--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: টেষ্ট স্পেচিয়েলিষ্ট তথা ভাৰতীয় টেষ্ট দলৰ নিৰ্ভৰযোগ্য বেটাৰ চেতেশ্বৰ পূজাৰাই এইবাৰ চম্ভালিবলৈ আগবাঢ়িছে অধিনায়কৰ দৰে গধুৰ দায়িত্ব। দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকাৰ পিছত কাউণ্টি ক্ৰিকেটে আনি দিয়া বিশ্বাসৰ আধাৰতে শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে নিৰ্ণায়ক টেষ্টৰ বাবে ভাৰতীয় দললৈ ঘূৰি আহিছিল পূজাৰা। আৰু এইবাৰ কাউণ্টি ক্ৰিকেটেই অধিনায়ক হিচাপে পৰীক্ষা কৰিবলৈ আগবাঢ়িছে পূজাৰাক। কাউণ্টি ক্ৰিকেটত পূজাৰাই প্ৰতিনিধিত্ব কৰা চাচেক্স দলে পূজাৰাক আজি অধিনায়ক হিচাপে নিযুক্তি দিছে।

অৱশ্যে চাচেক্সৰ স্থায়ী অধিনায়ক হিচাপে নহয়, এগৰাকী অন্তৱৰ্তীকালীন অধিনায়ক হিচাপেহে দায়িত্ব চম্ভালিব পূজাৰাই। দলটোৰ নিয়মীয়া অধিনায়ক টম হেইনছৰ অনুপস্থিতিৰ বাবে পূজাৰাক এই দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখ্য যে যোৱা সপ্তাহত লিচেষ্টাৰশায়াৰৰ বিৰুদ্ধে বেটিং কৰাৰ সময়ত টম হেইনছে হাতত আঘাত পাইছিল। 

পিছত চিকিৎসা পৰীক্ষাৰ সময়ত হেইনছৰ হাতৰ হাড় ভঙা বুলি নিশ্চিত হয়। এনে পৰিস্থিতিত প্ৰায় ৫-৬ সপ্তাহৰ বাবে হেইনছ খেলপথাৰৰ বাহিৰত থাকিব লাগিব। সেয়ে ক্লাৱটোৰ মেনেজমেন্টে চেতেশ্বৰ পূজাৰাক আজি অন্তৱৰ্তীকালীন অধিনায়ক হিচাপে মনোনীত কৰে। 

উল্লেখ্য যে পূজাৰাই চলিত ছিজনত চাচেক্সৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন ধাঙি ধৰিছে। ছিজনটোত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ সকলৰ ভিতৰত পূজাৰা অন্যতম। চলিত কাউণ্টি চেম্পিয়নশ্বিপ ডিভিজন ২ ত খেলা ছয়খন মেচত ৭৫০ ৰো অধিক ৰাণ সংগ্ৰহ কৰিছে পূজাৰাই।

চাচেক্সৰ মুখ্য প্ৰশিক্ষক ইয়ান চেলিচবাৰীয়ে এক বিবৃতিত কয় যে টম হেইনছৰ অনুপস্থিতিত পূজাৰা অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ ক্ষেত্ৰত প্ৰথম পচন্দ হিচাপে বিবেচিত হৈছিল। ক্লাৱটোত যোগদান কৰাৰ পিছৰে পৰা পূজাৰা দলৰ এগৰাকী  অন্যতম লিডাৰ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি চেলিচবাৰীয়ে অধিনায়ক হিচাপেও পূজাৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে দুৰ্বল ফৰ্মৰ বাবে যোৱা বৰ্ষৰ পৰা ভাৰতীয় দলৰ বাহিৰত আছিল পূজাৰা। কিন্তু কাউণ্টি ক্ৰিকেটত চাচেক্সৰ হৈ শক্তিশালী প্ৰদৰ্শনৰ পাছত পুজাৰা এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টেষ্টৰ বাবে ভাৰতৰ প্লেয়িং ইলেভেনলৈ পুনৰ উভতি আহিছিল।

চলিত কাউণ্টি ছিজনৰ ছয়খন খেলত পূজাৰাই ১০৯.৪২ গড়ে ৭৬৬ ৰাণ সংগ্ৰহ কৰিছে। এই ছয়খন মেচত তেওঁৰ সৰ্বাধিক স্ক'ৰ হৈছে ২০৩ ৰান। ছিজনটোত নিৰ্ভৰযোগ্য বেটাৰগৰাকীয়ে চাৰিটা শতক অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু