--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৬৯ চনত এপ’ল’ ১১ হৈছে আমেৰিকাৰ প্ৰথমখন মহাকাশযান যিয়ে চন্দ্ৰপৃষ্ঠত উপনীত হৈছিল। মহাকাশযানখনত আছিল নীল আৰ্মষ্ট্ৰং, মাইকেল কলিন্স আৰু বাজ এলড্ৰিন। কিন্তু আপুনি জানেনে যে নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত ভৰি দিয়াৰ আগতেই তাত উপনীত হৈছিল বলীউডৰ চিনেমাৰ চৰিত্ৰ?

বলীউড চন্দ্ৰলৈ গৈছিল মহাকাশ বিজ্ঞানীৰ লগত নহয়, অভিনেতাৰ সৈতেহে। ১৯৬৭ চনত হিন্দী চলচ্চিত্ৰ জগতৰ কল্পবিজ্ঞান ধাৰাটোৰ প্ৰথমখন ছবি ‘চান্দ পাৰ চড়াই’ ছবিগৃহত মুক্তি লাভ কৰে। এখন মহাকাশযান আৰু দুজন মহাকাশচাৰীৰ চন্দ্ৰ যাত্ৰাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ‘চান্দ পাৰ চৰাই’ৰ মূল চিত্ৰনাট্য।

কল্পবিজ্ঞান চলচ্চিত্ৰ ‘চান্দ পাৰ চৰাই’ত আনন্দ আৰু তেওঁৰ সহ- মহাকাশচাৰী ভাগুৱে এখন মহাকাশযানত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে। চন্দ্ৰপৃষ্ঠত স্পৰ্শ কৰাৰ কিছু মুহূৰ্তৰ ভিতৰতে আনন্দ আৰু ভগুৱে বিভিন্ন বিপদৰ সন্মুখীন হয়। এলিয়েনৰ লগতে ৰবটৰ সৈতেও সংঘৰ্ষ হয়।

অভিনেতা দাৰা সিঙে ‘চান্দ পাৰ চৰাই’ ছবিখনত আনন্দৰ চৰিত্ৰত অভিনয় কৰিছিল। ভঘুৰৰ চৰিত্ৰত ভগৱান দাদাক দেখা গৈছিল। দাৰাৰ লগতে ‘চান্দ পাৰ চৰাই’ত অভিনয় কৰিছিল আনোৱাৰ হুছেইন আৰু বালিৰ অভিনেত্ৰী পদ্ম খান্নাই। 

ষাঠিৰ দশকত মুক্তি পাইছিল ‘চান্দ পাৰ চৰাই’। সেই সময়ত ইণ্টাৰনেটৰ আৱিষ্কাৰ হোৱা নাছিল। কিন্তু ছবিখনত সেই সময়ৰ তুলনাত বহু বেছি উন্নত প্ৰযুক্তি দেখুওৱা হৈছে। ‘চান্দ পাৰ চৰাই’ ছবিখনত ছিমি নামৰ এটা চৰিত্ৰই ভিডিঅ’ কল প্ৰযুক্তি ব্যৱহাৰ কৰি কথা পাতি থকা দেখা গৈছিল। কেৱল সেয়াই নহয়, ইয়াক চাবলৈ এই ছবিখনত বাকচ আকৃতিৰ বস্তু এটাও ব্যৱহাৰ কৰা হৈছে। বাকচৰ দৰে বস্তুটোৱে আমি ‘গুগল গ্লাছ’ ব্যৱহাৰ কৰি পোৱাৰ দৰেই কাম কৰি আছিল।

আধুনিক যুগত ব্যৱহৃত প্ৰিণ্টাৰ, স্ক্যানাৰ, ডিজিটেল কেমেৰা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰকাৰসমূহো ‘চান্দ পৰ চৰাই’ ছবিখনত দেখুওৱা হৈছে। পাঁচ দশকৰ পূৰ্বে মুক্তি পোৱা ‘চান্দ পৰ চড়াই’ ছবিখনত ইমেইল প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা প্ৰকাশ পাইছিল। কিন্তু ইয়াৰ বহু বছৰৰ পাছত ইণ্টাৰনেট আহিল।

টি পি সুন্দৰমৰ পৰিচালনাত মুক্তি লাভ কৰিছিল ছবিখন। এই ছবিখনৰ নিৰ্মাণৰ দায়িত্বও তেওঁ আছিল।  তথ্য অনুসৰি ‘চান্দ পাৰ চৰাই’ ছবিখনৰ চিত্ৰনাট্যৰ দায়িত্বত আছিল বাল্কৃষ্ণ মঞ্জ।

ইংৰাজীৰ লগতে হিন্দীতো মুক্তি লাভ কৰিছিল ছৱিখনে। কিন্তু ‘ট্ৰিপ টু মুন’ নামেৰে। চন্দ্ৰযানৰ কাহিনীৰ আধাৰত নিৰ্মিত বলীউডৰ প্ৰথমখন ছবি ‘চান্দ পাৰ চড়াই’। যদিও ছবিখনে বক্স অফিচত উপাৰ্জন কৰিব পৰা নাছিল, তথাপিও ছবিখনে মধ্যমীয়া ব্যৱসায় কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক