত্যুতৰত গুলীচালনা কৰে।ছ’চিয়েল মিডিয়া চাইট এক্সত প্ৰকাশ পোৱা বাতৰি অনুসৰি এই দুৰ্ঘটনাত কমেও ১০ জন বা তাতকৈ অধিক লোকৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে ফ্ৰেঞ্চ কোৱাৰ্টাৰস্থিত বোৰ্বন ষ্ট্ৰীট নিউ অৰলিন্সৰ এক সুপৰিচিত পৰ্যটন স্থলী। বোৰ্বন ষ্ট্ৰীটৰ কাষত অনুষ্ঠিত হোৱা নৱবৰ্ষ উদযাপনৰ বাবে হাজাৰ হাজাৰ লোক উপস্থিত হোৱা বুলি কোৱা হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ