--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে অপহৰণ কৰা ইজৰাইলী মহিলা নোয়া আৰ্গামানিয়ে বন্দী অৱস্থাত তেওঁক প্ৰহাৰ কৰা আৰু চুলি কটাৰ অভিযোগ নাকচ কৰিছে। ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত দেৱাল ভাঙি আঘাতপ্ৰাপ্ত হোৱা বুলিও কয় আৰ্গামানিয়ে ৷হামাছে প্ৰায় ২৫১ জন লোকক বন্দী কৰি লৈছিল। ইজৰাইলৰ সেনাৰ তথ্য অনুসৰি, ৩৪জন মৃতকে ধৰি ১০৫জন লোক এতিয়াও গাজাৰ ভিতৰতে আছে।

৭ অক্টোবৰৰ এই আক্ৰমণত ইজৰাইলত প্ৰায় ১২০০ লোক নিহত হয়, য’ত বেছিভাগেই সাধাৰণ নাগৰিক। ইজৰাইলে বিগত দহ মাহত গাজাত বোমা বিস্ফোৰণ কৰাৰ ফলত ৪০ হাজাৰৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে বুলি গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।


চলিত সপ্তাহৰ আৰম্ভণিতে টকিঅ’ত ইজৰাইল আৰু জি-৭ দেশৰ কূটনীতিবিদসকলৰ সৈতে হোৱা বৈঠকৰ সময়ত শ্ৰীমতী আৰ্গামানীয়ে নিজৰ এই অধ্যায়ৰ কথা কয়। কিন্তু পিছত তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ কথাবোৰ বেয়া প্ৰসংগতহে লোৱা হ’ল ৷

তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘মই এই কথা আওকাণ কৰিব নোৱাৰো ৷ যোৱা ২৪ ঘণ্টাত ইজৰাইলৰ সংবাদ মাধ্যমে মোৰ লগত যি কৰিছে, মোৰ কথাবোৰ বেলেগ প্ৰসংগলৈ লৈ গৈ তেওঁলোকে কি বুজাব বিছাৰিছে ৷’

তেখেতে কয় যে, "মই বন্দী হৈ থকাৰ সময়ত আল কাছাম ব্ৰিগেডৰ সদস্যসকলে মোক প্ৰহাৰ কৰা নাছিল, চুলিও কটা নাছিল, ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত দেৱাল সৰি পৰাত মই আহত হৈছিলো।"

আৰ্গামানীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে "মোৰ বন্দীত্বৰ সময়ত মোক কোনেও আক্ৰমণ কৰা নাছিল, কিন্তু বিমান আক্ৰমণৰ পিছত মোৰ গোটেই শৰীৰত আঘাতপ্ৰাপ্ত হৈছিল।"

৭ অক্টোবৰৰ আক্ৰমণৰ সময়ত হামাছে নোভা সংগীত উৎসৱৰ পৰা অপহৰণ কৰা শতাধিক লোকৰ ভিতৰত আছিল ২৬ বছৰীয়া যুৱকজন।

যোৱা ৮ জুনত গাজাৰ নুছৰাত শৰণাৰ্থী শিবিৰত অভিযান চলাই ইজৰাইলৰ বিশেষ বাহিনীয়ে তেওঁক মুকলি কৰে । সংবাদ মাধ্যমৰ অনুসৰি আন তিনিজন লোক – আলমোগ মেইৰ জান (২২), আন্দ্ৰে ক’জলভ (২৭) আৰু শ্ল’মি জিভ (৪১)কো মুকলি কৰি দিয়া হৈছে।

নিজৰ পিতৃৰ সৈতে জাপান ভ্ৰমণৰ সময়ত আৰ্গামানীয়ে হামাছৰ উগ্ৰপন্থীয়ে বন্দী কৰি লোৱা সময়ৰ কথা মনত পেলাইছিল। "প্ৰতিটো নিশাই মই ভাবিছিলো যে এইটো মোৰ জীৱনৰ শেষ নিশা হ'ব পাৰে," তেওঁ কয়।

ইজৰাইল কৰ্তৃপক্ষই তেওঁক উদ্ধাৰ কৰাৰ সময়লৈকে শ্ৰীমতী আৰ্গামানীয়ে "বিশ্বাস কৰিব পৰা নাছিল যে তেওঁ এতিয়াও জীয়াই আছে
এ এফ পিয়ে তেওঁৰ উদ্ধৃতিৰে কয় যে, ‘এয়া এক অলৌকিক, কাৰণ মই ৭ অক্টোবৰত পুনৰ প্ৰাণ ঘূৰাই পালোঁ, এই বোমা বিস্ফোৰণৰ পৰা ৰক্ষা পৰিলোঁ, আৰু লগতে উদ্ধাৰ অভিযানৰ পৰাও ৰক্ষা পৰিলোঁ।

ইয়াৰ পূৰ্বে এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত মটৰ চাইকেলৰ পিছফালে বহি "মোক মাৰিব নালাগে" বুলি চিঞৰি থকা দেখা গৈছিল। ভিডিঅ’টোত তেওঁৰ প্ৰেমিক – অভিযন্তা অবিনাতন অৰকো বেলেগকৈ লৈ যোৱা দেখা গৈছে। অৱশ্যে তেওঁ স্পষ্ট কৰে  যে মুক্তি নোপোৱালৈকে এই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল।

'মোৰ প্ৰেমিক অবিনাতন এতিয়াও তাতেই আছে আৰু আমি তেওঁক অতি সোনকালেই ঘূৰাই আনিব লাগিব।'

মঙলবাৰে ইজৰাইলী সেনাই গাজাৰ দক্ষিণৰ বিভিন্ন সুৰংগত ছয়জন বন্দী লোকৰ মৃতদেহ উদ্ধাৰ কৰা বুলি জনায় ৷

গাজাত ইজৰাইলৰ বিমান আক্ৰমণে বসতিস্থল, চুবুৰী, চিকিৎসালয় আৰু বিদ্যালয়সমূহ ধ্বংস কৰিছে, সংকৰী পট্তীৰ প্ৰায় ২১ লাখ লোকৰ অধিকাংশই আভ্যন্তৰীণভাৱে স্থানচ্যুত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ