--°C
Loading...
Listen to Article
2 min read
80%

কিং খানে তেওঁৰ জনপ্ৰিয় ছবি 'কুছ কুছ হোতা হে'ৰ এটা সংলাপো তাত সংলগ্ন কৰি দিয়ে। শ্বাহৰুখে লিখিছিল, 'অ'টিটিৰ পৃথিৱীত কিবা এটা ঘটিব।'

ডিজিটেল ডেস্ক : অ'টিটিৰ পৃথিৱীত মনোৰঞ্জনৰ খোৰাক আৰু বাঢ়িব৷ ধামাক হ'ব৷ নৃত্য গানেৰে গুঞ্জৰিত হ'ব৷ কাৰণ এটাই-- এখন পোষ্টাৰ৷ বলীউডৰ অভিনেতা শ্বাহৰুখ খানে বুধবাৰে এখন পোষ্টাৰ শ্বেয়াৰ কৰে৷ পোষ্টাৰখনেৰে কিং খানে অ'টিটি প্লেটফৰ্মৰ নতুন প্ৰকল্পৰ কথা ঘোষণা কৰে৷ যাৰ ফলত উৎসাহিত হৈ পৰিছে অনুৰাগীসকল৷ অ'টিটিত তেওঁৰ নতুন প্ৰকল্প 'এছআৰকে+' নামেৰে আৰম্ভ কৰিবলৈ লোৱাৰ খবৰে আপ্লুত কৰি তুলিছে অনুৰাগীক৷ শ্বাহৰুখ খানৰ অ'টিটি প্লেটফৰ্ম কিং খানে তেওঁৰ জনপ্ৰিয় ছবি 'কুছ কুছ হোতা হে'ৰ এটা সংলাপো তাত সংলগ্ন কৰি দিয়ে। শ্বাহৰুখে লিখিছিল, 'অ'টিটিৰ পৃথিৱীত কিবা এটা ঘটিব।' প্ৰিয় অভিনেতাজনে অ'টিটি প্লেটফৰ্ম আত্মপ্ৰকাশৰ খবৰে সুখী কৰিছে অনুৰাগীক। এজন অনুৰাগীয়ে লিখিছে, 'কিং খানে এইবাৰ অ'টিটিৰ ওপৰতো ৰাজ কৰিব।' সকলো গভীৰ অপেক্ষাৰত শ্বাহৰুখৰ নতুন অৱতাৰৰ বাবে৷ অভিনেতা ছলমান খানেও শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে শ্বাহৰুখক৷ ছলমানে শ্বাহৰুখৰ টুইটটো শ্বেয়াৰ কৰি লখিছিল 'আজ কি পাৰ্টী তেৰি টৰফ ছে , নতুন অ'টিটি এপৰ বাবে শুভকামনা ভাই৷' লগতে কৰণ জোহৰ, আৰু অনুৰাগ কাশ্যপৰ দৰে ছবিজগতৰ সহযোগীসকলে তাৰকাগৰাকীৰ বাবে অভিনন্দন বাৰ্তা আৰু টুইট শ্বেয়াৰ কৰে। কেৱল এইটোৱেই নহয় অনুৰাগীসকল নতুন এপ্লিকেচনৰ বিষয়ে জানিবলৈ অতি উৎসাহিত আছিল। মঙলবাৰৰ পৰা, শ্বাহৰুখে অ'টিটিত এটা নতুন প্ৰকল্প আনিব নে তেওঁ এটা অ'টিটি এপ মুকলি কৰিব সেয়া জল্পনা-কল্পনা চলি আছে। শ্বাহৰুখ খানে হটষ্টাৰ এপত এটা বিজ্ঞাপন শ্বেয়াৰ কৰিছিল৷ তেওঁ কেৱল এই বিজ্ঞাপনটোৰ বাবে পোষ্টাৰখন শ্বেয়াৰ কৰিছিল। শ্বাহৰুখ খানৰ অ'টিটি প্লেটফৰ্ম আনন্দ এল ৰায়ৰ পৰিচালিত 'জিৰো'ত শেষবাৰৰ বাবে দেখা পোৱাৰ পাছৰে পৰা অনুৰাগীসকলে এছআৰকেক পুনৰ চাবলৈ অপেক্ষা কৰি আছে। আৰু বাতৰিটোৱে সকলোকে আচৰিত কৰি তুলিছিল ৷ কিছুমান ব্যৱহাৰকাৰী মন্তব্য এনেধৰণৰ নেটফ্লিক্স, আমাজন প্ৰাইমৰ সময় উকলিল৷ এতিয়া কিঙে ৰাজ কৰিব অ'টিটি ।       BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু