--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰিস্থিতি গম্ভীৰ হৈ থকা অৱস্থাতে শুক্ৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত হয় ইউক্ৰেইনত। যদিও ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাত চলি আছে ভাৰতবৰ্ষই দুই দেশৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে। ইউক্ৰেইনে ১৯৯১ চনত স্বাধীনতা লাভ কৰাৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন ভ্ৰমণ কৰা নাছিল। ভাৰত-ইউক্ৰেইনৰ বৈদেশিক সম্পৰ্কৰ ইতিহাসত প্ৰথম বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্ৰেইনত উপস্থিত হৈ ইতিহাস ৰচনা কৰে। ইউক্ৰেইনত চলি থকা সংঘাতৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু ইউক্ৰেইনৰ বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত মনোযোগ আকৰ্ষণ কৰিছে।

ৰাষ্ট্ৰপ্ৰধান জেলেনস্কি য়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ইউক্ৰেইন ভ্ৰমণত সন্তুষ্টি প্ৰকাশ কৰি কয় যে ‘বিশ্বৰ সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদক সমানে সন্মান কৰিব লাগে। ভাৰতে ইউক্ৰেইনৰ জাতীয় সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সমৰ্থন কৰি সাহসিকতাৰ পৰিচয় দিছে।’ উল্লেখযোগ্য যে ইউক্ৰেইনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে এক যৌথ সংবাদমেলত মিলিত হয় দুয়োগৰাকী নেতা।এই সংবাদমেলতে দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে চাৰিখনকৈ চুক্তি সম্পাদন কৰে৷

দুয়োজন নেতাই ভাৰত আৰু ইউক্ৰেইনৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰা, আৰু সামৰিক-কাৰিকৰী সহযোগিতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক যৌথ বিবৃতিত একমত প্ৰকাশ কৰে। এই বিবৃতিত দুয়োখন দেশৰ নেতা দুগৰাকীয়ে ভাৰত আৰু ইউক্ৰেইনৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে দ্বিপাক্ষিক বাণিজ্য বিকাশ, সামৰিক আৰু কাৰিকৰী সহযোগিতা গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাৰ হ’ব বুলি সহমত প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত দুয়োখন দেশৰ মাজত বিস্তৃত আলোচনা আশা প্ৰকাশ কৰিছে দুই দেশে৷

প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিবলৈ ভাৰত সদায় প্ৰস্তুত বুলি বক্তব্য দাঙি ধৰে। লগতে কয় যে ‘আমৰ সংস্কৃতি শান্তি আৰু অহিংসাৰ প্ৰতি দায়বদ্ধ সেয়ে আমি শান্তিৰ পক্ষ বাছি লৈছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক