--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: টেষ্ট স্পেচিয়েলিষ্ট তথা ভাৰতীয় টেষ্ট দলৰ নিৰ্ভৰযোগ্য বেটাৰ চেতেশ্বৰ পূজাৰাই এইবাৰ চম্ভালিবলৈ আগবাঢ়িছে অধিনায়কৰ দৰে গধুৰ দায়িত্ব। দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকাৰ পিছত কাউণ্টি ক্ৰিকেটে আনি দিয়া বিশ্বাসৰ আধাৰতে শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে নিৰ্ণায়ক টেষ্টৰ বাবে ভাৰতীয় দললৈ ঘূৰি আহিছিল পূজাৰা। আৰু এইবাৰ কাউণ্টি ক্ৰিকেটেই অধিনায়ক হিচাপে পৰীক্ষা কৰিবলৈ আগবাঢ়িছে পূজাৰাক। কাউণ্টি ক্ৰিকেটত পূজাৰাই প্ৰতিনিধিত্ব কৰা চাচেক্স দলে পূজাৰাক আজি অধিনায়ক হিচাপে নিযুক্তি দিছে।

অৱশ্যে চাচেক্সৰ স্থায়ী অধিনায়ক হিচাপে নহয়, এগৰাকী অন্তৱৰ্তীকালীন অধিনায়ক হিচাপেহে দায়িত্ব চম্ভালিব পূজাৰাই। দলটোৰ নিয়মীয়া অধিনায়ক টম হেইনছৰ অনুপস্থিতিৰ বাবে পূজাৰাক এই দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখ্য যে যোৱা সপ্তাহত লিচেষ্টাৰশায়াৰৰ বিৰুদ্ধে বেটিং কৰাৰ সময়ত টম হেইনছে হাতত আঘাত পাইছিল। 

পিছত চিকিৎসা পৰীক্ষাৰ সময়ত হেইনছৰ হাতৰ হাড় ভঙা বুলি নিশ্চিত হয়। এনে পৰিস্থিতিত প্ৰায় ৫-৬ সপ্তাহৰ বাবে হেইনছ খেলপথাৰৰ বাহিৰত থাকিব লাগিব। সেয়ে ক্লাৱটোৰ মেনেজমেন্টে চেতেশ্বৰ পূজাৰাক আজি অন্তৱৰ্তীকালীন অধিনায়ক হিচাপে মনোনীত কৰে। 

উল্লেখ্য যে পূজাৰাই চলিত ছিজনত চাচেক্সৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন ধাঙি ধৰিছে। ছিজনটোত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ সকলৰ ভিতৰত পূজাৰা অন্যতম। চলিত কাউণ্টি চেম্পিয়নশ্বিপ ডিভিজন ২ ত খেলা ছয়খন মেচত ৭৫০ ৰো অধিক ৰাণ সংগ্ৰহ কৰিছে পূজাৰাই।

চাচেক্সৰ মুখ্য প্ৰশিক্ষক ইয়ান চেলিচবাৰীয়ে এক বিবৃতিত কয় যে টম হেইনছৰ অনুপস্থিতিত পূজাৰা অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ ক্ষেত্ৰত প্ৰথম পচন্দ হিচাপে বিবেচিত হৈছিল। ক্লাৱটোত যোগদান কৰাৰ পিছৰে পৰা পূজাৰা দলৰ এগৰাকী  অন্যতম লিডাৰ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি চেলিচবাৰীয়ে অধিনায়ক হিচাপেও পূজাৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে দুৰ্বল ফৰ্মৰ বাবে যোৱা বৰ্ষৰ পৰা ভাৰতীয় দলৰ বাহিৰত আছিল পূজাৰা। কিন্তু কাউণ্টি ক্ৰিকেটত চাচেক্সৰ হৈ শক্তিশালী প্ৰদৰ্শনৰ পাছত পুজাৰা এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টেষ্টৰ বাবে ভাৰতৰ প্লেয়িং ইলেভেনলৈ পুনৰ উভতি আহিছিল।

চলিত কাউণ্টি ছিজনৰ ছয়খন খেলত পূজাৰাই ১০৯.৪২ গড়ে ৭৬৬ ৰাণ সংগ্ৰহ কৰিছে। এই ছয়খন মেচত তেওঁৰ সৰ্বাধিক স্ক'ৰ হৈছে ২০৩ ৰান। ছিজনটোত নিৰ্ভৰযোগ্য বেটাৰগৰাকীয়ে চাৰিটা শতক অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ