--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰিস্থিতি গম্ভীৰ হৈ থকা অৱস্থাতে শুক্ৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত হয় ইউক্ৰেইনত। যদিও ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাত চলি আছে ভাৰতবৰ্ষই দুই দেশৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে। ইউক্ৰেইনে ১৯৯১ চনত স্বাধীনতা লাভ কৰাৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন ভ্ৰমণ কৰা নাছিল। ভাৰত-ইউক্ৰেইনৰ বৈদেশিক সম্পৰ্কৰ ইতিহাসত প্ৰথম বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্ৰেইনত উপস্থিত হৈ ইতিহাস ৰচনা কৰে। ইউক্ৰেইনত চলি থকা সংঘাতৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু ইউক্ৰেইনৰ বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত মনোযোগ আকৰ্ষণ কৰিছে।

ৰাষ্ট্ৰপ্ৰধান জেলেনস্কি য়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ইউক্ৰেইন ভ্ৰমণত সন্তুষ্টি প্ৰকাশ কৰি কয় যে ‘বিশ্বৰ সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদক সমানে সন্মান কৰিব লাগে। ভাৰতে ইউক্ৰেইনৰ জাতীয় সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সমৰ্থন কৰি সাহসিকতাৰ পৰিচয় দিছে।’ উল্লেখযোগ্য যে ইউক্ৰেইনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে এক যৌথ সংবাদমেলত মিলিত হয় দুয়োগৰাকী নেতা।এই সংবাদমেলতে দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে চাৰিখনকৈ চুক্তি সম্পাদন কৰে৷

দুয়োজন নেতাই ভাৰত আৰু ইউক্ৰেইনৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰা, আৰু সামৰিক-কাৰিকৰী সহযোগিতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক যৌথ বিবৃতিত একমত প্ৰকাশ কৰে। এই বিবৃতিত দুয়োখন দেশৰ নেতা দুগৰাকীয়ে ভাৰত আৰু ইউক্ৰেইনৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে দ্বিপাক্ষিক বাণিজ্য বিকাশ, সামৰিক আৰু কাৰিকৰী সহযোগিতা গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাৰ হ’ব বুলি সহমত প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত দুয়োখন দেশৰ মাজত বিস্তৃত আলোচনা আশা প্ৰকাশ কৰিছে দুই দেশে৷

প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিবলৈ ভাৰত সদায় প্ৰস্তুত বুলি বক্তব্য দাঙি ধৰে। লগতে কয় যে ‘আমৰ সংস্কৃতি শান্তি আৰু অহিংসাৰ প্ৰতি দায়বদ্ধ সেয়ে আমি শান্তিৰ পক্ষ বাছি লৈছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু