--°C
Loading...
Listen to Article
2 min read
80%

কিং খানে তেওঁৰ জনপ্ৰিয় ছবি 'কুছ কুছ হোতা হে'ৰ এটা সংলাপো তাত সংলগ্ন কৰি দিয়ে। শ্বাহৰুখে লিখিছিল, 'অ'টিটিৰ পৃথিৱীত কিবা এটা ঘটিব।'

ডিজিটেল ডেস্ক : অ'টিটিৰ পৃথিৱীত মনোৰঞ্জনৰ খোৰাক আৰু বাঢ়িব৷ ধামাক হ'ব৷ নৃত্য গানেৰে গুঞ্জৰিত হ'ব৷ কাৰণ এটাই-- এখন পোষ্টাৰ৷ বলীউডৰ অভিনেতা শ্বাহৰুখ খানে বুধবাৰে এখন পোষ্টাৰ শ্বেয়াৰ কৰে৷ পোষ্টাৰখনেৰে কিং খানে অ'টিটি প্লেটফৰ্মৰ নতুন প্ৰকল্পৰ কথা ঘোষণা কৰে৷ যাৰ ফলত উৎসাহিত হৈ পৰিছে অনুৰাগীসকল৷ অ'টিটিত তেওঁৰ নতুন প্ৰকল্প 'এছআৰকে+' নামেৰে আৰম্ভ কৰিবলৈ লোৱাৰ খবৰে আপ্লুত কৰি তুলিছে অনুৰাগীক৷ শ্বাহৰুখ খানৰ অ'টিটি প্লেটফৰ্ম কিং খানে তেওঁৰ জনপ্ৰিয় ছবি 'কুছ কুছ হোতা হে'ৰ এটা সংলাপো তাত সংলগ্ন কৰি দিয়ে। শ্বাহৰুখে লিখিছিল, 'অ'টিটিৰ পৃথিৱীত কিবা এটা ঘটিব।' প্ৰিয় অভিনেতাজনে অ'টিটি প্লেটফৰ্ম আত্মপ্ৰকাশৰ খবৰে সুখী কৰিছে অনুৰাগীক। এজন অনুৰাগীয়ে লিখিছে, 'কিং খানে এইবাৰ অ'টিটিৰ ওপৰতো ৰাজ কৰিব।' সকলো গভীৰ অপেক্ষাৰত শ্বাহৰুখৰ নতুন অৱতাৰৰ বাবে৷ অভিনেতা ছলমান খানেও শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে শ্বাহৰুখক৷ ছলমানে শ্বাহৰুখৰ টুইটটো শ্বেয়াৰ কৰি লখিছিল 'আজ কি পাৰ্টী তেৰি টৰফ ছে , নতুন অ'টিটি এপৰ বাবে শুভকামনা ভাই৷' লগতে কৰণ জোহৰ, আৰু অনুৰাগ কাশ্যপৰ দৰে ছবিজগতৰ সহযোগীসকলে তাৰকাগৰাকীৰ বাবে অভিনন্দন বাৰ্তা আৰু টুইট শ্বেয়াৰ কৰে। কেৱল এইটোৱেই নহয় অনুৰাগীসকল নতুন এপ্লিকেচনৰ বিষয়ে জানিবলৈ অতি উৎসাহিত আছিল। মঙলবাৰৰ পৰা, শ্বাহৰুখে অ'টিটিত এটা নতুন প্ৰকল্প আনিব নে তেওঁ এটা অ'টিটি এপ মুকলি কৰিব সেয়া জল্পনা-কল্পনা চলি আছে। শ্বাহৰুখ খানে হটষ্টাৰ এপত এটা বিজ্ঞাপন শ্বেয়াৰ কৰিছিল৷ তেওঁ কেৱল এই বিজ্ঞাপনটোৰ বাবে পোষ্টাৰখন শ্বেয়াৰ কৰিছিল। শ্বাহৰুখ খানৰ অ'টিটি প্লেটফৰ্ম আনন্দ এল ৰায়ৰ পৰিচালিত 'জিৰো'ত শেষবাৰৰ বাবে দেখা পোৱাৰ পাছৰে পৰা অনুৰাগীসকলে এছআৰকেক পুনৰ চাবলৈ অপেক্ষা কৰি আছে। আৰু বাতৰিটোৱে সকলোকে আচৰিত কৰি তুলিছিল ৷ কিছুমান ব্যৱহাৰকাৰী মন্তব্য এনেধৰণৰ নেটফ্লিক্স, আমাজন প্ৰাইমৰ সময় উকলিল৷ এতিয়া কিঙে ৰাজ কৰিব অ'টিটি ।       BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু