--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে অপহৰণ কৰা ইজৰাইলী মহিলা নোয়া আৰ্গামানিয়ে বন্দী অৱস্থাত তেওঁক প্ৰহাৰ কৰা আৰু চুলি কটাৰ অভিযোগ নাকচ কৰিছে। ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত দেৱাল ভাঙি আঘাতপ্ৰাপ্ত হোৱা বুলিও কয় আৰ্গামানিয়ে ৷হামাছে প্ৰায় ২৫১ জন লোকক বন্দী কৰি লৈছিল। ইজৰাইলৰ সেনাৰ তথ্য অনুসৰি, ৩৪জন মৃতকে ধৰি ১০৫জন লোক এতিয়াও গাজাৰ ভিতৰতে আছে।

৭ অক্টোবৰৰ এই আক্ৰমণত ইজৰাইলত প্ৰায় ১২০০ লোক নিহত হয়, য’ত বেছিভাগেই সাধাৰণ নাগৰিক। ইজৰাইলে বিগত দহ মাহত গাজাত বোমা বিস্ফোৰণ কৰাৰ ফলত ৪০ হাজাৰৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে বুলি গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।


চলিত সপ্তাহৰ আৰম্ভণিতে টকিঅ’ত ইজৰাইল আৰু জি-৭ দেশৰ কূটনীতিবিদসকলৰ সৈতে হোৱা বৈঠকৰ সময়ত শ্ৰীমতী আৰ্গামানীয়ে নিজৰ এই অধ্যায়ৰ কথা কয়। কিন্তু পিছত তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ কথাবোৰ বেয়া প্ৰসংগতহে লোৱা হ’ল ৷

তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘মই এই কথা আওকাণ কৰিব নোৱাৰো ৷ যোৱা ২৪ ঘণ্টাত ইজৰাইলৰ সংবাদ মাধ্যমে মোৰ লগত যি কৰিছে, মোৰ কথাবোৰ বেলেগ প্ৰসংগলৈ লৈ গৈ তেওঁলোকে কি বুজাব বিছাৰিছে ৷’

তেখেতে কয় যে, "মই বন্দী হৈ থকাৰ সময়ত আল কাছাম ব্ৰিগেডৰ সদস্যসকলে মোক প্ৰহাৰ কৰা নাছিল, চুলিও কটা নাছিল, ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত দেৱাল সৰি পৰাত মই আহত হৈছিলো।"

আৰ্গামানীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে "মোৰ বন্দীত্বৰ সময়ত মোক কোনেও আক্ৰমণ কৰা নাছিল, কিন্তু বিমান আক্ৰমণৰ পিছত মোৰ গোটেই শৰীৰত আঘাতপ্ৰাপ্ত হৈছিল।"

৭ অক্টোবৰৰ আক্ৰমণৰ সময়ত হামাছে নোভা সংগীত উৎসৱৰ পৰা অপহৰণ কৰা শতাধিক লোকৰ ভিতৰত আছিল ২৬ বছৰীয়া যুৱকজন।

যোৱা ৮ জুনত গাজাৰ নুছৰাত শৰণাৰ্থী শিবিৰত অভিযান চলাই ইজৰাইলৰ বিশেষ বাহিনীয়ে তেওঁক মুকলি কৰে । সংবাদ মাধ্যমৰ অনুসৰি আন তিনিজন লোক – আলমোগ মেইৰ জান (২২), আন্দ্ৰে ক’জলভ (২৭) আৰু শ্ল’মি জিভ (৪১)কো মুকলি কৰি দিয়া হৈছে।

নিজৰ পিতৃৰ সৈতে জাপান ভ্ৰমণৰ সময়ত আৰ্গামানীয়ে হামাছৰ উগ্ৰপন্থীয়ে বন্দী কৰি লোৱা সময়ৰ কথা মনত পেলাইছিল। "প্ৰতিটো নিশাই মই ভাবিছিলো যে এইটো মোৰ জীৱনৰ শেষ নিশা হ'ব পাৰে," তেওঁ কয়।

ইজৰাইল কৰ্তৃপক্ষই তেওঁক উদ্ধাৰ কৰাৰ সময়লৈকে শ্ৰীমতী আৰ্গামানীয়ে "বিশ্বাস কৰিব পৰা নাছিল যে তেওঁ এতিয়াও জীয়াই আছে
এ এফ পিয়ে তেওঁৰ উদ্ধৃতিৰে কয় যে, ‘এয়া এক অলৌকিক, কাৰণ মই ৭ অক্টোবৰত পুনৰ প্ৰাণ ঘূৰাই পালোঁ, এই বোমা বিস্ফোৰণৰ পৰা ৰক্ষা পৰিলোঁ, আৰু লগতে উদ্ধাৰ অভিযানৰ পৰাও ৰক্ষা পৰিলোঁ।

ইয়াৰ পূৰ্বে এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত মটৰ চাইকেলৰ পিছফালে বহি "মোক মাৰিব নালাগে" বুলি চিঞৰি থকা দেখা গৈছিল। ভিডিঅ’টোত তেওঁৰ প্ৰেমিক – অভিযন্তা অবিনাতন অৰকো বেলেগকৈ লৈ যোৱা দেখা গৈছে। অৱশ্যে তেওঁ স্পষ্ট কৰে  যে মুক্তি নোপোৱালৈকে এই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল।

'মোৰ প্ৰেমিক অবিনাতন এতিয়াও তাতেই আছে আৰু আমি তেওঁক অতি সোনকালেই ঘূৰাই আনিব লাগিব।'

মঙলবাৰে ইজৰাইলী সেনাই গাজাৰ দক্ষিণৰ বিভিন্ন সুৰংগত ছয়জন বন্দী লোকৰ মৃতদেহ উদ্ধাৰ কৰা বুলি জনায় ৷

গাজাত ইজৰাইলৰ বিমান আক্ৰমণে বসতিস্থল, চুবুৰী, চিকিৎসালয় আৰু বিদ্যালয়সমূহ ধ্বংস কৰিছে, সংকৰী পট্তীৰ প্ৰায় ২১ লাখ লোকৰ অধিকাংশই আভ্যন্তৰীণভাৱে স্থানচ্যুত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন